--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ছাত্র সংগঠনটোৰ এই বিশেষ দিনটোত সংগঠনটোৱে অসম-মেঘালয় ৰাজ্যৰ সীমান্তকেন্দ্রিক সমস্যাৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰাৰ লগতে আজিলৈকে দুই সীমান্তৱৰ্তী ৰাজ্যৰ মাজত স্থায়ী সমাধানসূত্ৰ উলিয়াব নোৱৰাত ক্ষোভ প্রকাশ কৰে।

ডিজিটেল ডেস্ক : দুই পাৰ্বত্য জিলা কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ বিভিন্ন প্রান্তত সোমবাৰে কাৰ্বি ছাত্ৰ সন্থাৰ ৬৬সংখ্যক প্রতিষ্ঠা দিৱসটো উলহ-মালহেৰে উদযাপন কৰা হয়। 'কাৰ্বি ষ্টুডেন্টছ ডে' হিচাপে উদযাপিত এই দিৱসটোত ছাত্ৰ সংগঠনটোৰ প্রয়াত তথা প্রবীণ সতীৰ্থসকলক সুঁৱৰি আয়োজন কৰা এইবাৰৰ প্ৰতিষ্ঠা দিৱসত কেতবোৰ বিশেষ বিষয়ত গুৰুত্ব প্রদান কৰা হয়। পশ্চিম কাৰ্বি আংলং জিলাৰ অসম-মেঘালয় সীমান্তৰ লাংহেমফিত সোমবাৰে ছাত্র সংগঠনটোৰ হামৰেণ আঞ্চলিক সমিতিৰ উদ্যোগতো বর্ণাঢ্য কাৰ্যসূচীৰে প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়।

অনুষ্ঠানৰ লগত সংগতি ৰাখি ছাত্র সংগঠনটোৰ সভাপতি প্রশান্ত ইংতিয়ে পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ইয়াৰ পাছতেই শীর্ষ সংগীত আৰু কে'ক্ কটা হয়। ছাত্র সংগঠনটোৰ এই বিশেষ দিনটোত সংগঠনটোৱে অসম-মেঘালয় ৰাজ্যৰ সীমান্তকেন্দ্রিক সমস্যাৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰাৰ লগতে আজিলৈকে দুই সীমান্তৱৰ্তী ৰাজ্যৰ মাজত স্থায়ী সমাধানসূত্ৰ উলিয়াব নোৱৰাত ক্ষোভ প্রকাশ কৰে। তদুপৰি, অতিশীঘ্ৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ আৰু অসম চৰকাৰক স্থায়ী সমাধান উলিয়াবৰ বাবে আহ্বান জনায়।

আনহাতে, শেহতীয়াকৈ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই অসম-মেঘালয় সীমান্তঞ্চলৰ অসম ভূমিৰ অন্তৰ্গত ব্লক-১ আৰু ব্লক-২ পুনৰ কাৰ্বি আংলঙক হস্তান্তৰ কৰিব লাগিব বুলি উল্লেখ কৰা বিষয়টোত সংগঠনটোৱে আশ্চর্য প্রকাশ কৰে। সংগঠনটোৰ নেতাই মন্তব্য কৰে যে ১৯৫১ চনতেই এই দুটা অঞ্চল কার্বি আংলঙক হস্তান্তৰ কৰাৰ পাছত পুনৰ হস্তান্তৰ কৰাৰ বিষয়টো এক হাস্যকৰ বিষয়। ইতিমধ্যে, অসম ভূমিৰ এই দুই অঞ্চল পুনঃ হস্তান্তৰৰ যোগেদি আকৌ অসমকেই প্ৰদান কৰা বিষয়টোৱে ইয়াৰে স্থানীয় ৰাইজক অপমান কৰা যেন অনুভৱ হৈছে বুলি সংগঠনটোৱে দাবী কৰে। তদুপৰি, অসম-মেঘালয় সীমান্তৰ পাঁচটাকৈ অঞ্চল মেঘালয়ক হস্তান্তৰ কৰিবলগীয়া হোৱা বিষয়টোক সংগঠনটোৱে গুৰুত্বসহকাৰে গ্ৰহণ কৰে।

বিষয়টোক কেন্দ্ৰ কৰি সংগঠনটোৱে কয় যে এই পাঁচটাকৈ অঞ্চলৰ ভিতৰত যদি আমাৰ পশ্চিম কাৰ্বি আংলং জিলাৰ অঞ্চল সংযোজিত হয় তেন্তে আমি ইয়াৰ বিৰুদ্ধে তীব্র আন্দোলন গঢ়ি তুলিম আৰু আমাৰ এক ইঞ্চি মাটিও মেঘালয়ক নিদিওঁ বুলি মন্তব্য কৰি বিষয়টো কার্বি আংলং স্বায়ত্তশাসিত পৰিষদ আৰু অসম চৰকাৰৰ দৃষ্টিগোচৰ কৰে। উল্লেখযোগ্য যে অনুষ্ঠানত পশ্চিম কাৰ্বি আংলং জিলাৰ আয়ুক্ত সাৰংগপাণি শর্মায়ো সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি ছাত্র সংগঠনটোৰ লগতে সামগ্রিক দিশত কার্বি জনগোষ্ঠী আগবাঢ়ি যোৱাৰ বাবে বিভিন্ন ইতিবাচক বিষয়ৰ ওপৰত সাৱলীল ভাষণ দিয়ে।

'আমাৰ এক ইঞ্চি মাটিও মেঘালয়ক নিদিওঁ'- কাৰ্বি ছাত্ৰ সন্থাৰ হুংকাৰ

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ