--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ছাত্র সংগঠনটোৰ এই বিশেষ দিনটোত সংগঠনটোৱে অসম-মেঘালয় ৰাজ্যৰ সীমান্তকেন্দ্রিক সমস্যাৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰাৰ লগতে আজিলৈকে দুই সীমান্তৱৰ্তী ৰাজ্যৰ মাজত স্থায়ী সমাধানসূত্ৰ উলিয়াব নোৱৰাত ক্ষোভ প্রকাশ কৰে।

ডিজিটেল ডেস্ক : দুই পাৰ্বত্য জিলা কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ বিভিন্ন প্রান্তত সোমবাৰে কাৰ্বি ছাত্ৰ সন্থাৰ ৬৬সংখ্যক প্রতিষ্ঠা দিৱসটো উলহ-মালহেৰে উদযাপন কৰা হয়। 'কাৰ্বি ষ্টুডেন্টছ ডে' হিচাপে উদযাপিত এই দিৱসটোত ছাত্ৰ সংগঠনটোৰ প্রয়াত তথা প্রবীণ সতীৰ্থসকলক সুঁৱৰি আয়োজন কৰা এইবাৰৰ প্ৰতিষ্ঠা দিৱসত কেতবোৰ বিশেষ বিষয়ত গুৰুত্ব প্রদান কৰা হয়। পশ্চিম কাৰ্বি আংলং জিলাৰ অসম-মেঘালয় সীমান্তৰ লাংহেমফিত সোমবাৰে ছাত্র সংগঠনটোৰ হামৰেণ আঞ্চলিক সমিতিৰ উদ্যোগতো বর্ণাঢ্য কাৰ্যসূচীৰে প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়।

অনুষ্ঠানৰ লগত সংগতি ৰাখি ছাত্র সংগঠনটোৰ সভাপতি প্রশান্ত ইংতিয়ে পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ইয়াৰ পাছতেই শীর্ষ সংগীত আৰু কে'ক্ কটা হয়। ছাত্র সংগঠনটোৰ এই বিশেষ দিনটোত সংগঠনটোৱে অসম-মেঘালয় ৰাজ্যৰ সীমান্তকেন্দ্রিক সমস্যাৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰাৰ লগতে আজিলৈকে দুই সীমান্তৱৰ্তী ৰাজ্যৰ মাজত স্থায়ী সমাধানসূত্ৰ উলিয়াব নোৱৰাত ক্ষোভ প্রকাশ কৰে। তদুপৰি, অতিশীঘ্ৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ আৰু অসম চৰকাৰক স্থায়ী সমাধান উলিয়াবৰ বাবে আহ্বান জনায়।

আনহাতে, শেহতীয়াকৈ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই অসম-মেঘালয় সীমান্তঞ্চলৰ অসম ভূমিৰ অন্তৰ্গত ব্লক-১ আৰু ব্লক-২ পুনৰ কাৰ্বি আংলঙক হস্তান্তৰ কৰিব লাগিব বুলি উল্লেখ কৰা বিষয়টোত সংগঠনটোৱে আশ্চর্য প্রকাশ কৰে। সংগঠনটোৰ নেতাই মন্তব্য কৰে যে ১৯৫১ চনতেই এই দুটা অঞ্চল কার্বি আংলঙক হস্তান্তৰ কৰাৰ পাছত পুনৰ হস্তান্তৰ কৰাৰ বিষয়টো এক হাস্যকৰ বিষয়। ইতিমধ্যে, অসম ভূমিৰ এই দুই অঞ্চল পুনঃ হস্তান্তৰৰ যোগেদি আকৌ অসমকেই প্ৰদান কৰা বিষয়টোৱে ইয়াৰে স্থানীয় ৰাইজক অপমান কৰা যেন অনুভৱ হৈছে বুলি সংগঠনটোৱে দাবী কৰে। তদুপৰি, অসম-মেঘালয় সীমান্তৰ পাঁচটাকৈ অঞ্চল মেঘালয়ক হস্তান্তৰ কৰিবলগীয়া হোৱা বিষয়টোক সংগঠনটোৱে গুৰুত্বসহকাৰে গ্ৰহণ কৰে।

বিষয়টোক কেন্দ্ৰ কৰি সংগঠনটোৱে কয় যে এই পাঁচটাকৈ অঞ্চলৰ ভিতৰত যদি আমাৰ পশ্চিম কাৰ্বি আংলং জিলাৰ অঞ্চল সংযোজিত হয় তেন্তে আমি ইয়াৰ বিৰুদ্ধে তীব্র আন্দোলন গঢ়ি তুলিম আৰু আমাৰ এক ইঞ্চি মাটিও মেঘালয়ক নিদিওঁ বুলি মন্তব্য কৰি বিষয়টো কার্বি আংলং স্বায়ত্তশাসিত পৰিষদ আৰু অসম চৰকাৰৰ দৃষ্টিগোচৰ কৰে। উল্লেখযোগ্য যে অনুষ্ঠানত পশ্চিম কাৰ্বি আংলং জিলাৰ আয়ুক্ত সাৰংগপাণি শর্মায়ো সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি ছাত্র সংগঠনটোৰ লগতে সামগ্রিক দিশত কার্বি জনগোষ্ঠী আগবাঢ়ি যোৱাৰ বাবে বিভিন্ন ইতিবাচক বিষয়ৰ ওপৰত সাৱলীল ভাষণ দিয়ে।

'আমাৰ এক ইঞ্চি মাটিও মেঘালয়ক নিদিওঁ'- কাৰ্বি ছাত্ৰ সন্থাৰ হুংকাৰ

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ