--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • সম্পূৰ্ণ কাম নোহোৱাকৈ এগৰাকী ঠিকাদাৰৰ বিল পাছ কৰিবলৈ দুয়োজনে হেঁচা প্ৰয়োগ কৰিছিল জ্যোশিতাক।

ডিজিটেল ডেস্ক : বঙাইগাঁৱত আত্মহত্যাৰ পথ বাছি ল'লে মহানগৰীৰ শিলপুখুৰীৰ কন্বাচলৰ জ্যোশিতা দাসে। বঙাইগাঁৱৰ জিলাৰ লোকনিৰ্মাণ বিভাগত কনিষ্ঠ অভিযন্তা হিচাপে কৰ্মৰত আছিল জ্যোশিতা।


বৰপাৰাৰ ভাৰাঘৰত চৰমপন্থা বাছি ল'লে জ্যোশিতায়ে।


মঙলবাৰে দিনৰ ভাগত ভাড়াঘৰত উদ্ধাৰ হৈছিল জ্যোশিতা দাসৰ মৃতদেহ। মৃতদেহৰ কাষত আৰক্ষীয়ে লাভ কৰিছে ছুইচাইড নোট।


য'ত উল্লেখ আছে কাৰ্যবাহী অভিযন্তা আৰু SDOৰ নাম। কাৰ্যবাহী অভিযন্তা আৰু SDO দুয়োজনে বঙাইগাঁৱৰ পৰা বদলি হোৱাৰ পাছতো মানসিক হাৰাশাস্তি কৰিছিল জ্যোশিতাক।


সম্পূৰ্ণ কাম নোহোৱাকৈ এগৰাকী ঠিকাদাৰৰ বিল পাছ কৰিবলৈ দুয়োজনে হেঁচা প্ৰয়োগ কৰিছিল জ্যোশিতাক। জ্যোশিতাই কেৱল ছুইচাইড নোটতেই নহয় সময়ে সময়ে আত্মীয়ক জনাইছিল সেই কথা।


আনকি বঙাইগাঁৱৰ পৰা বদলিৰ বাবেও কৰিছিল বাৰে বাৰে আবেদন। সোমবাৰে নিশা মাতৃক ফোন কৰি জনাইছিল সেই কথা।  শুকুবাৰে মাতৃক ঘৰলৈ অহাৰ কথা জনাইছিল জ্যোশিতাই।


ইতিমধ্যে পৰিয়ালৰ লোকে প্ৰদান কৰিছে ভাষ্য। দুৰ্নীতি নকৰা বাবে আজি তাইক আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱা হ'ল।


কাম নকৰাকৈ বিল পাছ কৰিবলৈ হেঁচা দিছিল জ্যোশিতাক।


ইতিমধ্যে কাৰ্যবাহী অভিযন্তা আৰু SDOক আটক কৰিছে আৰক্ষীয়ে। 


বঙাইগাঁও আৰক্ষীয়ে গুৱাহাটীৰ পৰা আটক কৰি লৈ গৈছে দুয়োকে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ