ডিজিটেল ডেস্ক : বঙাইগাঁৱত আত্মহত্যাৰ পথ বাছি ল'লে মহানগৰীৰ শিলপুখুৰীৰ কন্বাচলৰ জ্যোশিতা দাসে। বঙাইগাঁৱৰ জিলাৰ লোকনিৰ্মাণ বিভাগত কনিষ্ঠ অভিযন্তা হিচাপে কৰ্মৰত আছিল জ্যোশিতা।
বৰপাৰাৰ ভাৰাঘৰত চৰমপন্থা বাছি ল'লে জ্যোশিতায়ে।
মঙলবাৰে দিনৰ ভাগত ভাড়াঘৰত উদ্ধাৰ হৈছিল জ্যোশিতা দাসৰ মৃতদেহ। মৃতদেহৰ কাষত আৰক্ষীয়ে লাভ কৰিছে ছুইচাইড নোট।
য'ত উল্লেখ আছে কাৰ্যবাহী অভিযন্তা আৰু SDOৰ নাম। কাৰ্যবাহী অভিযন্তা আৰু SDO দুয়োজনে বঙাইগাঁৱৰ পৰা বদলি হোৱাৰ পাছতো মানসিক হাৰাশাস্তি কৰিছিল জ্যোশিতাক।
সম্পূৰ্ণ কাম নোহোৱাকৈ এগৰাকী ঠিকাদাৰৰ বিল পাছ কৰিবলৈ দুয়োজনে হেঁচা প্ৰয়োগ কৰিছিল জ্যোশিতাক। জ্যোশিতাই কেৱল ছুইচাইড নোটতেই নহয় সময়ে সময়ে আত্মীয়ক জনাইছিল সেই কথা।
আনকি বঙাইগাঁৱৰ পৰা বদলিৰ বাবেও কৰিছিল বাৰে বাৰে আবেদন। সোমবাৰে নিশা মাতৃক ফোন কৰি জনাইছিল সেই কথা। শুকুবাৰে মাতৃক ঘৰলৈ অহাৰ কথা জনাইছিল জ্যোশিতাই।
ইতিমধ্যে পৰিয়ালৰ লোকে প্ৰদান কৰিছে ভাষ্য। দুৰ্নীতি নকৰা বাবে আজি তাইক আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱা হ'ল।
কাম নকৰাকৈ বিল পাছ কৰিবলৈ হেঁচা দিছিল জ্যোশিতাক।
ইতিমধ্যে কাৰ্যবাহী অভিযন্তা আৰু SDOক আটক কৰিছে আৰক্ষীয়ে।
বঙাইগাঁও আৰক্ষীয়ে গুৱাহাটীৰ পৰা আটক কৰি লৈ গৈছে দুয়োকে।