--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • যি সময়ত অসম চৰকাৰে মেঘালয়ৰ সৈতে সীমা সমস্যা সমাধানৰ বাবে চুক্তি স্বাক্ষৰ কৰিছে, সেই সময়তে বশিষ্ঠৰ পিলিংকাটা অঞ্চলত সীমা বিবাদ তুংগত উঠিছে।

ডিজিটেল ডেস্কঃ দিছপুৰৰ পৰা মাত্ৰ কেইকিল'মিটাৰমান দূৰৈতে সীমাক লৈ উত্তপ্ত হ'ল অসম-মেঘালয় সীমান্ত। যি সময়ত অসম চৰকাৰে মেঘালয়ৰ সৈতে সীমা সমস্যা সমাধানৰ বাবে চুক্তি স্বাক্ষৰ কৰিছে, সেই সময়তে বশিষ্ঠৰ পিলিংকাটা অঞ্চলত সীমা বিবাদ তুংগত উঠিছে। জানিব পৰা মতে বৈঠকত নগালেণ্ডৰ উপ-মুখ্যমন্ত্ৰী টি আৰ জেলিয়াং, এন ডি পি পিৰ সভাপতি চিংগৱাং কন্যাক আৰু উপ-সভাপতি কছেমটং লংকুমাও উপস্থিত আছিল।


বৈঠকত অসম আৰু নগালেণ্ডৰ আঞ্চলিক শক্তি সন্দৰ্ভত আলোচনা কৰা হয়। বৈঠক সন্দৰ্ভত অগপৰ সভাপতি অতুল বৰাই কয়, 'প্রবীণ ৰাজনীতিক ৰিঅ' ডাঙৰীয়াই নগালেণ্ডত শান্তি আৰু উন্নয়নৰ গতি ত্বৰান্বিত কৰাৰ দিশত এক নতুন যুগৰ সূচনা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। তেখেতৰ বলিষ্ঠ নেতৃত্বত ৰাজ্যখনলৈ নতুন যোগাত্মক পৰিৱৰ্তন অহাই নহয়, চুবুৰীয়া অসমৰ সৈতে সদিচ্ছাৰ বান্ধোন, আঞ্চলিক সম্প্রীতি আৰু উত্তৰণ তথা পাৰস্পৰিক সম্পৰ্ক অধিক সুদৃঢ় হৈছে।


অসম আৰু অসমৰ জনসাধাৰণৰ শুভাকাংক্ষী ৰিঅ' ডাঙৰীয়াৰ সৈতে দশক পুৰণি বন্ধুত্বক আমি অসম গণ পৰিষদেও সদায়েই মর্যাদা আৰু সন্মান দি আহিছোঁ।' আনহাতে, বিনন্দীয়া প্রাকৃতিক সৌন্দর্য, অতুলনীয় সাংস্কৃতিক ঐতিহ্যৰে পৰিপূৰ্ণ, অতিথিপৰায়ণ নগালেণ্ডৰ সৈতে অসমৰ সম্পৰ্ক যুগমীয়া বুলি উল্লেখ কৰি তেওঁ কয় যে নগা আৰু অসমীয়াৰ মাজত থকা ইতিহাস, সাংস্কৃতিক আৰু ভৌগোলিক সম্পৰ্কৰ গভীৰ শিপা সময়ৰ লগে লগে অধিক সুদৃঢ় হৈ আহিছে। অগপৰ সভাপতিগৰাকীৰ মতে, আজিৰ এই সাক্ষাৎ সৌজন্যতামূলক সাক্ষাৎ আছিল।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ