--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • উল্লেখযোগ্য যে অসমৰ সু-সন্তান, স্বাধীনতা সংগ্ৰামৰ বীৰযোদ্ধা তথা বিশ্বৰ প্ৰথমজন ব্যাৱসায়িক চাহ খেতিয়কৰূপে আখ্যা পোৱা মণিৰাম দেৱানে আৰম্ভ কৰি যোৱা চাহ খেতি পৰৱৰ্তী সময়ত সুদূৰ সাত সাগৰ তেৰ নদীৰ সিপাৰৰ পৰা অহা ইংৰাজসকলে বাণিজ্যিক ভিত্তিত উৎপাদন আৰম্ভ কৰিছিল।

ডিজিটেল ডেস্ক : বিগত ২০১৪ চনৰ পৰাই প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত তৃতীয়টো কার্যকালৰ বাবে কেন্দ্ৰীয় চৰকাৰে দেশবাসীক শাসন কৰি আহিছে। এই সময়ছোৱাতে প্ৰধানমন্ত্ৰীয়ে অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যকে অষ্টলক্ষ্মীৰ আখ্যাৰে বিভূষিত কৰি দীৰ্ঘদিন ধৰি উত্তৰ-পূর্বাঞ্চলক কেন্দ্রই বঞ্চনা কৰি অহাৰ যি অভিযোগ আছে, সেই অভিযোগক বিজেপিয়ে নস্যাৎ কৰি কেন্দ্ৰীয় চৰকাৰ প্ৰকৃতপক্ষেই যে উঃ-পূঃৰ বাবে দায়বদ্ধ, তাকো প্রতিপন্ন কৰিবলৈ চেষ্টা কৰি আহিছে।


প্ৰধানমন্ত্ৰীৰ মুখত অষ্টলক্ষ্মীৰ আখ্যা পোৱা অসম তথা উঃ-পূঃৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰ প্ৰকৃততে এই অঞ্চলটোৰ প্রাকৃতিক সম্পদক লৈহে যে দায়বদ্ধ, সেই কথাও বিগত সময়ত বৃহত্তৰ অঞ্চলটোৰ ৰাজ্যসমূহৰ বাসিন্দাসকলৰ জনমতক উলাই কৰি গ্ৰহণ কৰা কেতবোৰ জনবিৰোধী নীতি বা সিদ্ধান্তই স্পষ্ট কৰি তুলিছে। এই প্ৰসংগতে শতবর্ষ সম্পূৰ্ণ কৰি সম্প্ৰতি ১১৪ বছৰত ভৰি দিয়া বিশ্ব প্রসিদ্ধ টোকোলাই চাহ গৱেষণা প্রতিষ্ঠানটোৰ প্ৰতি অষ্টলক্ষ্মীৰ আখ্যাৰে সততে অসমলৈ দৰদ দেখুওৱা প্রধানমন্ত্রী মোদী কিম্বা কেন্দ্রীয় চৰকাৰৰ অৱজ্ঞা তথা চৰম অৱহেলা প্ৰসংগকেই উনুকিয়াব পাৰি।


উল্লেখযোগ্য যে অসমৰ সু-সন্তান, স্বাধীনতা সংগ্ৰামৰ বীৰযোদ্ধা তথা বিশ্বৰ প্ৰথমজন ব্যাৱসায়িক চাহ খেতিয়কৰূপে আখ্যা পোৱা মণিৰাম দেৱানে আৰম্ভ কৰি যোৱা চাহ খেতি পৰৱৰ্তী সময়ত সুদূৰ সাত সাগৰ তেৰ নদীৰ সিপাৰৰ পৰা অহা ইংৰাজসকলে বাণিজ্যিক ভিত্তিত উৎপাদন আৰম্ভ কৰিছিল। বিভিন্ন উৎসৰ তথ্য অনুসৰি ইংৰাজসকলে বৈজ্ঞানিক গবেষণালব্ধ জ্ঞানেৰে চাহ উদ্যোগলৈ পৰিৱৰ্তন অনাৰ প্রয়াসেৰে ১৮৯৭ চনত কলিকতাত, ১৯০১ চনত মৰিয়নিৰ সমীপৰ শিলিখা চাহ বাগিচাত আৰু অৱশেষত ১৯১১ চনত যোৰহাট চিনামৰাত স্থায়ীভাৱে পৃথিৱীৰ ভিতৰতে প্রাচীন আৰু বিশ্বৰ একমাত্ৰ চাহ গৱেষণা টোকোলাই চাহ গৱেষণা প্রতিষ্ঠান স্থাপন কৰিছিল। চাহ শিল্পৰ সর্বাংগীণ উন্নতিত অভূতপূর্ব অৱদান আগবঢ়োৱাৰ লগতে এই অনুষ্ঠান হৈ পৰিছিল দেশী-বিদেশী পর্যটক, গৱেষণা তথা শিক্ষার্থী আৰু শিক্ষানুৰাগীৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু, যাক লৈ সমগ্ৰ অসমৰ লগতে যোৰহাটবাসী আজিও গৌৰৱান্বিত।


আনহাতে, সমগ্ৰ ভাৰততে যিমানবিলাক বিভিন্ন বিষয়ৰ গৱেষণা প্ৰতিষ্ঠান আছে, সেই সকলোবোৰেই কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগৰ দ্বাৰা প্রত্যক্ষভাবে পুঁজি লাভ কৰি আহিছে। তদুপৰি কফি ব'ৰ্ড, ৰাবাৰ ব'ৰ্ড, ছিল্ক ব'র্ড, স্পাইচ ব'র্ড আদি যিমানবোৰ commoduity board আছে, সকলো ব'ৰ্ডৰে গৱেষণা কেন্দ্ৰবোৰ ব'ৰ্ড গঠন হোৱাৰ পাছত স্থাপন হৈছিল। কিন্তু চাহ গৱেষণা কেন্দ্র (বর্তমান প্রতিষ্ঠান) প্রতিষ্ঠা হৈছিল চাহ ব'ৰ্ড গঠনৰ বহু বছৰৰ আগতেই। সেয়ে ভাৰতীয় চাহ ব'র্ডে আজিকোপতি টোকোলাই চাহ গৱেষণা প্ৰতিষ্ঠানক চৰকাৰী স্বীকৃতিয়েই প্ৰদান নকৰিলে। অথচ টোকোলাই চাহ গৱেষণা প্ৰতিষ্ঠানৰ সমসাময়িক ডেৰাডুনৰ বন গৱেষণা কেন্দ্রকে আদি কৰি এনে আন সকলো প্রতিষ্ঠান বহু বছৰৰ আগতেই চৰকাৰীকৰণ হ'ল যদিও অসম তথা উত্তৰ-পূৰ্বাঞ্চলত অৱস্থিত হোৱাৰ বাবেই টোকোলাই চাহ গৱেষণা প্ৰতিষ্ঠান আজি কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টিগোচৰলৈ নাহিল।


ইফালে দেশৰ চাহ উদ্যোগলৈ প্রভূত বৰঙনি আগবঢ়োৱা তথা টোকোলাই চাহ গৱেষণা প্রতিষ্ঠানৰ গৱেষণাৰ জৰিয়তেই বিশ্বৰ গৰিষ্ঠসংখ্যক দেশলৈ ৰপ্তানি কৰা চাহৰ পৰা ভাৰতে বুজন পৰিমাণৰ বৈদেশিক মুদ্রা আহৰণ কৰি আহিছে। এনে বৈদেশিক মুদ্ৰাৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে দেশবাসীৰ আর্থ-সামাজিক উন্নয়ন সাধিবলৈও ভিন্ন দিশত সম্ভৱ হৈছে। কিন্তু যিটো প্ৰতিষ্ঠানৰ পৰা দেশে বৈদেশিক মুদ্রা আহৰণৰ জৰিয়তে ৰাজকোষলৈ কিঞ্চিত হ'লেও বৰঙনি আগবঢ়াই আহিছে, সেই প্রতিষ্ঠানৰ প্ৰতি প্ৰকৃতাৰ্থত যে কেন্দ্রীয় চৰকাৰৰ কোনো অনুকম্পা নাই, সেই কথা সাম্প্রতিক সময়ত অতি শোচনীয় অৱস্থালৈ গতি কৰা টোকোলাই চাহ গৱেষণা প্রতিষ্ঠানেই প্ৰমাণ কৰি দিছে।


ইয়াৰ পাছতো অসম তথা উত্তৰ-পূৰ্বাঞ্চলক অষ্টলক্ষ্মীৰ আখ্যা দিয়া প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ কেন্দ্ৰীয় চৰকাৰখনে অসমৰ উন্নয়ন, উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰগতি, বিকাশৰ বাবে আমি দায়বদ্ধ বুলি সদম্ভে ঘোষণা কৰি থকাৰ অন্তৰালত চৰকাৰ গঠনত সহায় কৰা বৃহৎ বণিক গোষ্ঠীক উঃ-পূঃৰ সম্পদ আহৰণৰ বাট মুকলি কৰি দিয়াতহে যে তেওঁলোক দায়বদ্ধ, সেই কথাবোৰ এতিয়া বুজিবলৈ বাকী আছেনে? তেনেদৰে দিল্লীৰ নিয়ন্ত্ৰণ আৰু কলকাতাৰ বৃহৎ চাহ লবীৰ হাতোৰাত ঐতিহ্যবাহী টোকোলাই চাহ গৱেষণা প্রতিষ্ঠানলৈ আগবঢ়োৱা পুঁজি কেনেদৰে গভীৰ চক্ৰান্তৰ কবলত পৰি কৰ্তন কৰা হয়, সেই বিষয়েও পৰৱৰ্তী প্রতিবেদনত সবিস্তাৰে প্ৰকাশ কৰা হ'ব।


উৎস: দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাৰ বায়ুসেনাৰ শীৰ্ষ পদত অসম সন্তান মনজিত বৰ্মন
অসমত থকাৰ বাবেই কেন্দ্ৰীয় চৰকাৰৰ স্বীকৃত নহ'ল টোকোলাই চাহ গৱেষণা কেন্দ্র
আজি পৱিত্ৰ গুৰু পূৰ্ণিমা, আজিৰে পৰা কপাল ফুলিব এইকেইটা ৰাশিৰ ভাগ্য
ভাৰতলৈ সুখবৰ ! ভাৰতীয় মূলৰ ছাবিহ খানক এপ'লৰ নতুন COO হিচাপে নিযুক্তি
ত্ৰাণকৰ্তা ৰকী! এটা কুকুৰৰ বাবে প্ৰাণৰক্ষা পৰিল ৬৭জনৰ
পুনৰ প্ৰাণ পাই উঠিল ৱুলাৰ হ্ৰদ! ৩০ বছৰৰ পাছত আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদটোত ফুলি উঠিল পদুম
বিলাসীপাৰাত চলিব অসম ইতিহাসৰ অন্যতম সৰ্ববৃহৎ উচ্ছেদ অভিযান
ৰাজ্যত আগন্তুক ৫ দিনলৈ আহিব বৰষুণ
২১ জুলাইৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন
এমাহৰ ভিতৰতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ চূড়ান্ত বৰ্ষৰ ফলাফল ঘোষণা
প্ৰটিন দেহত কমিলে নানা ক্ষতি হয়! জানি লওক সৱিশেষ
আত্মনিৰ্ভৰশীলতাৰ নিদৰ্শন দাঙি ধৰিলে ডিগবৈৰ পাঁচ গৰাকী উদ্যমী মহিলাই
আমেৰিকাৰ ছিকাগ’ত তিনিদিনীয়া বিশেষ কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে অসম অভিৱৰ্তন ২০২৫
এইবাৰ মহিলাই নেতৃত্ব দিব বিজেপিক, দক্ষিণৰ তিনিগৰাকী নেত্ৰীৰ নাম চৰ্চাত