--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লী বিধানসভাত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ শনিবাৰে বিয়লি আস্থা ভোটৰ সন্মুখীন হ’ব মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। ইয়াৰ পূৰ্বে পুৱা তেওঁ ৰাউজ এভিনিউ ক’ৰ্টত ভাৰ্চুৱেলী হাজিৰ হয়।

দিল্লী আবকাৰী দুৰ্নীতিৰ গোচৰত পঞ্চমবাৰৰ বাবে ইডিৰ চমনৰ পৰা হাত সাৰিলে কেজৰিৱালে। ইডিয়ে তেওঁৰ বিৰুদ্ধে আদালতৰ কাষ চাপিছিল। ৩ ফেব্ৰুৱাৰীত দিল্লীৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে তদন্তত সহযোগ নকৰাৰ অভিযোগ উত্থাপন কৰি এই আৱেদন দাখিল কৰা হৈছিল। যোৱা ৭ ফেব্ৰুৱাৰীত গোচৰৰ শুনানিৰ সময়ত ন্যায়াধীশ দিব্যা মালহোত্ৰাই শনিবাৰে আম আদমি পাৰ্টীৰ মুৰব্বীক আদালতত হাজিৰ হৈ উত্তৰ দিবলৈ নিৰ্দেশ দিয়ে।

প্ৰসংগক্ৰমে এই সময়ছোৱাতে দিল্লী আবকাৰী দুৰ্নীতিৰ গোচৰত সোধা-পোছাৰ বাবে ইডিয়ে তেওঁৰ ওচৰলৈ ষষ্ঠ চমন প্ৰেৰণ কৰিছিল। ১৯ ফেব্ৰুৱাৰী (সোমবাৰ)ত চমনত হাজিৰ হ’বলৈ ইডি কাৰ্যালয়ক নিৰ্দেশ দিয়া হৈছে। এনে পৰিস্থিতিত শনিবাৰে পুৱা ভাৰ্চুৱেল শুনানিত হাজিৰ কেজৰিৱালে কয় যে দিল্লী বিধানসভাত আস্থা ভোটৰ বাবে তেওঁ ব্যক্তিগতভাৱে আদালতত উপস্থিত হ’ব পৰা নাই। ১৬ মাৰ্চত আদালতত হাজিৰ হ’বলৈ অনুমতি দিছে আদালতে। অধিবক্তাৰ এটা অংশই বিশ্বাস কৰে যে দিল্লীৰ মুখ্যমন্ত্ৰীয়ে আদালতৰ ‘ৰেহাই পত্ৰ’ ব্যৱহাৰ কৰি ইডিৰ ষষ্ঠ চমনৰ পৰা হাত সাৰিব।

প্ৰসংগক্ৰমে শুকুৰবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে হঠাৎ আস্থা ভোটৰ কথা ঘোষণা কৰে। আপৰ বিধায়কৰ এটা অংশ ক্ৰয় কৰি বিজেপিয়ে তেওঁৰ চৰকাৰ উফৰাই পেলাবলৈ চেষ্টা কৰিছে বুলিও তেওঁ উল্লেখ কৰে। লগতে কমেও ৭জন আপ বিধায়কৰ সৈতে বিজেপিয়ে যোগাযোগ কৰি ২৫ কোটি টকাৰ উৎকোচ দিয়াৰ অভিযোগ উত্থাপন কৰে। ৭০ আসনৰ দিল্লী বিধানসভাত সংখ্যাগৰিষ্ঠতাৰ বাবে প্ৰয়োজন ৩৬ বিধায়কৰ সমৰ্থন। বিজেপিৰ মাত্ৰ ৮ জন বিধায়ক। ৬২জন আপৰ। এনে পৰিস্থিতিত একাংশ ৰাজনৈতিক বিশ্লেষকে ভাবে যে বিজেপিয়ে ২৮ জন আপ বিধায়কক দলত টানি অনাটো অসম্ভৱ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী