--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লী বিধানসভাত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ শনিবাৰে বিয়লি আস্থা ভোটৰ সন্মুখীন হ’ব মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। ইয়াৰ পূৰ্বে পুৱা তেওঁ ৰাউজ এভিনিউ ক’ৰ্টত ভাৰ্চুৱেলী হাজিৰ হয়।

দিল্লী আবকাৰী দুৰ্নীতিৰ গোচৰত পঞ্চমবাৰৰ বাবে ইডিৰ চমনৰ পৰা হাত সাৰিলে কেজৰিৱালে। ইডিয়ে তেওঁৰ বিৰুদ্ধে আদালতৰ কাষ চাপিছিল। ৩ ফেব্ৰুৱাৰীত দিল্লীৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে তদন্তত সহযোগ নকৰাৰ অভিযোগ উত্থাপন কৰি এই আৱেদন দাখিল কৰা হৈছিল। যোৱা ৭ ফেব্ৰুৱাৰীত গোচৰৰ শুনানিৰ সময়ত ন্যায়াধীশ দিব্যা মালহোত্ৰাই শনিবাৰে আম আদমি পাৰ্টীৰ মুৰব্বীক আদালতত হাজিৰ হৈ উত্তৰ দিবলৈ নিৰ্দেশ দিয়ে।

প্ৰসংগক্ৰমে এই সময়ছোৱাতে দিল্লী আবকাৰী দুৰ্নীতিৰ গোচৰত সোধা-পোছাৰ বাবে ইডিয়ে তেওঁৰ ওচৰলৈ ষষ্ঠ চমন প্ৰেৰণ কৰিছিল। ১৯ ফেব্ৰুৱাৰী (সোমবাৰ)ত চমনত হাজিৰ হ’বলৈ ইডি কাৰ্যালয়ক নিৰ্দেশ দিয়া হৈছে। এনে পৰিস্থিতিত শনিবাৰে পুৱা ভাৰ্চুৱেল শুনানিত হাজিৰ কেজৰিৱালে কয় যে দিল্লী বিধানসভাত আস্থা ভোটৰ বাবে তেওঁ ব্যক্তিগতভাৱে আদালতত উপস্থিত হ’ব পৰা নাই। ১৬ মাৰ্চত আদালতত হাজিৰ হ’বলৈ অনুমতি দিছে আদালতে। অধিবক্তাৰ এটা অংশই বিশ্বাস কৰে যে দিল্লীৰ মুখ্যমন্ত্ৰীয়ে আদালতৰ ‘ৰেহাই পত্ৰ’ ব্যৱহাৰ কৰি ইডিৰ ষষ্ঠ চমনৰ পৰা হাত সাৰিব।

প্ৰসংগক্ৰমে শুকুৰবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে হঠাৎ আস্থা ভোটৰ কথা ঘোষণা কৰে। আপৰ বিধায়কৰ এটা অংশ ক্ৰয় কৰি বিজেপিয়ে তেওঁৰ চৰকাৰ উফৰাই পেলাবলৈ চেষ্টা কৰিছে বুলিও তেওঁ উল্লেখ কৰে। লগতে কমেও ৭জন আপ বিধায়কৰ সৈতে বিজেপিয়ে যোগাযোগ কৰি ২৫ কোটি টকাৰ উৎকোচ দিয়াৰ অভিযোগ উত্থাপন কৰে। ৭০ আসনৰ দিল্লী বিধানসভাত সংখ্যাগৰিষ্ঠতাৰ বাবে প্ৰয়োজন ৩৬ বিধায়কৰ সমৰ্থন। বিজেপিৰ মাত্ৰ ৮ জন বিধায়ক। ৬২জন আপৰ। এনে পৰিস্থিতিত একাংশ ৰাজনৈতিক বিশ্লেষকে ভাবে যে বিজেপিয়ে ২৮ জন আপ বিধায়কক দলত টানি অনাটো অসম্ভৱ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু