--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ পূৰ্বে সমাজবাদী পাৰ্টীত বৃহৎ বিভাজনৰ সম্ভাৱনা আছে। আগন্তুক লোকসভা নিৰ্বাচনৰ দৃষ্টিকোণৰ পৰা দেখা গৈছে এছ পিৰ বিভাজন। বিশেষ সূত্ৰৰ মতে, অখিলেশ যাদৱৰ দলৰ দহজন বিধায়কে বিজেপিত যোগদান কৰিব পাৰে। আনহাতে দলৰ তিনিজন বিধায়কে কংগ্ৰেছত যোগদান কৰিব পাৰে। ৰাজ্যসভা নিৰ্বাচনত ভোটদানৰ দৃষ্টিকোণৰ পৰাও এই ভাঙোন অখিলেশ যাদৱৰ বাবে এক ডাঙৰ আঘাত বুলি বিবেচিত হৈছে।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যম এবিপি নিউজৰ মতে, সমাজবাদী পাৰ্টীৰ সম্পাদক তথা বিধায়ক ইন্দ্ৰজিৎ সৰোজকে ধৰি বৰ্তমানৰ এছ পিৰ আধাতকৈ অধিক বিধায়ক বিজেপিৰ সৈতে যোগাযোগত আছে। যদি ৰাজ্যসভাৰ নিৰ্বাচনত বিজেপিৰ প্ৰয়োজন হয়, তেন্তে এই সকলো বিধায়কে এছ পিৰ বিৰুদ্ধে ক্ৰছ ভোট দিব পাৰে। ইয়াৰ বাহিৰেও কংগ্ৰেছত যোগদান কৰিব পাৰে এছপিৰ অমিতাভ বাজপেয়ীকে ধৰি তিনিজন বিধায়কে। এই আটাইকেইজন বিধায়কে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ প্ৰক্ৰিয়াত আছে, সেইবাবেই আন দলৰ বাবে টিকটৰ আশাত অপেক্ষা কৰি আছে।

কিন্তু যোৱা কেইদিনমানৰ ভিতৰত অখিলেশ যাদৱৰ ঘনিষ্ঠ বহু নেতাই তেওঁক স্তম্ভিত কৰি তুলিছে। ইতিমধ্যে ৰাজ্যসভাৰ নিৰ্বাচনত নিজৰ দলৰ প্ৰাৰ্থীক ভোট দিবলৈ অস্বীকাৰ কৰিছে এছপিৰ বিধায়ক তথা আপনা দল কামেৰাৱাড়ীৰ নেতা পল্লৱ পেটেলে। 


ৰাজ্যসভাৰ প্ৰাৰ্থীৰ মনোনয়নৰ পাছতে আৰম্ভ হৈছে এছ পিত বিদ্ৰোহ। ইয়াৰ পূর্বে দলৰ সাধাৰণ সম্পাদক পদৰ পৰা পদত্যাগ কৰিছিল এছ পি নেতা স্বামী প্রসাদ মৌৰ্যই৷উল্লেখ্য যে ইউ পিৰ ১০খন ৰাজ্যসভাৰ আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছে। এই নির্বাচনত বিজেপিয়ে ৮জন প্রার্থী আৰু এছ পিয়ে তিনিজন প্রার্থী প্রক্ষেপ কৰিছে৷ জয়া বচ্চন আৰু আলোক ৰঞ্জনৰ উপৰিও এছ পিয়ে ৰামজী সুমনক নিজৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু