--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ পূৰ্বে সমাজবাদী পাৰ্টীত বৃহৎ বিভাজনৰ সম্ভাৱনা আছে। আগন্তুক লোকসভা নিৰ্বাচনৰ দৃষ্টিকোণৰ পৰা দেখা গৈছে এছ পিৰ বিভাজন। বিশেষ সূত্ৰৰ মতে, অখিলেশ যাদৱৰ দলৰ দহজন বিধায়কে বিজেপিত যোগদান কৰিব পাৰে। আনহাতে দলৰ তিনিজন বিধায়কে কংগ্ৰেছত যোগদান কৰিব পাৰে। ৰাজ্যসভা নিৰ্বাচনত ভোটদানৰ দৃষ্টিকোণৰ পৰাও এই ভাঙোন অখিলেশ যাদৱৰ বাবে এক ডাঙৰ আঘাত বুলি বিবেচিত হৈছে।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যম এবিপি নিউজৰ মতে, সমাজবাদী পাৰ্টীৰ সম্পাদক তথা বিধায়ক ইন্দ্ৰজিৎ সৰোজকে ধৰি বৰ্তমানৰ এছ পিৰ আধাতকৈ অধিক বিধায়ক বিজেপিৰ সৈতে যোগাযোগত আছে। যদি ৰাজ্যসভাৰ নিৰ্বাচনত বিজেপিৰ প্ৰয়োজন হয়, তেন্তে এই সকলো বিধায়কে এছ পিৰ বিৰুদ্ধে ক্ৰছ ভোট দিব পাৰে। ইয়াৰ বাহিৰেও কংগ্ৰেছত যোগদান কৰিব পাৰে এছপিৰ অমিতাভ বাজপেয়ীকে ধৰি তিনিজন বিধায়কে। এই আটাইকেইজন বিধায়কে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ প্ৰক্ৰিয়াত আছে, সেইবাবেই আন দলৰ বাবে টিকটৰ আশাত অপেক্ষা কৰি আছে।

কিন্তু যোৱা কেইদিনমানৰ ভিতৰত অখিলেশ যাদৱৰ ঘনিষ্ঠ বহু নেতাই তেওঁক স্তম্ভিত কৰি তুলিছে। ইতিমধ্যে ৰাজ্যসভাৰ নিৰ্বাচনত নিজৰ দলৰ প্ৰাৰ্থীক ভোট দিবলৈ অস্বীকাৰ কৰিছে এছপিৰ বিধায়ক তথা আপনা দল কামেৰাৱাড়ীৰ নেতা পল্লৱ পেটেলে। 


ৰাজ্যসভাৰ প্ৰাৰ্থীৰ মনোনয়নৰ পাছতে আৰম্ভ হৈছে এছ পিত বিদ্ৰোহ। ইয়াৰ পূর্বে দলৰ সাধাৰণ সম্পাদক পদৰ পৰা পদত্যাগ কৰিছিল এছ পি নেতা স্বামী প্রসাদ মৌৰ্যই৷উল্লেখ্য যে ইউ পিৰ ১০খন ৰাজ্যসভাৰ আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছে। এই নির্বাচনত বিজেপিয়ে ৮জন প্রার্থী আৰু এছ পিয়ে তিনিজন প্রার্থী প্রক্ষেপ কৰিছে৷ জয়া বচ্চন আৰু আলোক ৰঞ্জনৰ উপৰিও এছ পিয়ে ৰামজী সুমনক নিজৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী