--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাবীস্বামীৰ সৈতে ৱাটাৰ পাৰ্কলৈ গৈছিল এগৰাকী যুৱতী। দুয়ো আনন্দৰে সময় উপভোগ কৰিছল। কিন্তু নিয়তিয়ে লিখি থৈছিল এক কৰুণ অধ্যায়। ভাবীস্বামীৰ সৈতে ৰোলাৰকোষ্টাৰত উঠি ৰাইড কৰিবলৈ বহিছিল যুৱতীগৰাকী। কিন্তু ১৫ ছেকেণ্ডৰ ভিতৰতে সকলো শেষ হৈ গ’ল। ৰোলাৰকোষ্টাৰৰ পৰা উফৰি গৈ কৰুণ মৃত্যুক সাবটিলে যুৱতীগৰাকীয়ে। 

দিল্লীত ঘটিছে এই অঘটন। ২৪ বছৰীয়া মৃত ছোৱালীজনীৰ নাম আছিল প্ৰিয়ংকা। ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত প্ৰেমিকৰ সৈতে বিয়াত বহিলহেঁতেন প্ৰিয়ংকা। ২০২৩ চনৰ জানুৱাৰীত দুয়োৰে এংগেজমেণ্ট হৈছিল।  
দক্ষিণ-পশ্চিম দিল্লীৰ কাপাশ্বেৰাৰ ওচৰৰ ফান এন ফুড ৱাটাৰ পাৰ্কলৈ ভাবীস্বামী নিখিলৰ সৈতে গৈছিল প্ৰিয়ংকা। তাতে ৰোলাৰকোষ্টাৰত উঠাই কাল হ’ল প্ৰিয়ংকাৰ বাবে। 

ৰোলাৰকোষ্টাৰৰ ৰাইডত বহি থকা প্ৰিয়ংকাৰ ষ্টেণ্ড ভাঙি যোৱাৰ বাবে বহু উচ্চতাৰ পৰা তেওঁ বাগৰি পৰে। গুৰুতৰভাৱে আহত হোৱাত তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

নয়দাৰ এটা ব্যক্তিগত টেলিকম কোম্পানীত চেলছ মেনেজাৰ হিচাপে কাম কৰিছিল প্ৰিয়ংকাই। আনহাতে নিখিলে কৰ্মসূত্ৰে বাস কৰিছিল চাইপ্ৰাছত।

মৰণোত্তৰ পৰীক্ষাৰ অন্তত প্ৰিয়ংকাৰ মৃতদেহটো পৰিয়ালৰ হাতত গতাই দিয়ে আৰক্ষীয়ে। ভাৰতীয় দণ্ডবিধিৰ (বিএনএছ) ২৮৯ (জীৱ-জন্তু বা যন্ত্ৰপাতিৰ ক্ষেত্ৰত গাফিলতিপূৰ্ণ আচৰণ) আৰু ১০৬ (গাফিলতিৰ হত্যাৰ সমান নহয়) ধাৰাত এফআইআৰ পঞ্জীয়ন কৰা হৈছে।

এই ঘটনা সন্দৰ্ভত এতিয়ালৈকে ফান এণ্ড ফুড ভিলেজৰ পৰিচালনা সমিতিয়ে কোনো ধৰণৰ আনুষ্ঠানিক মন্তব্য কৰা নাই। উদ্যানখনে কোনো বিবৃতি প্ৰকাশ কৰা নাই বা সংবাদ মাধ্যমৰ প্ৰশ্নৰ কোনো উত্তৰ দিয়া নাই। উদ্যানখনৰ যি অংশত দুৰ্ঘটনা সংঘটিত হৈছিল সেই অংশ বন্ধ কৰি ৰখা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক