--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাবীস্বামীৰ সৈতে ৱাটাৰ পাৰ্কলৈ গৈছিল এগৰাকী যুৱতী। দুয়ো আনন্দৰে সময় উপভোগ কৰিছল। কিন্তু নিয়তিয়ে লিখি থৈছিল এক কৰুণ অধ্যায়। ভাবীস্বামীৰ সৈতে ৰোলাৰকোষ্টাৰত উঠি ৰাইড কৰিবলৈ বহিছিল যুৱতীগৰাকী। কিন্তু ১৫ ছেকেণ্ডৰ ভিতৰতে সকলো শেষ হৈ গ’ল। ৰোলাৰকোষ্টাৰৰ পৰা উফৰি গৈ কৰুণ মৃত্যুক সাবটিলে যুৱতীগৰাকীয়ে। 

দিল্লীত ঘটিছে এই অঘটন। ২৪ বছৰীয়া মৃত ছোৱালীজনীৰ নাম আছিল প্ৰিয়ংকা। ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত প্ৰেমিকৰ সৈতে বিয়াত বহিলহেঁতেন প্ৰিয়ংকা। ২০২৩ চনৰ জানুৱাৰীত দুয়োৰে এংগেজমেণ্ট হৈছিল।  
দক্ষিণ-পশ্চিম দিল্লীৰ কাপাশ্বেৰাৰ ওচৰৰ ফান এন ফুড ৱাটাৰ পাৰ্কলৈ ভাবীস্বামী নিখিলৰ সৈতে গৈছিল প্ৰিয়ংকা। তাতে ৰোলাৰকোষ্টাৰত উঠাই কাল হ’ল প্ৰিয়ংকাৰ বাবে। 

ৰোলাৰকোষ্টাৰৰ ৰাইডত বহি থকা প্ৰিয়ংকাৰ ষ্টেণ্ড ভাঙি যোৱাৰ বাবে বহু উচ্চতাৰ পৰা তেওঁ বাগৰি পৰে। গুৰুতৰভাৱে আহত হোৱাত তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

নয়দাৰ এটা ব্যক্তিগত টেলিকম কোম্পানীত চেলছ মেনেজাৰ হিচাপে কাম কৰিছিল প্ৰিয়ংকাই। আনহাতে নিখিলে কৰ্মসূত্ৰে বাস কৰিছিল চাইপ্ৰাছত।

মৰণোত্তৰ পৰীক্ষাৰ অন্তত প্ৰিয়ংকাৰ মৃতদেহটো পৰিয়ালৰ হাতত গতাই দিয়ে আৰক্ষীয়ে। ভাৰতীয় দণ্ডবিধিৰ (বিএনএছ) ২৮৯ (জীৱ-জন্তু বা যন্ত্ৰপাতিৰ ক্ষেত্ৰত গাফিলতিপূৰ্ণ আচৰণ) আৰু ১০৬ (গাফিলতিৰ হত্যাৰ সমান নহয়) ধাৰাত এফআইআৰ পঞ্জীয়ন কৰা হৈছে।

এই ঘটনা সন্দৰ্ভত এতিয়ালৈকে ফান এণ্ড ফুড ভিলেজৰ পৰিচালনা সমিতিয়ে কোনো ধৰণৰ আনুষ্ঠানিক মন্তব্য কৰা নাই। উদ্যানখনে কোনো বিবৃতি প্ৰকাশ কৰা নাই বা সংবাদ মাধ্যমৰ প্ৰশ্নৰ কোনো উত্তৰ দিয়া নাই। উদ্যানখনৰ যি অংশত দুৰ্ঘটনা সংঘটিত হৈছিল সেই অংশ বন্ধ কৰি ৰখা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ