--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ দক্ষিণ বেংগালুৰুত আঠ বছৰ পূৰ্বে এক ভয়াবহ ঘটনা সংঘটিত হৈছিল৷ এজন যুৱকৰ ক্ষত-বিক্ষত শৰীৰৰ অংশ দক্ষিণ বেংগালুৰুৰ কিছু লোকে প্ৰত্যক্ষ কৰে৷আৰক্ষীয়ে জানিবলৈ দিয়া মতে,যুৱকজনৰ মৃতদেহ উদ্ধাৰৰ সময়ত যুৱকজনৰ শৰীৰৰ অংগসমূহ পলিথিনত ভৰাই বিভিন্ন স্থানত পেলাই থোৱা হৈছিল৷

 উল্লেখযোগ্য যে, আৰক্ষীয়ে এই হত্যাকাণ্ডৰ অপৰাধীক ধৰাৰ বাবে চেষ্টা যোৱা ৮টা বছৰৰ পৰা চলাই আহিছিল৷ইয়াৰ পৰিণামস্বৰূপে বেংগালুৰু আৰক্ষীয়ে ১৮ মাৰ্চ শনিবাৰে এই লোমহৰ্ষক হত্যাকাণ্ড সন্দৰ্ভত দুজক লোকক আটক কৰিছে৷আৰক্ষীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া তথ্য মতে, এই হত্যাৰ অপৰাধত মৃত যুৱকজনৰ নিজৰেই ভগ্নী আৰু তেওঁৰ প্ৰেমিকক গ্ৰেপ্তাৰ কৰিছে৷

 কৰ্ণাটকৰ এজন শীৰ্ষ আৰক্ষী বিষয়াই জনোৱা অনুসৰি অভিযুক্ত দুজনক ভাগ্যশ্ৰী আৰু তেওঁৰ লিভ-ইন অংশীদাৰ শিৱপুত্ৰ বুলি চিনাক্ত কৰা হৈছে। লগতে, মৃত যুৱকজনৰ নাম লিঙ্গৰাজু ছিদ্দাপ্পা পূজাৰী, যিজন যুৱক কৰ্ণাটকৰ বিজয়পুৰা জিলাৰ বাসিন্দা আছিল। আশ্চৰ্যজনকভাৱে, লিঙ্গাৰাজুক তেওঁৰ নিজৰ ভগ্নীয়েই হত্যা কৰিছিল।

 আৰক্ষীৰ মতে,অভিযুক্ত ভাগ্যশ্ৰী আৰু শিৱপুত্ৰ দুয়ো বিজয়পুৰা জিলাৰ মহাবিদ্যালয়ৰ দিনৰ পৰাই বন্ধু আছিল। কিন্তু ভাগ্যশ্ৰীয়ে তেওঁৰ প্ৰেমৰ সম্পৰ্কৰ বিষয়ে পৰিয়ালৰ বিৰোধিতাৰ আশংকা কৰিছিল। তাৰ পিছত ভাগ্যশ্ৰী ২০১৫ চনত বাংগালুৰুলৈ গুচি গৈছিল। পৰৱৰ্তীসময়ত ভাগ্যশ্ৰী আৰু তেওঁৰ প্ৰেমিক দুয়োৱে দক্ষিণ বেংগালুৰুৰ জিগনিৰ ওচৰৰ ভাদেৰমানচানাহাল্লিত এটা ভাড়াঘৰত একেলগে বাস কৰিছিল। কৰ্মসূত্ৰে দুয়ো প্ৰেমিকযুগলে তেওঁলোকৰ ভাড়াঘৰৰ ওচৰৰ জিগনি ঔদ্যোগিক এলেকাত কাম কৰিছিল বুলি জানিব পৰা গৈছে৷

 আৰক্ষীয়ে প্ৰতিবেদনত প্ৰকাশ পাইছিল যে যেতিয়া ভাগ্যশ্ৰীৰ ভায়েক লিঙ্গৰাজু তাইৰ ঘৰলৈ আহিছিল তেতিয়া তেওঁলোকৰ বাবে সমস্যাটো বাঢ়ি গৈছিল। য'ত লিঙ্গৰাজুৱে শিৱপুত্ৰৰ সৈতে তাৰ ভগ্নী ভাগ্যশ্ৰীৰ প্ৰেমৰ সম্পৰ্কৰ বিষয়ে জানিব পাৰিছিল। যাৰ পিছত লিঙ্গৰাজুৱে এই সম্পৰ্কত আপত্তি কৰিছিল আৰু দুয়ো ভাই-ভগ্নীৰ মাজত কাজিয়া আৰু হতাহাতি আৰম্ভ হৈছিল। যাৰ পিছত শিৱপুত্ৰও এই হতাহতিৰ মাজত সোমাইছিল আৰু লিঙ্গৰাজুক হত্যা কৰিবলৈ চেষ্টা কৰিছিল। এই হতাহতিত অৱশেষত ভাগ্যশ্ৰী আৰু তাইৰ প্ৰেমিক দুয়োজনে লিঙ্গৰাজুক প্ৰহাৰ কৰি হত্যা কৰিছিল।

 হত্যাৰ পিছত ভাগ্যশ্ৰী আৰু তাইৰ প্ৰেমিক দুয়োজনে মিলি লিঙ্গৰাজুৰ শৰীৰটো টুকুৰা টুকুৰা কৰি পেলাইছিল। তাৰ পিছত শৰীৰটো পৃথক মোনাত পেক কৰিছিল। যাৰ পিছত ভাগ্যশ্ৰী আৰু শিৱপুত্ৰই শৰীৰটো নষ্ট কৰিবলৈ বহু ঠাইত দলিয়াই দিছিল। ভাগ্যশ্ৰীয়ে লিঙ্গৰাজুৰ হাতেৰে ভৰ্তি মোনাটো মাংসৰ দোকানৰ ওচৰত পেলাই দিছিল আৰু দ্বিতীয় টোপোলাটো ওচৰৰ হ্ৰদএটাত পেলাই দিয়া হৈছিল। আৰক্ষীয়ে কৈছিল যে তেওঁলোকে তথ্য পাইছিল যে দুয়োজনে এক নতুন পৰিচয়  দি মহাৰাষ্ট্ৰৰ নাচিকত বাস কৰিছিল। কিন্তু আঠ বছৰৰ পিছত এক গোপন তথ্যৰ ভিত্তিত, আৰক্ষীয়ে দুয়োকে গ্ৰেপ্তাৰ কৰে আৰু  ভাগ্যশ্ৰী আৰু শিৱপুত্ৰক বেংগালুৰুলৈ লৈ আহে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু