--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ দক্ষিণ বেংগালুৰুত আঠ বছৰ পূৰ্বে এক ভয়াবহ ঘটনা সংঘটিত হৈছিল৷ এজন যুৱকৰ ক্ষত-বিক্ষত শৰীৰৰ অংশ দক্ষিণ বেংগালুৰুৰ কিছু লোকে প্ৰত্যক্ষ কৰে৷আৰক্ষীয়ে জানিবলৈ দিয়া মতে,যুৱকজনৰ মৃতদেহ উদ্ধাৰৰ সময়ত যুৱকজনৰ শৰীৰৰ অংগসমূহ পলিথিনত ভৰাই বিভিন্ন স্থানত পেলাই থোৱা হৈছিল৷

 উল্লেখযোগ্য যে, আৰক্ষীয়ে এই হত্যাকাণ্ডৰ অপৰাধীক ধৰাৰ বাবে চেষ্টা যোৱা ৮টা বছৰৰ পৰা চলাই আহিছিল৷ইয়াৰ পৰিণামস্বৰূপে বেংগালুৰু আৰক্ষীয়ে ১৮ মাৰ্চ শনিবাৰে এই লোমহৰ্ষক হত্যাকাণ্ড সন্দৰ্ভত দুজক লোকক আটক কৰিছে৷আৰক্ষীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া তথ্য মতে, এই হত্যাৰ অপৰাধত মৃত যুৱকজনৰ নিজৰেই ভগ্নী আৰু তেওঁৰ প্ৰেমিকক গ্ৰেপ্তাৰ কৰিছে৷

 কৰ্ণাটকৰ এজন শীৰ্ষ আৰক্ষী বিষয়াই জনোৱা অনুসৰি অভিযুক্ত দুজনক ভাগ্যশ্ৰী আৰু তেওঁৰ লিভ-ইন অংশীদাৰ শিৱপুত্ৰ বুলি চিনাক্ত কৰা হৈছে। লগতে, মৃত যুৱকজনৰ নাম লিঙ্গৰাজু ছিদ্দাপ্পা পূজাৰী, যিজন যুৱক কৰ্ণাটকৰ বিজয়পুৰা জিলাৰ বাসিন্দা আছিল। আশ্চৰ্যজনকভাৱে, লিঙ্গাৰাজুক তেওঁৰ নিজৰ ভগ্নীয়েই হত্যা কৰিছিল।

 আৰক্ষীৰ মতে,অভিযুক্ত ভাগ্যশ্ৰী আৰু শিৱপুত্ৰ দুয়ো বিজয়পুৰা জিলাৰ মহাবিদ্যালয়ৰ দিনৰ পৰাই বন্ধু আছিল। কিন্তু ভাগ্যশ্ৰীয়ে তেওঁৰ প্ৰেমৰ সম্পৰ্কৰ বিষয়ে পৰিয়ালৰ বিৰোধিতাৰ আশংকা কৰিছিল। তাৰ পিছত ভাগ্যশ্ৰী ২০১৫ চনত বাংগালুৰুলৈ গুচি গৈছিল। পৰৱৰ্তীসময়ত ভাগ্যশ্ৰী আৰু তেওঁৰ প্ৰেমিক দুয়োৱে দক্ষিণ বেংগালুৰুৰ জিগনিৰ ওচৰৰ ভাদেৰমানচানাহাল্লিত এটা ভাড়াঘৰত একেলগে বাস কৰিছিল। কৰ্মসূত্ৰে দুয়ো প্ৰেমিকযুগলে তেওঁলোকৰ ভাড়াঘৰৰ ওচৰৰ জিগনি ঔদ্যোগিক এলেকাত কাম কৰিছিল বুলি জানিব পৰা গৈছে৷

 আৰক্ষীয়ে প্ৰতিবেদনত প্ৰকাশ পাইছিল যে যেতিয়া ভাগ্যশ্ৰীৰ ভায়েক লিঙ্গৰাজু তাইৰ ঘৰলৈ আহিছিল তেতিয়া তেওঁলোকৰ বাবে সমস্যাটো বাঢ়ি গৈছিল। য'ত লিঙ্গৰাজুৱে শিৱপুত্ৰৰ সৈতে তাৰ ভগ্নী ভাগ্যশ্ৰীৰ প্ৰেমৰ সম্পৰ্কৰ বিষয়ে জানিব পাৰিছিল। যাৰ পিছত লিঙ্গৰাজুৱে এই সম্পৰ্কত আপত্তি কৰিছিল আৰু দুয়ো ভাই-ভগ্নীৰ মাজত কাজিয়া আৰু হতাহাতি আৰম্ভ হৈছিল। যাৰ পিছত শিৱপুত্ৰও এই হতাহতিৰ মাজত সোমাইছিল আৰু লিঙ্গৰাজুক হত্যা কৰিবলৈ চেষ্টা কৰিছিল। এই হতাহতিত অৱশেষত ভাগ্যশ্ৰী আৰু তাইৰ প্ৰেমিক দুয়োজনে লিঙ্গৰাজুক প্ৰহাৰ কৰি হত্যা কৰিছিল।

 হত্যাৰ পিছত ভাগ্যশ্ৰী আৰু তাইৰ প্ৰেমিক দুয়োজনে মিলি লিঙ্গৰাজুৰ শৰীৰটো টুকুৰা টুকুৰা কৰি পেলাইছিল। তাৰ পিছত শৰীৰটো পৃথক মোনাত পেক কৰিছিল। যাৰ পিছত ভাগ্যশ্ৰী আৰু শিৱপুত্ৰই শৰীৰটো নষ্ট কৰিবলৈ বহু ঠাইত দলিয়াই দিছিল। ভাগ্যশ্ৰীয়ে লিঙ্গৰাজুৰ হাতেৰে ভৰ্তি মোনাটো মাংসৰ দোকানৰ ওচৰত পেলাই দিছিল আৰু দ্বিতীয় টোপোলাটো ওচৰৰ হ্ৰদএটাত পেলাই দিয়া হৈছিল। আৰক্ষীয়ে কৈছিল যে তেওঁলোকে তথ্য পাইছিল যে দুয়োজনে এক নতুন পৰিচয়  দি মহাৰাষ্ট্ৰৰ নাচিকত বাস কৰিছিল। কিন্তু আঠ বছৰৰ পিছত এক গোপন তথ্যৰ ভিত্তিত, আৰক্ষীয়ে দুয়োকে গ্ৰেপ্তাৰ কৰে আৰু  ভাগ্যশ্ৰী আৰু শিৱপুত্ৰক বেংগালুৰুলৈ লৈ আহে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক