--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিহাৰৰ নালন্দা অঞ্চলত শনিবাৰে বিহাৰ চৰকাৰৰ গৃহ নিৰ্মাণ বিভাগৰ মন্ত্ৰী অশোক চৌধুৰীয়ে মুছলমান সম্প্ৰদায়ৰ ওপৰত কৰা বিতৰ্কিত মন্তব্যক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ বিহাৰৰ নেতা অশোক চৌধুৰীয়ে উল্লেখ কৰে যে "ভাৰতৰ ৯০% মুছলমান ধৰ্মান্তৰিত হোৱা"৷ এই মন্তব্য সন্দৰ্ভত দেওবাৰে বিহাৰ ৰাজনীতিৰ দুই মুখ্য দল জেডিইউ আৰু আৰজেডিয়ে নিজৰ মতামত দাঙি ধৰিছে৷জেডিইউৰ প্ৰবক্তা আফজল আব্বাছে কয় যে ''মই অশোক চৌধুৰীৰ মন্তব্যৰ সৈতে একমত,ভাৰতত ৯০%মুছলমান ধৰ্মান্তৰিত কাৰণ ভাৰতবৰ্ষত হিন্দু আৰু অন্য ধৰ্মৰ লোকসকলৰ মাজত একতা আছে৷

 আনহাতেদি, অশোক চৌধুৰীৰ এই সাম্প্ৰদায়িক মন্তব্য সন্দৰ্ভত আৰজেডি প্ৰবক্তা এজাজ আহমেদে কয় যে," সমাজৰ কিছুমান লোকে সাম্প্ৰদায়িক কথাবিলাকৰ ধৰ্মীয় দিশ উলিয়াই মানুহৰ মাজত অস্থিৰতা সৃষ্টি কৰিব বিচাৰে"৷ আৰজেডিৰ প্ৰবক্তা এজাজ আহমেদে কয় যে,ভাৰতৰ যি সাংবিধানিক ব্যৱস্থা,সেই ব্যৱস্থাই প্ৰতিজন ব্যক্তিক ধৰ্মীয় উপাসনা আৰু বিশ্বাসৰ অধিকাৰ প্ৰদান কৰিছে৷কিন্তু কিছুমান লোকে ধৰ্মীয় দিশৰ সংবেদনশীল মন্তব্য কৰি সমাজখনক বিপথে পৰিচালিত  কৰিছে৷

 উল্লেখযোগ্য যে,জেডিইউৰ প্ৰবক্তা আফজল আব্বাছে অশোক চৌধুৰীৰ মন্তব্যত সহমত পোষণ কৰি কয় যে,ভাৰতত হিন্দু আৰু অন্য ধৰ্মৰ লোকসকলে ইছলাম ধৰ্ম এইবাবেই গ্ৰহণ কৰিছে কাৰণ ভাৰতত সকলো ধৰ্মৰ মাজত পৰস্পৰ ভাতৃত্ববোধ আছে৷এই একতাৰ বুনিয়াদতেই ইছলামৰ ফুল প্ৰস্ফুটিত হৈছে৷বিশ্বৰ ৫৫খন দেশত একতা আৰু সামাজিক ভাতৃত্ববোধৰ বাবেই ইছলাম ধৰ্ম বিয়পি পৰিছে৷

 নালন্দাত অনুষ্ঠিত হোৱা অনুষ্ঠানটোত বিহাৰৰ গৃহ নিৰ্মাণ বিভাগৰ মন্ত্ৰী অশোক চৌধুৰী, সাংসদ কৌশলেন্দ্ৰ কুমাৰ, বিধায়ক ড০ জিতেন্দ্ৰ, এমএলচি ৰীনা যাদৱ উপস্থিত আছিল।উক্ত অনুষ্ঠানটিত অশোক চৌধুৰীয়ে কয় যে ভাৰতত ৯০% মুছলমান ধৰ্মান্তৰিত মুছলমান। ধৰ্মান্তকৰণ হোৱা ৯০% মুছলমান পূৰ্বে দলিত আছিল যিসকল লোক ব্ৰাহ্মণ্যবাদৰ কঠোৰ ব্যৱস্থাৰ অধীনত অস্পৃশ্যতাত আৱদ্ধ হৈছিল। তেতিয়া সেই দলিত লোকসকলৰ কিছুমান লোকে ইছলম ধৰ্ম গ্ৰহণ কৰিছিল আৰু কিছুমান লোকে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল।

 অশোক চৌধুৰীয়ে নিজৰ ভাষণত কৈছিল যে "ভাৰতীয় জনতা পাৰ্টীয়ে হিন্দু মুছলমানৰ মাজত ৰাজনীতি কৰি থাকে। বিজেপিয়ে যিয়েই নকৰক, হিন্দু আৰু মুছলমানসকলৰ প্ৰসংগ সেই সন্দৰ্ভত টানি আনে৷ভাৰতলৈ লণ্ডন বা আমেৰিকাৰ পৰা কোনো মুছলমান অহা নাই। আজিৰ মুছলমান সকল সকলো দলিত যিসকল লোক এসময়ত ব্ৰাহ্মণ্যবাদী ব্যৱস্থাৰ অধীনত অস্পৃশ্যতাত আৱদ্ধ আছিল, সমাজৰ এই কঠোৰ ব্যৱস্থাৰ পৰা পিছত কিছুমান লোক মুছলমান হৈছিল আৰু কিছুমান বৌদ্ধ হৈ পৰিছিল। কাৰণ ইছলাম আৰু বৌদ্ধ ধৰ্মত কোনো অস্পৃশ্যতা নাছিল। আৰু অশোক চৌধুৰীয়ে লগতে স্পষ্ট কৰে যে "আফগানিস্তানৰ পৰা কোনো মুছলমান অহা নাই। এনেধৰণৰ মন্তব্য দি বিজেপিৰ সদস্যসকলে অপ্ৰয়োজনীয়ভাৱে সাম্প্ৰদায়িক পৰিৱেশ এটা তৈয়াৰ কৰি থাকে"৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement