--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিহাৰৰ নালন্দা অঞ্চলত শনিবাৰে বিহাৰ চৰকাৰৰ গৃহ নিৰ্মাণ বিভাগৰ মন্ত্ৰী অশোক চৌধুৰীয়ে মুছলমান সম্প্ৰদায়ৰ ওপৰত কৰা বিতৰ্কিত মন্তব্যক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ বিহাৰৰ নেতা অশোক চৌধুৰীয়ে উল্লেখ কৰে যে "ভাৰতৰ ৯০% মুছলমান ধৰ্মান্তৰিত হোৱা"৷ এই মন্তব্য সন্দৰ্ভত দেওবাৰে বিহাৰ ৰাজনীতিৰ দুই মুখ্য দল জেডিইউ আৰু আৰজেডিয়ে নিজৰ মতামত দাঙি ধৰিছে৷জেডিইউৰ প্ৰবক্তা আফজল আব্বাছে কয় যে ''মই অশোক চৌধুৰীৰ মন্তব্যৰ সৈতে একমত,ভাৰতত ৯০%মুছলমান ধৰ্মান্তৰিত কাৰণ ভাৰতবৰ্ষত হিন্দু আৰু অন্য ধৰ্মৰ লোকসকলৰ মাজত একতা আছে৷

 আনহাতেদি, অশোক চৌধুৰীৰ এই সাম্প্ৰদায়িক মন্তব্য সন্দৰ্ভত আৰজেডি প্ৰবক্তা এজাজ আহমেদে কয় যে," সমাজৰ কিছুমান লোকে সাম্প্ৰদায়িক কথাবিলাকৰ ধৰ্মীয় দিশ উলিয়াই মানুহৰ মাজত অস্থিৰতা সৃষ্টি কৰিব বিচাৰে"৷ আৰজেডিৰ প্ৰবক্তা এজাজ আহমেদে কয় যে,ভাৰতৰ যি সাংবিধানিক ব্যৱস্থা,সেই ব্যৱস্থাই প্ৰতিজন ব্যক্তিক ধৰ্মীয় উপাসনা আৰু বিশ্বাসৰ অধিকাৰ প্ৰদান কৰিছে৷কিন্তু কিছুমান লোকে ধৰ্মীয় দিশৰ সংবেদনশীল মন্তব্য কৰি সমাজখনক বিপথে পৰিচালিত  কৰিছে৷

 উল্লেখযোগ্য যে,জেডিইউৰ প্ৰবক্তা আফজল আব্বাছে অশোক চৌধুৰীৰ মন্তব্যত সহমত পোষণ কৰি কয় যে,ভাৰতত হিন্দু আৰু অন্য ধৰ্মৰ লোকসকলে ইছলাম ধৰ্ম এইবাবেই গ্ৰহণ কৰিছে কাৰণ ভাৰতত সকলো ধৰ্মৰ মাজত পৰস্পৰ ভাতৃত্ববোধ আছে৷এই একতাৰ বুনিয়াদতেই ইছলামৰ ফুল প্ৰস্ফুটিত হৈছে৷বিশ্বৰ ৫৫খন দেশত একতা আৰু সামাজিক ভাতৃত্ববোধৰ বাবেই ইছলাম ধৰ্ম বিয়পি পৰিছে৷

 নালন্দাত অনুষ্ঠিত হোৱা অনুষ্ঠানটোত বিহাৰৰ গৃহ নিৰ্মাণ বিভাগৰ মন্ত্ৰী অশোক চৌধুৰী, সাংসদ কৌশলেন্দ্ৰ কুমাৰ, বিধায়ক ড০ জিতেন্দ্ৰ, এমএলচি ৰীনা যাদৱ উপস্থিত আছিল।উক্ত অনুষ্ঠানটিত অশোক চৌধুৰীয়ে কয় যে ভাৰতত ৯০% মুছলমান ধৰ্মান্তৰিত মুছলমান। ধৰ্মান্তকৰণ হোৱা ৯০% মুছলমান পূৰ্বে দলিত আছিল যিসকল লোক ব্ৰাহ্মণ্যবাদৰ কঠোৰ ব্যৱস্থাৰ অধীনত অস্পৃশ্যতাত আৱদ্ধ হৈছিল। তেতিয়া সেই দলিত লোকসকলৰ কিছুমান লোকে ইছলম ধৰ্ম গ্ৰহণ কৰিছিল আৰু কিছুমান লোকে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল।

 অশোক চৌধুৰীয়ে নিজৰ ভাষণত কৈছিল যে "ভাৰতীয় জনতা পাৰ্টীয়ে হিন্দু মুছলমানৰ মাজত ৰাজনীতি কৰি থাকে। বিজেপিয়ে যিয়েই নকৰক, হিন্দু আৰু মুছলমানসকলৰ প্ৰসংগ সেই সন্দৰ্ভত টানি আনে৷ভাৰতলৈ লণ্ডন বা আমেৰিকাৰ পৰা কোনো মুছলমান অহা নাই। আজিৰ মুছলমান সকল সকলো দলিত যিসকল লোক এসময়ত ব্ৰাহ্মণ্যবাদী ব্যৱস্থাৰ অধীনত অস্পৃশ্যতাত আৱদ্ধ আছিল, সমাজৰ এই কঠোৰ ব্যৱস্থাৰ পৰা পিছত কিছুমান লোক মুছলমান হৈছিল আৰু কিছুমান বৌদ্ধ হৈ পৰিছিল। কাৰণ ইছলাম আৰু বৌদ্ধ ধৰ্মত কোনো অস্পৃশ্যতা নাছিল। আৰু অশোক চৌধুৰীয়ে লগতে স্পষ্ট কৰে যে "আফগানিস্তানৰ পৰা কোনো মুছলমান অহা নাই। এনেধৰণৰ মন্তব্য দি বিজেপিৰ সদস্যসকলে অপ্ৰয়োজনীয়ভাৱে সাম্প্ৰদায়িক পৰিৱেশ এটা তৈয়াৰ কৰি থাকে"৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু