--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ধন-প্ৰাচুৰ্যৰ গৰাকী হ’বলৈ আপোনাৰো নিশ্চয় মন যায়৷ কিন্তু, বহুসময়ত সেয়া নুঠেগৈ৷ ধন-সম্পদৰ গৰাকী হ’বলৈ আমাৰ সমাজৰ বহুতে বিভিন্নধৰণৰ নীতি-নিয়ম মানি চলাও দেখা যায়। বহুতে বাস্তু শাস্ত্ৰৰ বিধি মানি চলে আৰু সেই অনুসৰি ঘৰত মানী প্লেণ্ট ৰাখে।

বাস্তু শাস্ত্ৰৰ বিধিমতে ঘৰত মানী প্লেণ্ট ৰাখিলে ঘৰলৈ ধন-সম্পদৰ আগমন হয় বুলি বিশ্বাস কৰা হয়। ঘৰৰ উপৰি কাৰ্যালয় বা দোকান-পোহাৰ আদিটো মানী প্লেণ্ট ৰাখিব পাৰে আপুনি। যথাবিধি মানি মানী প্লেণ্ট ৰাখিলে দূৰ হ’ব পাৰে আপোনাৰ বিত্তীয় সংকট! 

কিন্তু বহুসময়ত দেখা যায় যে ঘৰত মানী প্লেণ্ট ৰখাৰ পাছতো দূৰ নহয় আৰ্থিক সমস্যা৷ কিন্তু কিয়?

আপুনি জানেনে যে ঘৰত মানী প্লেণ্ট ৰাখিবলৈ কিছুমান বিশেষ নিয়ম মানি চলাটো অতিকৈ প্ৰয়োজন৷

ঘৰৰ কোন দিশত নাৰাখিব মানী প্লেণ্ট?

আৰ্থিক শ্ৰীবৃদ্ধিৰ বাবে ঘৰৰ সঠিক দিশতহে মানী প্লেণ্ট ৰখাটো নিতান্তই প্ৰয়োজনীয়। মানী প্লেণ্ট ঘৰৰ উত্তৰ-পূব দিশত কেতিয়াও নাৰাখিব। উত্তৰ-পূব দিশত মানী প্লেণ্ট ৰাখিলে ঘৰৰ গৰাকী ঋণগ্ৰস্ত হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়৷ ইয়াৰ উপৰি ঋণাত্মক শক্তি ঘৰত প্ৰৱেশ কৰে বুলি ধাৰণা কৰা হয়। সদায় ঘৰৰ দক্ষিণ-পূব দিশত মানী প্লেণ্ট ৰাখিব লাগে ।

মানী প্লেণ্ট মাটিত নাৰাখিব:
মানী প্লেণ্ট দ্ৰুতগতিত বৃদ্ধি হয়। মানী প্লেণ্টৰ লতা হৈছে প্ৰগতি আৰু শান্তিৰ প্ৰতীক। বাস্তু বিধি অনুসৰি মানী প্লেণ্টৰ লতাই ভূমি স্পৰ্শ কৰিব নালাগে। 
 
মানী প্লেণ্ট শুকাই যোৱাটো দুৰ্ভাগ্যৰ চিন:
বাস্তু শাস্ত্ৰ মতে ঘৰত ৰখা মানী প্লেণ্ট শুকাই যোৱা মানে দুৰ্ভাগ্যৰ পাতনি৷ এনে হ’লে ঘৰৰ আৰ্থিক সমস্যা হয়। সেয়ে মানী প্লেণ্টত নিয়মীয়াকৈ পানী দি থাকিব লাগে। যদি ইয়াৰ পাতবোৰ শুকাবলৈ আৰম্ভ কৰে, সেই অংশবোৰ তৎক্ষণাৎ কাটি দিব লাগে৷

এনে ঠাইত মানী প্লেণ্ট নাৰাখিব:
মানী প্লেণ্ট সদায় ঘৰৰ ভিতৰত ৰাখিব লাগে। বাস্তু বিধি অনুসৰি ঘৰৰ বাহিৰত মানী প্লেণ্ট ৰোপণ কৰিব নালাগে। এনে কৰিলে মানী প্লেণ্ট সোনকালে শুকাই যায় আৰু তেতিয়া মানুহৰ অৰ্থনৈতিক ক্ষতি হয়।

মানী প্লেণ্ট উপহাৰ হিচাপে নিদিব:
বাস্তু শাস্ত্ৰৰ নিয়মমতে মানী প্লেণ্ট কেতিয়াও কাকো উপহাৰ দিব নালাগে। বিশ্বাস অনুসৰি মানী প্লেণ্ট উপহাৰ দিলে শুক্ৰ দেৱ ক্ৰোধিত হয়। শুক্ৰ দেৱক সুখ আৰু শান্তিৰ প্ৰতীক বুলিও গণ্য কৰা হয়। এই কাৰণতে আনক মানী প্লেণ্ট উপহাৰ দিব নালাগে বুলি ধাৰণা কৰা হয়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গক আৰ্থিকভাৱে উদং কৰিছিল সিদ্ধাৰ্থই! আদালতত ফাদিল হ’ল সিদ্ধাৰ্থৰ বহু গোপন লেনদেনৰ তথ্য
প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে উত্তৰ-পূৰ্বাঞ্চলৰ ছখন ক্রিকেট একাডেমি
শ্রেণীকোঠাত সংযোজন কৃত্রিম বুদ্ধিমত্তাসম্পন্ন স্মার্ট ব'র্ড, প্ৰযুক্তিৰ দিশত দেশৰ ভিতৰতে নতুন খোজ কানৈ মহাবিদ্যালয়ৰ
৪ মাহত দেশত ৯৪০০ হোৱাটছ এপ একাউন্ট নিষিদ্ধ, 'ডিজিটেল এৰেষ্ট' প্ৰৱঞ্চনাৰে জড়িত
আজি প্ৰধানমন্ত্ৰী মোদীয়ে উদ্বোধন কৰিলে ৫৯৪ কিঃমিঃ দৈৰ্ঘৰ গংগা এক্সপ্ৰেছৱে'
সোণ-ৰূপ নহয়, কইনাৰ ওচৰত 'মাটিৰ চৌকা'ৰ দাবী! উত্তৰ প্ৰদেশৰ বিয়াত দৰাৰ অনন্য চৰ্ত
মধ্যপ্রাচ্যৰ যুদ্ধৰ মাজতে ৰাষ্ট্ৰসংঘৰ আস্থা; চলিত বৰ্ষত ভাৰতৰ উন্নয়নৰ হাৰ হ’ব ৬.৪%
চৰকাৰী চাকৰি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়; অৰ্হতাৰ মূল মাপকাঠীসমূহ পূৰণ নকৰিলে পদৰ অযোগ্য হ’ব প্রার্থী
সেনাৰ গতি-বিধিৰ ছবি পাকিস্তানলৈ, গ্ৰেপ্তাৰ ৩০
ডিব্ৰুগড় জে’লত পুনৰ গ্ৰেপ্তাৰ হ’ব অমৃতপাল সিং, NSAৰ জিম্মাৰ ম্যাদ অন্ত
মেৰাপানীত অৰুণাচলী সুৰা ভৰ্ত্তি এখন বৃহৎ ট্ৰাক জব্দ
আমেৰিকা-ইজৰাইলৰ প্রবল আক্রমণৰ পাছতো ক্ষেপণাস্ত্র-ড্র’ন অক্ষত অৱস্থাত মজুত হৈ আছে ইৰানৰ
স্বাস্থ্যৰ ক্ষতি নকৰিব; কি খাদ্যৰ লগত কি খাদ্য খাব নালাগে জানি লওক
পুনৰ মহানগৰীৰ স্মাৰ্ট আৰক্ষীক চেলেঞ্জ চোৰৰ