--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ধন-প্ৰাচুৰ্যৰ গৰাকী হ’বলৈ আপোনাৰো নিশ্চয় মন যায়৷ কিন্তু, বহুসময়ত সেয়া নুঠেগৈ৷ ধন-সম্পদৰ গৰাকী হ’বলৈ আমাৰ সমাজৰ বহুতে বিভিন্নধৰণৰ নীতি-নিয়ম মানি চলাও দেখা যায়। বহুতে বাস্তু শাস্ত্ৰৰ বিধি মানি চলে আৰু সেই অনুসৰি ঘৰত মানী প্লেণ্ট ৰাখে।

বাস্তু শাস্ত্ৰৰ বিধিমতে ঘৰত মানী প্লেণ্ট ৰাখিলে ঘৰলৈ ধন-সম্পদৰ আগমন হয় বুলি বিশ্বাস কৰা হয়। ঘৰৰ উপৰি কাৰ্যালয় বা দোকান-পোহাৰ আদিটো মানী প্লেণ্ট ৰাখিব পাৰে আপুনি। যথাবিধি মানি মানী প্লেণ্ট ৰাখিলে দূৰ হ’ব পাৰে আপোনাৰ বিত্তীয় সংকট! 

কিন্তু বহুসময়ত দেখা যায় যে ঘৰত মানী প্লেণ্ট ৰখাৰ পাছতো দূৰ নহয় আৰ্থিক সমস্যা৷ কিন্তু কিয়?

আপুনি জানেনে যে ঘৰত মানী প্লেণ্ট ৰাখিবলৈ কিছুমান বিশেষ নিয়ম মানি চলাটো অতিকৈ প্ৰয়োজন৷

ঘৰৰ কোন দিশত নাৰাখিব মানী প্লেণ্ট?

আৰ্থিক শ্ৰীবৃদ্ধিৰ বাবে ঘৰৰ সঠিক দিশতহে মানী প্লেণ্ট ৰখাটো নিতান্তই প্ৰয়োজনীয়। মানী প্লেণ্ট ঘৰৰ উত্তৰ-পূব দিশত কেতিয়াও নাৰাখিব। উত্তৰ-পূব দিশত মানী প্লেণ্ট ৰাখিলে ঘৰৰ গৰাকী ঋণগ্ৰস্ত হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়৷ ইয়াৰ উপৰি ঋণাত্মক শক্তি ঘৰত প্ৰৱেশ কৰে বুলি ধাৰণা কৰা হয়। সদায় ঘৰৰ দক্ষিণ-পূব দিশত মানী প্লেণ্ট ৰাখিব লাগে ।

মানী প্লেণ্ট মাটিত নাৰাখিব:
মানী প্লেণ্ট দ্ৰুতগতিত বৃদ্ধি হয়। মানী প্লেণ্টৰ লতা হৈছে প্ৰগতি আৰু শান্তিৰ প্ৰতীক। বাস্তু বিধি অনুসৰি মানী প্লেণ্টৰ লতাই ভূমি স্পৰ্শ কৰিব নালাগে। 
 
মানী প্লেণ্ট শুকাই যোৱাটো দুৰ্ভাগ্যৰ চিন:
বাস্তু শাস্ত্ৰ মতে ঘৰত ৰখা মানী প্লেণ্ট শুকাই যোৱা মানে দুৰ্ভাগ্যৰ পাতনি৷ এনে হ’লে ঘৰৰ আৰ্থিক সমস্যা হয়। সেয়ে মানী প্লেণ্টত নিয়মীয়াকৈ পানী দি থাকিব লাগে। যদি ইয়াৰ পাতবোৰ শুকাবলৈ আৰম্ভ কৰে, সেই অংশবোৰ তৎক্ষণাৎ কাটি দিব লাগে৷

এনে ঠাইত মানী প্লেণ্ট নাৰাখিব:
মানী প্লেণ্ট সদায় ঘৰৰ ভিতৰত ৰাখিব লাগে। বাস্তু বিধি অনুসৰি ঘৰৰ বাহিৰত মানী প্লেণ্ট ৰোপণ কৰিব নালাগে। এনে কৰিলে মানী প্লেণ্ট সোনকালে শুকাই যায় আৰু তেতিয়া মানুহৰ অৰ্থনৈতিক ক্ষতি হয়।

মানী প্লেণ্ট উপহাৰ হিচাপে নিদিব:
বাস্তু শাস্ত্ৰৰ নিয়মমতে মানী প্লেণ্ট কেতিয়াও কাকো উপহাৰ দিব নালাগে। বিশ্বাস অনুসৰি মানী প্লেণ্ট উপহাৰ দিলে শুক্ৰ দেৱ ক্ৰোধিত হয়। শুক্ৰ দেৱক সুখ আৰু শান্তিৰ প্ৰতীক বুলিও গণ্য কৰা হয়। এই কাৰণতে আনক মানী প্লেণ্ট উপহাৰ দিব নালাগে বুলি ধাৰণা কৰা হয়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
অপাৰেচন সিন্দুৰৰ সফলতাৰ আঁৰত ভাৰতীয় প্ৰযুক্তি আৰু মেক ইন ইণ্ডিয়াঃ প্ৰধানমন্ত্ৰী মোদী
মাৰ্ঘেৰিটাত টালি টোপোলা বান্ধিছে অবৈধ বেদখলকাৰীয়ে
মই যি বাটেৰে ওলালো আজি! কেতিয়াও উভতি নহাৰ বাটেৰে গুচি গ'ল স্বনামধন্য নাট্যকাৰ, গীতিকাৰ হেমন্ত দত্ত
উত্তম গগৈক হত্যা কৰি পত্নী বৰ্তমান ন্যায়িক জিম্মাত,কন্যা জুভেনাইল হোমত! পুত্ৰৰ জন্মদিন পাতিলে ওচৰ-চুবুৰীয়াই
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
তিনি মাহত খাদ্যৰ বাবে অপেক্ষাৰত ১৪০০ পেলেষ্টাইনীক হত্যা
প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত মণিপুৰৰ মহিলা আদাছো কপেছা
উচ্ছেদৰ পাছতে ৰজাপুখুৰী, গেলাজান নিজৰ বুলি দাবী নগাৰ
৬০০ বছৰৰ পাছত ক্রাছেনিনিক'ভ আগ্নেয়গিৰিৰ উদ্গিৰণ হোৱাৰ বাবেই হৈছিল প্রবল ভূমিকম্প
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস