--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ক’ভিডসৃষ্ট পৰিৱেশেই হওক বা অন্যান্য প্ৰাকৃতিক দুৰ্যোগৰ ফলতেই হওক, আমাৰ বহুতেই এতিয়াও বিভিন্ন ধৰণে অৰ্থনৈতিক সংকটৰে জৰ্জৰিত হৈ আছে আৰু এই অৰ্থনৈতিক সংকটে প্ৰায়ে আমাৰ শাৰীৰিক আৰু মানসিক জীৱনত ব্যাঘাত জন্মায়। যদি আপুনি আপোনাৰ শাৰীৰিক আৰু মানসিক জীৱনটো সুখৰ কৰিব বিচাৰে, যদি আপুনি নিজকে আৰ্থিক সংকটৰ পৰা মুক্তি বিচাৰে, তেন্তে আপুনি এই সৰু টিপছটো কৰিব পাৰে।

 আমাৰ চাৰিওফালে আঁহত গছ দেখা যায়। হিন্দু শাস্ত্ৰ অনুসৰি আঁহত গছৰ বহু গুৰুত্ব আছে, কিন্তু যদি কেতিয়াবা কোনো ঘৰৰ চৌহদত আঁহত গছ থাকে, তেন্তে সেয়া একেবাৰেই শুভ নহয়। অৱশ্যে আঁহত পাতেৰে এটা সৰু উপায় কৰি আপুনিও পাব পাৰে অৰ্থনৈতিক সংকটৰ পৰা মুক্তি। জানো আহক কেনেকৈ?

 এখন আঁহতৰ পাত লৈ তাত হালধি আৰু চন্দনৰ মিশ্ৰণ কৰি ‘হ্ৰিং’ লিখিব। তাৰ পাছত এই পাতটো আপোনাৰ টকা ৰখা পাৰ্ছত ৰাখিব পাৰে নাইবা যদি আপুনি কোনো শুভ কামলৈ গৈ আছে, তেন্তে সেই কামটো সফল হোৱাত আপোনাক সহায় কৰিব, কিন্তু সাৱধান হ’ব যাতে আঁহতৰ পাতটো মাটিত পৰি নাযায় বা চিঙি নাযায়, নহ’লে আপুনি ভবাৰ মতে মনোবাঞ্ছা পূৰণত বাধা হৈ পৰিব পাৰে।

 কিন্তু মনত ৰাখিব সম্পূৰ্ণ বিশ্বাসেৰে এই কামটো কৰিব। কাৰণ যদি আপোনাৰ মনত বিশ্বাস নাথাকে, তেন্ত ইচ্ছা পূৰণত বাধা আহি পৰিব। গতিকে বিশ্বাসেৰে আৰু যদি আপুনি বিচাৰে আৰ্থিক সংকটৰ পৰা মুক্তি, তেন্তে এই সৰু কৌশলটো অৱলম্বন কৰি চাব পাৰে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু