--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহু সময়ত ল’ৰাবোৰে ছোৱালীক আপ্লুত কৰাৰ প্ৰক্ৰিয়াত ভুল কৰে আৰু ল'ৰাৰ কিছুমান অভ্যাসৰ বাবে ছোৱালী সুখী হোৱাৰ সলনি খংহে উঠে। আপুনি এইটোও জনা উচিত যে ছোৱালীবোৰে কি কি অভ্যাস খুব ভাল পায়? কিছুমান ল’ৰাই ছোৱালীৰ লগত কথা পতাটো সহজ বুলি ভাবে কিন্তু সেয়া সঁচা নহয়। আচলতে ছোৱালীবোৰে কথা পাতি থাকোঁতে বহুত কথা লক্ষ্য কৰে। ল’ৰাবোৰৰ বডি লেংগুৱেজৰ পৰাই ছোৱালীয়ে বুজি পায়, ল’ৰাটো কেনেকুৱা! ল’ৰাবোৰে প্ৰায়ে ছোৱালীয়ে কি ভাল পায় আৰু ছোৱালীৰ বাবে কি কৰিব লাগে সেই বিষয়ে জানিবলৈ চেষ্টা কৰে যাতে ছোৱালী তেওঁলোকৰ প্ৰতি আকৰ্ষিত হয়। ল'ৰাৰ কি অভ্যাস ছোৱালীয়ে ভাল পায় সেই বিষয়ে জানো আহক। 

১)ধেমেলীয়া ল’ৰা ভাল পায়ঃ ধেমেলীয়া মানুহ সকলোৱে ভাল পায়। হাঁহি ধেমালি নকৰা মানুহৰ লগত সময় কটোৱাটো বিৰক্তিকৰ হৈ পৰে। ছোৱালীবোৰে সাধাৰণতে ধেমেলীয়া ল’ৰাবোৰ ভাল পায়। যিয়ে চৌপাশৰ মানুহক হঁহুৱাই ৰাখিবলৈ যত্ন কৰে।

২)আত্মবিশ্বাসী ল’ৰা ভাল পায়ঃ ছোৱালীৰ সন্মুখত মনৰ কথা ক'বলৈ এচাম ল'ৰাই বৰ লাজ পায়, ছোৱালীবোৰে এনে ল'ৰাক ভাল নাপায়। আচলতে ছোৱালীবোৰে আত্মবিশ্বাসী ল’ৰাবোৰ পচন্দ কৰে। আত্মবিশ্বাসী লৰাবোৰৰ প্ৰতি ছোৱালী সহজতেই আকৰ্ষিত হয়।

৩)পৰিষ্কাৰ-পৰিচ্ছন্ন ল’ৰা ভাল পায়ঃ পৰিষ্কাৰ-পৰিচ্ছন্ন লৰা ছোৱালীয়ে ভাল পায়। লেতেৰা লৰাৰ প্ৰতি একেবাৰে আকৰ্ষণ অনুভৱ নকৰে ছোৱালীয়ে। গতিকে পৰিষ্কাৰ-পৰিচ্ছন্ন হৈ থকাত সদায় গুৰুত্ব প্ৰদান কৰক।

৪)কথা মন দি শুনিলে ভাল পায়ঃ ছোৱালীৰ কথা যিবোৰ লৰাই মন দি শুনে, সেই লৰাৰ প্ৰতি ছোৱালী আকৰ্ষিত হয়। ছোৱালীবোৰ স্বভাৱত  আৱেগিক হয়। যিকোনো কথা তেওঁলোকে বহু সময় ভাবি ভাবিয়েই পাৰ কৰি দিয়ে। যদি আপুনি কোনো ছোৱালীৰ কথা মন দি শুনাত গুৰুত্ব দিয়ে তেন্তে আপুনি তেওঁৰ প্ৰথম পছন্দ হ’ব পাৰে।

৫)ভাল ড্ৰেছিং চেন্স ভাল পায়ঃ ছোৱালীবোৰে ল’ৰাৰ ড্ৰেছিং চেন্সও লক্ষ্য কৰে। যদি আপুনি ডেটিং আৰম্ভ কৰিছে বা আৰম্ভ কৰিবলৈ ওলাইছে, তেন্তে আপুনি এই দিশটোৰ প্ৰতি বিশেষ যত্ন ল’ব লাগিব। ড্ৰেছিং চেন্সৰ দ্বাৰা ছোৱালীবোৰে অনুমান কৰিবলৈ চেষ্টা কৰে যে ল’ৰাজনে নিজৰ প্ৰতি কিমান মনোযোগ দিয়ে।

৬)ফিটনেছত মনোনিৱেশ কৰিলে ভাল পায়ঃ নিজৰ ফিটনেছত গুৰুত্ব দিয়া লৰাক ছোৱালীয়ে ভাল পায়। বেছিভাগ ছোৱালীয়েই অনুভৱ কৰে যে যদি ল’ৰাজনে নিজৰ ফিটনেছৰ ইমান যত্ন লৈছে তেন্তে তেওঁ সেই ছোৱালীজনীৰ প্ৰতিও যত্ন ল’ব।

৭)সৰু সৰু উপহাৰ ভাল পায়ঃ ছোৱালীয়ে উপহাৰ বৰ ভাল পায়। সৰু সৰু উপহাৰ দিলেও ছোৱালী সুখী হৈ পৰে, তাৰবাবে বহু বেছি ডাঙৰ উপহাৰ দিয়াৰ কোনো প্ৰয়োজন নপৰে, মাঁথো উপহাৰটো মৰমেৰে দিয়া হ'ব লাগিব। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক