--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহু সময়ত ল’ৰাবোৰে ছোৱালীক আপ্লুত কৰাৰ প্ৰক্ৰিয়াত ভুল কৰে আৰু ল'ৰাৰ কিছুমান অভ্যাসৰ বাবে ছোৱালী সুখী হোৱাৰ সলনি খংহে উঠে। আপুনি এইটোও জনা উচিত যে ছোৱালীবোৰে কি কি অভ্যাস খুব ভাল পায়? কিছুমান ল’ৰাই ছোৱালীৰ লগত কথা পতাটো সহজ বুলি ভাবে কিন্তু সেয়া সঁচা নহয়। আচলতে ছোৱালীবোৰে কথা পাতি থাকোঁতে বহুত কথা লক্ষ্য কৰে। ল’ৰাবোৰৰ বডি লেংগুৱেজৰ পৰাই ছোৱালীয়ে বুজি পায়, ল’ৰাটো কেনেকুৱা! ল’ৰাবোৰে প্ৰায়ে ছোৱালীয়ে কি ভাল পায় আৰু ছোৱালীৰ বাবে কি কৰিব লাগে সেই বিষয়ে জানিবলৈ চেষ্টা কৰে যাতে ছোৱালী তেওঁলোকৰ প্ৰতি আকৰ্ষিত হয়। ল'ৰাৰ কি অভ্যাস ছোৱালীয়ে ভাল পায় সেই বিষয়ে জানো আহক। 

১)ধেমেলীয়া ল’ৰা ভাল পায়ঃ ধেমেলীয়া মানুহ সকলোৱে ভাল পায়। হাঁহি ধেমালি নকৰা মানুহৰ লগত সময় কটোৱাটো বিৰক্তিকৰ হৈ পৰে। ছোৱালীবোৰে সাধাৰণতে ধেমেলীয়া ল’ৰাবোৰ ভাল পায়। যিয়ে চৌপাশৰ মানুহক হঁহুৱাই ৰাখিবলৈ যত্ন কৰে।

২)আত্মবিশ্বাসী ল’ৰা ভাল পায়ঃ ছোৱালীৰ সন্মুখত মনৰ কথা ক'বলৈ এচাম ল'ৰাই বৰ লাজ পায়, ছোৱালীবোৰে এনে ল'ৰাক ভাল নাপায়। আচলতে ছোৱালীবোৰে আত্মবিশ্বাসী ল’ৰাবোৰ পচন্দ কৰে। আত্মবিশ্বাসী লৰাবোৰৰ প্ৰতি ছোৱালী সহজতেই আকৰ্ষিত হয়।

৩)পৰিষ্কাৰ-পৰিচ্ছন্ন ল’ৰা ভাল পায়ঃ পৰিষ্কাৰ-পৰিচ্ছন্ন লৰা ছোৱালীয়ে ভাল পায়। লেতেৰা লৰাৰ প্ৰতি একেবাৰে আকৰ্ষণ অনুভৱ নকৰে ছোৱালীয়ে। গতিকে পৰিষ্কাৰ-পৰিচ্ছন্ন হৈ থকাত সদায় গুৰুত্ব প্ৰদান কৰক।

৪)কথা মন দি শুনিলে ভাল পায়ঃ ছোৱালীৰ কথা যিবোৰ লৰাই মন দি শুনে, সেই লৰাৰ প্ৰতি ছোৱালী আকৰ্ষিত হয়। ছোৱালীবোৰ স্বভাৱত  আৱেগিক হয়। যিকোনো কথা তেওঁলোকে বহু সময় ভাবি ভাবিয়েই পাৰ কৰি দিয়ে। যদি আপুনি কোনো ছোৱালীৰ কথা মন দি শুনাত গুৰুত্ব দিয়ে তেন্তে আপুনি তেওঁৰ প্ৰথম পছন্দ হ’ব পাৰে।

৫)ভাল ড্ৰেছিং চেন্স ভাল পায়ঃ ছোৱালীবোৰে ল’ৰাৰ ড্ৰেছিং চেন্সও লক্ষ্য কৰে। যদি আপুনি ডেটিং আৰম্ভ কৰিছে বা আৰম্ভ কৰিবলৈ ওলাইছে, তেন্তে আপুনি এই দিশটোৰ প্ৰতি বিশেষ যত্ন ল’ব লাগিব। ড্ৰেছিং চেন্সৰ দ্বাৰা ছোৱালীবোৰে অনুমান কৰিবলৈ চেষ্টা কৰে যে ল’ৰাজনে নিজৰ প্ৰতি কিমান মনোযোগ দিয়ে।

৬)ফিটনেছত মনোনিৱেশ কৰিলে ভাল পায়ঃ নিজৰ ফিটনেছত গুৰুত্ব দিয়া লৰাক ছোৱালীয়ে ভাল পায়। বেছিভাগ ছোৱালীয়েই অনুভৱ কৰে যে যদি ল’ৰাজনে নিজৰ ফিটনেছৰ ইমান যত্ন লৈছে তেন্তে তেওঁ সেই ছোৱালীজনীৰ প্ৰতিও যত্ন ল’ব।

৭)সৰু সৰু উপহাৰ ভাল পায়ঃ ছোৱালীয়ে উপহাৰ বৰ ভাল পায়। সৰু সৰু উপহাৰ দিলেও ছোৱালী সুখী হৈ পৰে, তাৰবাবে বহু বেছি ডাঙৰ উপহাৰ দিয়াৰ কোনো প্ৰয়োজন নপৰে, মাঁথো উপহাৰটো মৰমেৰে দিয়া হ'ব লাগিব। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু