--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান সময়ত মানুহৰ বাবে  টোপনিৰ অভাৱ এটা ডাঙৰ ৰোগত পৰিণত হৈছে।  ৰাতি ভালদৰে টোপনি নোযোৱা বাবে গোটেই দিনটো শক্তি কম হৈ থাকে আৰু খিংখিঙীয়া হৈ থাকে।  টোপনি কম হোৱাৰ বাবে বি পি আৰু অন্যান্য জীৱনশৈলীৰ লগত জড়িত ৰোগো বৃদ্ধি পায়।  যদি আপুনিও অনিদ্ৰাৰ বলি হৈছে, তেন্তে নিশ্চিতভাৱে এই টিপছবোৰ গ্ৰহণ কৰি চাওক।


১)শোৱাৰ আগত গাধোৱাৰ বহুতো উপকাৰিতা আছে।  শীতকালত ৰাতি গা ধুবলৈ অলপ অসুবিধা হয়, কিন্তু বেছি গৰমৰ দিনত টোপনিৰ আগতে স্বাভাৱিক পানীৰে গা ধুলে টোপনিৰ বাবে উপকাৰী।  গা ধোৱাৰ ফলত শৰীৰটো সতেজ অনুভৱ হয়।  যদি গা ধোৱা সম্ভৱ নহয় তেন্তে হাত ভৰি ভালকে ধুই শুই যাব লাগে।


 ২)তলুৱাত কিছু তেল দি ২-৫ মিনিট মালিচ কৰিলে দ্ৰুত টোপনি অহাত সহায়ক হয়।  আচলতে তলুৱাত বহুতো একুপ্ৰেচাৰ পইণ্ট থাকে, য’ত যদি আপুনি যিকোনো তেলে মালিচ কৰে, তেতিয়া আপুনি সেইবোৰৰ পৰা সকাহ পাব।  মালিচৰ বাবে অলিভ অইল, নাৰিকল তেল বা সৰিয়হৰ তেল দিব পাৰে।


 ৩)টোপনিৰ আগতে একাপ কুহুমীয়া গাখীৰ খালেও সোনকালে টোপনি অহাত সহায়ক হয়। গাখীৰত ট্ৰিপ্ট’ফেন থাকে যিয়ে সোনকালে টোপনি অহাত সহায় কৰে।  ইচ্ছা কৰিলে এচিকুট হালধি দি কুহুমীয়া গাখীৰ খাব পাৰে।


৪) শোৱাৰ আগতে বিচনা বা শুই থকা ঠাইখিনি নিশ্চিতভাৱে পৰিষ্কাৰ কৰি ল’ব লাগে।  পৰিষ্কাৰ বিচনা এখন ভালদৰে টোপনি অহাত সহায়ক হয়।  যদি শুই থকাৰ সময়ত অলপ আন্ধাৰ আৰু শান্তি ভাল পায়, তেন্তে সেই অনুসৰি শুই থকা পৰিৱেশ এটা বনাওক।  যদি আন্ধাৰ একেবাৰে ভাল নাপায় তেন্তে অতি পোহৰৰ লাইট জ্বলাই শুব পাৰি।


 ৫)শোৱাৰ ১ ঘণ্টা আগতে মোবাইল বা টিভি বন্ধ কৰি দিব লাগে।  আচলতে টোপনিৰ ঠিক আগতে ফোন বা টিভি চালে মগজুটো অধিক সক্ৰিয় হৈ থাকে আৰু টোপনি পলমকৈ আহে।  বহু সময়ত আপুনি চাই থকা ভিডিঅ’ বা প্ৰগ্ৰেমটোৱেও মগজুত প্ৰভাৱ পেলায় আৰু টোপনি অহাত অসুবিধা হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক