--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দুই পুত্ৰ, কন্যাৰ দুৰাৰোগ্য ৰোগ। হতাশ হৈ গোটেই পৰিয়ালটোৱে বিহ পান কৰি মৃত্যুৰ পথ বাচি লয়। হায়দৰাবাদত ঘটিছে এই চাঞ্চল্যকৰ ঘটনা। এই ঘটনাৰ প্ৰায় ডেৰ দিনৰ পাছতহে তথ্য লাভ কৰি সেই স্থানত উপস্থিত হয় আৰক্ষী। চাৰিওটা মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। আৰক্ষীয়ে জনোৱা মতে, প্ৰতিবেদন আহিলেই মৃত্যুৰ কাৰণ জানিব পৰা যাব।

৯ বছৰীয়া নিশিকেট আৰু ৫ বছৰীয়া নিহাল। এই দুয়োটা সন্তানৰ  সৈতে  সতীশ আৰু বেদাৰ  সুখৰ সংসাৰ। কেইবাবছৰ পূৰ্বে নিশিকেটৰ এটা মাৰাত্মক ৰোগ ধৰা পৰিছিল। চিকিৎসা আৰম্ভ কৰিলে। কেইমাহমানৰ ভিতৰতে নিহালৰো একে লক্ষণ দেখা গ’ল। চিকিৎসকে জনোৱা মতে, নিহালও একে ৰোগত আক্ৰান্ত। সেইটোৱেই হৈছে পাৰিবাৰিক সমস্যাৰ আৰম্ভণি।

সতীশ আৰু বেদাই সন্তান দুটাৰ চিকিৎসা কৰি কোনো ফলাফল নোহোৱাকৈ হতাশ হৈ পৰে। আৰক্ষীৰ প্ৰাৰম্ভিক অনুমান যে এই কাৰণেই চৰম সিদ্ধান্ত গ্ৰহণ কৰে দম্পতীহালে।

হায়দৰাবাদৰ কুছাইগুডা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে কয় যে শিশু দুটিৰ দীৰ্ঘদিনীয়া শাৰীৰিক অসুস্থতাৰ বাবে মাতৃ আৰু পিতৃ হতাশ হৈ পৰিছিল। এটা সময়ত তেওঁলোকে নিজৰ সন্তানক বিষ দিছিল আৰু তাৰ পিছত তেওঁলোকে নিজেই বিষ খাইছিল। মুহূৰ্তৰ ভিতৰতে ৪ জন লোকৰ মৃত্যু হয়।

আৰক্ষীৰ সূত্ৰ অনুসৰি শুকুৰবাৰে নিশা এই ঘটনা সংঘটিত হয় যদিও শনিবাৰে বিয়লিৰ পিছত তেওঁলোকে এই তথ্য লাভ কৰে। ঘটনাস্থলীত লৰালৰিকৈ গৈ দুৱাৰ ভাঙি উদ্ধাৰ কৰে মৃতদেহটো। মৰণোত্তৰ পৰীক্ষাৰ অন্তত মৃত্যুৰ সঠিক কাৰণ জানিব পৰা যাব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। অৱশ্যে এই পৰ্যন্ত আৰক্ষীৰ ওচৰত কোনো অভিযোগ দাখিল কৰা হোৱা নাই। অস্বাভাৱিক মৃত্যুৰ স্বতঃস্ফূৰ্ত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক