--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দুই পুত্ৰ, কন্যাৰ দুৰাৰোগ্য ৰোগ। হতাশ হৈ গোটেই পৰিয়ালটোৱে বিহ পান কৰি মৃত্যুৰ পথ বাচি লয়। হায়দৰাবাদত ঘটিছে এই চাঞ্চল্যকৰ ঘটনা। এই ঘটনাৰ প্ৰায় ডেৰ দিনৰ পাছতহে তথ্য লাভ কৰি সেই স্থানত উপস্থিত হয় আৰক্ষী। চাৰিওটা মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। আৰক্ষীয়ে জনোৱা মতে, প্ৰতিবেদন আহিলেই মৃত্যুৰ কাৰণ জানিব পৰা যাব।

৯ বছৰীয়া নিশিকেট আৰু ৫ বছৰীয়া নিহাল। এই দুয়োটা সন্তানৰ  সৈতে  সতীশ আৰু বেদাৰ  সুখৰ সংসাৰ। কেইবাবছৰ পূৰ্বে নিশিকেটৰ এটা মাৰাত্মক ৰোগ ধৰা পৰিছিল। চিকিৎসা আৰম্ভ কৰিলে। কেইমাহমানৰ ভিতৰতে নিহালৰো একে লক্ষণ দেখা গ’ল। চিকিৎসকে জনোৱা মতে, নিহালও একে ৰোগত আক্ৰান্ত। সেইটোৱেই হৈছে পাৰিবাৰিক সমস্যাৰ আৰম্ভণি।

সতীশ আৰু বেদাই সন্তান দুটাৰ চিকিৎসা কৰি কোনো ফলাফল নোহোৱাকৈ হতাশ হৈ পৰে। আৰক্ষীৰ প্ৰাৰম্ভিক অনুমান যে এই কাৰণেই চৰম সিদ্ধান্ত গ্ৰহণ কৰে দম্পতীহালে।

হায়দৰাবাদৰ কুছাইগুডা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে কয় যে শিশু দুটিৰ দীৰ্ঘদিনীয়া শাৰীৰিক অসুস্থতাৰ বাবে মাতৃ আৰু পিতৃ হতাশ হৈ পৰিছিল। এটা সময়ত তেওঁলোকে নিজৰ সন্তানক বিষ দিছিল আৰু তাৰ পিছত তেওঁলোকে নিজেই বিষ খাইছিল। মুহূৰ্তৰ ভিতৰতে ৪ জন লোকৰ মৃত্যু হয়।

আৰক্ষীৰ সূত্ৰ অনুসৰি শুকুৰবাৰে নিশা এই ঘটনা সংঘটিত হয় যদিও শনিবাৰে বিয়লিৰ পিছত তেওঁলোকে এই তথ্য লাভ কৰে। ঘটনাস্থলীত লৰালৰিকৈ গৈ দুৱাৰ ভাঙি উদ্ধাৰ কৰে মৃতদেহটো। মৰণোত্তৰ পৰীক্ষাৰ অন্তত মৃত্যুৰ সঠিক কাৰণ জানিব পৰা যাব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। অৱশ্যে এই পৰ্যন্ত আৰক্ষীৰ ওচৰত কোনো অভিযোগ দাখিল কৰা হোৱা নাই। অস্বাভাৱিক মৃত্যুৰ স্বতঃস্ফূৰ্ত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
জ্যোতিচিত্ৰবনত অনুষ্ঠিত হৈছে আমাৰ ভূপেন দা ছিজন ৯ ৰ গুৱাহাটী অডিচন
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল ৰিম্পী বুঢ়াগোহাঁই ; নিজ গাঁৱত উষ্ম আদৰণি খেলুৱৈ গৰাকীক
কৰিশ্মা নাথৰ দলক নিষিদ্ধ ঘোষণাৰ দাবী কলাগুৰুৰ পুত্ৰৰ
অসমৰ যুৱকৰ থাইলেণ্ডত ৰহস্যজনক মৃত্যু
খালী পেটত কেঁচা নহৰু খালে নানা উপকাৰ পোৱা যায়! জানি লওক সৱিশেষ
নিতৌ চুৰিকাণ্ডৰে ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চোৰৰ দলক গ্ৰেপ্তাৰ মঙলদৈ আৰক্ষীৰ
গোৱালপাৰা আৰক্ষীৰ সফলতা! তিনিটা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
চীন-ভাৰতে মিলি শক্তিশালী কৰিব এছিয়াক