--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাকাশ পৰিবহণৰ ক্ষেত্ৰত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ISRO) ডাঙৰ সফলতা লাভ কৰিলে। ভাৰতৰ সৰ্ববৃহৎ ‘লঞ্চ ভেহিকেল মাৰ্ক-৩’ (এল ভি এম-৩) ৰকেটে দেওবাৰে পুৱা ৯ বজাত অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা ৩৬টা কৃত্ৰিম উপগ্ৰহ মহাকাশলৈ লৈ যায়। এই ধৰণৰ ৰকেটক পূৰ্বতে ‘জিঅ’চিনক্ৰ’নাছ চেটেলাইট লঞ্চ ভেহিকেল Mk 3’ বুলি কোৱা হৈছিল। এই ৰকেটটো চন্দ্ৰযান ২ অভিযানৰ সময়তো ব্যৱহাৰ কৰা হৈছিল।

ইংলেণ্ডৰ এটা কোম্পানী OneWeb Group of Companies। যিসকলে চৰকাৰী আৰু বাণিজ্যিক কামত ইণ্টাৰনেট সেৱা আগবঢ়ায়। এই সংস্থাটোৱে ইছৰোৰ বাণিজ্যিক শাখা নিউ স্পেচ ইণ্ডিয়া লিমিটেডৰ সৈতে চুক্তিবদ্ধ হয়। নিউ স্পেচক মুঠ ৭২টা উপগ্ৰহ মহাকাশলৈ কঢ়িয়াই নিয়াৰ কৃতিত্ব দিয়া হয়। দেওবাৰে সেই চুক্তি অনুসৰিয়ে উৎক্ষেপণ কৰা হয়। ২০২২ চনৰ ২৩ অক্টোবৰত ইছৰ’ই প্ৰথম পৰ্যায়ৰ ৩৬টা ৱানৱেব উপগ্ৰহ উৎক্ষেপণ কৰে।

৪৩.৫ মিটাৰ দৈৰ্ঘ্যৰ ৬৪৩ টন ওজনৰ এই ৰকেটটো শ্ৰীহৰিকোটাৰ দ্বিতীয়টো লঞ্চ পেড (লঞ্চ পেড)ৰ পৰা উৎক্ষেপণ কৰা হয়। ৩৬টা উপগ্ৰহৰ লক্ষ্য হৈছে কৃত্ৰিম উপগ্ৰহৰ ভিত্তিত ইণ্টাৰনেট সেৱা প্ৰদান কৰা। যিটো পৃথিৱীৰ বায়ুমণ্ডলৰ আটাইতকৈ নিম্ন কক্ষপথত বা ‘নিম্ন পৃথিৱী কক্ষপথ’ত সলনি কৰা হ’ব। ৩৬টা উপগ্ৰহৰ মুঠ ওজন ৫৮০৫ কিলোগ্ৰাম। ইয়াৰ পূৰ্বে ইছৰোৰ হাতত ৫০০ৰো অধিক কৃত্ৰিম উপগ্ৰহ মহাকাশলৈ প্ৰেৰণ কৰাৰ বিৰল অভিলেখ আছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
শৃংখলাৰ পৰা বাহিৰ নীতিশ কুমাৰ ৰেড্ডী
বঙাইগাঁৱত আত্মহত্যা কনিষ্ঠ অভিযন্তা জ্যোশিতা দাসৰ
খৰাঙৰে যুঁজাত ব্যৰ্থ ৰাজ্যৰ জলসিঞ্চন বিভাগ
ট্রাম্পে প'ষ্ট কৰিলে ওবামাৰ গ্ৰেপ্তাৰৰ AI সৃষ্ট ভিডিঅ'
থলুৱা কাঁহ উদ্যোগীয়ে ঘূৰাই পাব নগদ ধন
কামপুৰত ১৬টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰসহ আটক সৰবৰাহকাৰী ইছাফিল হক
১৬০০ কোটি টকাৰ বাম্পাৰ পেকেজ! মাৰ্ক জুকাৰবাৰ্গে কাক দিলে ইমান টকা দৰমহা…
কাৰাগাৰত মৌলবাদৰ প্ৰসাৰক লৈ উদ্বিগ্ন কেন্দ্ৰ ; নিয়ন্ত্ৰণৰ বাবে ৰাজ্যসমূহলৈ পত্ৰ
ভাৰতবাসীৰ বাবে নীৰৱ ঘাতক হৈ পৰিছে নিমখ
মণিপুৰত আৰক্ষী বৃহৎ তালাচীত ৮৬টা অস্ত্র, ৯৭৪টা গ্ৰেনেড-গোলা উদ্ধাৰ
পিতৃ-মাতৃ হ’ল সিদ্ধাৰ্থ-কিয়াৰা, অনুৰাগীৰ মাজত আনন্দৰ লহৰ
ডিমা হাছাওত প্ৰচণ্ড ভূমিস্খলনত দুই জন লোকৰ মৃত্যু
শ্বাহৰূখৰ সৈতে বিবাহ, উদিতৰ সৈতে প্ৰেম...৬ বছৰীয়া কন্যা সন্তানক হত্যা কৰি প্ৰেমিকৰ সৈতে কৰিলে পাৰ্টী
ক্ৰিকেটেৰে আৰম্ভ হ'ব অলিম্পিক