--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিপন্ন সময়ৰ পৰা পৰিত্ৰাণ বিচাৰিছে পৃথিৱীয়ে। কৰ’নাতংকৰ কাল বিভীষিকাৰ যেন অন্ত নাই।এইবাৰ আহিছে আন এক উদ্বেগজনক খবৰ। অ’মিক্ৰনে শেষ নহয়। উদ্বেগ বৃদ্ধি কৰিব পৰা আৰু ভিন্ন প্ৰকাৰৰ কৰ’না ভেৰিয়েণ্ট পৃথিৱীলৈ মাতি আনিব পাৰে কাল অমানিশা। বিশ্ব স্বাস্থ্য সংস্থাৰ ক’ভিড বিশেষজ্ঞ মাৰিয়া ভন কেৰ্কভে শেহতীয়াকৈ তেনে বাৰ্তাই প্ৰেৰণ কৰিছে। তেওঁ কয়, ‘আমি অধিক বিপদজনক ভেৰিয়েণ্ট সন্মুখীন হ'ব পাৰোঁ, সেই আশংকা এতিয়াও আছে। এই ভাইৰাছটোৰ বিষয়ে আমি বহুতো কিবা কিবি জানিবলৈ পাৰিছো। কিন্তু এতিয়ালৈকে আৰু বহুতো কথা জানিবলৈ বাকী আছে।’ স্মৰ্তব্য যে, আমেৰিকা যুক্তৰাষ্ট্ৰত মৃত্যুৰ সংখ্যাই ৯লাখ অতিক্ৰম কৰিছে। কৰ’না মহামাৰীয়ে আৰু কিমানৰ প্ৰাণ কাঢ়িব সেই বিষয়ে এতিয়াই কোৱাটো কঠিন। ক’ভিড মহামাৰীত ১লাখ লোকৰ মৃত্যুৰ পাছতে সমগ্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰত হৈ চৈ লাগিছিল। প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে যথেষ্ট ক্ষোভৰ সন্মুখীন হ’বলগীয়া হৈছিল।পূৰ্বৰ তুলনাত এতিয়া মৃত্যুৰ সংখ্যা ৯গুণ বৃদ্ধি পাইছে। কালি দেশৰ আইনসভাৰ সদস্যসকলে কেপিটলেত মমৰ পোহৰত ক’ভিডত মৃত্যু হোৱা লোকসকলৰ স্মৃতিত প্ৰাৰ্থনা কৰিছিল। সদনৰ অধ্যক্ষ নেন্সি পেলোছী আৰু ছিনেটৰ সংখ্যাগৰিষ্ঠ নেতাৰ তত্‍পৰতাতে অনুষ্ঠানটোৰ আয়োজন কৰা হৈছিল। পেলোছীয়ে এটা টুইট যোগে কয়, ‘মৃতকৰ স্মৃতিত এই মহামাৰীৰ সমাপ্তিৰ বাবে আমি সকলোৱে একেলগে যুঁজ অব্যাহত ৰাখিছোঁ।’ স্মাৰক সভাৰ পাছত ৱাশ্বিংটনৰ নেচনেল কেথেড্ৰেলত ৯০০ বাৰ অন্ত্যেষ্টিক্ৰিয়াৰ ঘণ্টা বজোৱা হৈছিল। জানুৱাৰীৰ মাজভাগৰ পৰা দৈনিক মৃত্যুৰ হাৰ সামান্য হ্ৰাস হৈছে যদিও এই পৰিসংখ্যা কম নহয়। এতিয়াও দিনে ২৪০০লোকৰ মৃত্যু হয় দেশখনত। অৱশ্যে, বিগত মাহৰ মাজভাগত চিকিৎসালয়ত ভৰ্তি হোৱা কৰ’না ৰোগীৰ সংখ্যাৰ তুলনাত এতিয়া ইয়াৰ হাৰ ২৪ শতাংশলৈ হ্ৰাস হৈছে। পৰিসংখ্যা অনুসৰি, সোমবাৰে দেশত মুঠ ১,১০,০০০ ৰোগী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। আমেৰিকা যুক্তৰাষ্ট্ৰত এতিয়াও পৃথিৱীৰ ভিতৰতে কৰ’না সংক্ৰমিতৰ হাৰ অধিক। এনে উৰ্ধ্বগামী পৰিসংখ্যাৰ মাজতে কৰ’নাকেন্দ্ৰিক ন ন উদ্বেগজনক খবৰে ভীতি-সন্ত্ৰস্ত কৰি তুলিছে বিশ্ববাসীক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ