--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিপন্ন সময়ৰ পৰা পৰিত্ৰাণ বিচাৰিছে পৃথিৱীয়ে। কৰ’নাতংকৰ কাল বিভীষিকাৰ যেন অন্ত নাই।এইবাৰ আহিছে আন এক উদ্বেগজনক খবৰ। অ’মিক্ৰনে শেষ নহয়। উদ্বেগ বৃদ্ধি কৰিব পৰা আৰু ভিন্ন প্ৰকাৰৰ কৰ’না ভেৰিয়েণ্ট পৃথিৱীলৈ মাতি আনিব পাৰে কাল অমানিশা। বিশ্ব স্বাস্থ্য সংস্থাৰ ক’ভিড বিশেষজ্ঞ মাৰিয়া ভন কেৰ্কভে শেহতীয়াকৈ তেনে বাৰ্তাই প্ৰেৰণ কৰিছে। তেওঁ কয়, ‘আমি অধিক বিপদজনক ভেৰিয়েণ্ট সন্মুখীন হ'ব পাৰোঁ, সেই আশংকা এতিয়াও আছে। এই ভাইৰাছটোৰ বিষয়ে আমি বহুতো কিবা কিবি জানিবলৈ পাৰিছো। কিন্তু এতিয়ালৈকে আৰু বহুতো কথা জানিবলৈ বাকী আছে।’ স্মৰ্তব্য যে, আমেৰিকা যুক্তৰাষ্ট্ৰত মৃত্যুৰ সংখ্যাই ৯লাখ অতিক্ৰম কৰিছে। কৰ’না মহামাৰীয়ে আৰু কিমানৰ প্ৰাণ কাঢ়িব সেই বিষয়ে এতিয়াই কোৱাটো কঠিন। ক’ভিড মহামাৰীত ১লাখ লোকৰ মৃত্যুৰ পাছতে সমগ্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰত হৈ চৈ লাগিছিল। প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে যথেষ্ট ক্ষোভৰ সন্মুখীন হ’বলগীয়া হৈছিল।পূৰ্বৰ তুলনাত এতিয়া মৃত্যুৰ সংখ্যা ৯গুণ বৃদ্ধি পাইছে। কালি দেশৰ আইনসভাৰ সদস্যসকলে কেপিটলেত মমৰ পোহৰত ক’ভিডত মৃত্যু হোৱা লোকসকলৰ স্মৃতিত প্ৰাৰ্থনা কৰিছিল। সদনৰ অধ্যক্ষ নেন্সি পেলোছী আৰু ছিনেটৰ সংখ্যাগৰিষ্ঠ নেতাৰ তত্‍পৰতাতে অনুষ্ঠানটোৰ আয়োজন কৰা হৈছিল। পেলোছীয়ে এটা টুইট যোগে কয়, ‘মৃতকৰ স্মৃতিত এই মহামাৰীৰ সমাপ্তিৰ বাবে আমি সকলোৱে একেলগে যুঁজ অব্যাহত ৰাখিছোঁ।’ স্মাৰক সভাৰ পাছত ৱাশ্বিংটনৰ নেচনেল কেথেড্ৰেলত ৯০০ বাৰ অন্ত্যেষ্টিক্ৰিয়াৰ ঘণ্টা বজোৱা হৈছিল। জানুৱাৰীৰ মাজভাগৰ পৰা দৈনিক মৃত্যুৰ হাৰ সামান্য হ্ৰাস হৈছে যদিও এই পৰিসংখ্যা কম নহয়। এতিয়াও দিনে ২৪০০লোকৰ মৃত্যু হয় দেশখনত। অৱশ্যে, বিগত মাহৰ মাজভাগত চিকিৎসালয়ত ভৰ্তি হোৱা কৰ’না ৰোগীৰ সংখ্যাৰ তুলনাত এতিয়া ইয়াৰ হাৰ ২৪ শতাংশলৈ হ্ৰাস হৈছে। পৰিসংখ্যা অনুসৰি, সোমবাৰে দেশত মুঠ ১,১০,০০০ ৰোগী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। আমেৰিকা যুক্তৰাষ্ট্ৰত এতিয়াও পৃথিৱীৰ ভিতৰতে কৰ’না সংক্ৰমিতৰ হাৰ অধিক। এনে উৰ্ধ্বগামী পৰিসংখ্যাৰ মাজতে কৰ’নাকেন্দ্ৰিক ন ন উদ্বেগজনক খবৰে ভীতি-সন্ত্ৰস্ত কৰি তুলিছে বিশ্ববাসীক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন