--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বুধবাৰে নিশা প্ৰায় দহ বজাত বিশ্বজিৎ ভূঞাই একে গাঁৱৰে ৰুবুল বৰুৱাৰ বাসগৃহৰ সন্মুখত আহি কিবা কথাত ৰুবুলৰ ককায়েক বুলবুল বৰুৱা সৈতে তৰ্কাতৰ্কিত লিপ্ত হয়।

ডিজিটেল ডেস্কঃ  টিংখাঙত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। দুই ভাতৃক দাৰে ঘপিয়াই হত্যাৰ চেষ্টা বিশ্বজিৎ ভূঞা নামৰ এজন যুৱকৰ। ডিব্ৰুগড় জিলাৰ টিংখাং আৰক্ষী থানাৰ অন্তৰ্গত পানীবুৰা গাঁৱত সংঘটিত হয় এই ঘটনা।


বুধবাৰে নিশা প্ৰায় দহ বজাত বিশ্বজিৎ ভূঞাই একে গাঁৱৰে ৰুবুল বৰুৱাৰ বাসগৃহৰ সন্মুখত আহি কিবা কথাত ৰুবুলৰ ককায়েক বুলবুল বৰুৱা সৈতে তৰ্কাতৰ্কিত লিপ্ত হয়।


সুৰাপান কৰি অহা বিশ্বজিৎ ভূঞাই পুনৰ নিজ গৃহলৈ গৈ এখন দা আনি বুলবুল বৰুৱাক আক্ৰমণ কৰে। সেই সময়তে সেই স্থানত উপস্থিত থকা ৰুবুল বৰুৱাই মোবাইলত ভিডিঅ' কৰি থকা দেখি ৰুবুলক দাৰে ঘপিয়াই পলায়ন কৰে । নিশাই টিংখাং আৰক্ষীক এই ঘটনাৰ কথা অৱগত কৰে বুলবুল বৰুৱাই ।


ইফালে চিকিৎসাধীন হ'ব লগা হয় দাৰ ঘাপত আহত ৰুবুল বৰুৱা । ডিঙিত ১২ টাকৈ চিলাই পৰে ৰুবুলৰ । ইয়াৰ পিছতে নিশাই বিশ্বজিৎ ভূঞাক বিচাৰি আৰক্ষীয়ে অভিযান চলাই যদিও বৰ্তমানেও পলাতক হৈ আছে বিশ্বজিৎ ভূঞা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ