--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বুধবাৰে নিশা প্ৰায় দহ বজাত বিশ্বজিৎ ভূঞাই একে গাঁৱৰে ৰুবুল বৰুৱাৰ বাসগৃহৰ সন্মুখত আহি কিবা কথাত ৰুবুলৰ ককায়েক বুলবুল বৰুৱা সৈতে তৰ্কাতৰ্কিত লিপ্ত হয়।

ডিজিটেল ডেস্কঃ  টিংখাঙত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। দুই ভাতৃক দাৰে ঘপিয়াই হত্যাৰ চেষ্টা বিশ্বজিৎ ভূঞা নামৰ এজন যুৱকৰ। ডিব্ৰুগড় জিলাৰ টিংখাং আৰক্ষী থানাৰ অন্তৰ্গত পানীবুৰা গাঁৱত সংঘটিত হয় এই ঘটনা।


বুধবাৰে নিশা প্ৰায় দহ বজাত বিশ্বজিৎ ভূঞাই একে গাঁৱৰে ৰুবুল বৰুৱাৰ বাসগৃহৰ সন্মুখত আহি কিবা কথাত ৰুবুলৰ ককায়েক বুলবুল বৰুৱা সৈতে তৰ্কাতৰ্কিত লিপ্ত হয়।


সুৰাপান কৰি অহা বিশ্বজিৎ ভূঞাই পুনৰ নিজ গৃহলৈ গৈ এখন দা আনি বুলবুল বৰুৱাক আক্ৰমণ কৰে। সেই সময়তে সেই স্থানত উপস্থিত থকা ৰুবুল বৰুৱাই মোবাইলত ভিডিঅ' কৰি থকা দেখি ৰুবুলক দাৰে ঘপিয়াই পলায়ন কৰে । নিশাই টিংখাং আৰক্ষীক এই ঘটনাৰ কথা অৱগত কৰে বুলবুল বৰুৱাই ।


ইফালে চিকিৎসাধীন হ'ব লগা হয় দাৰ ঘাপত আহত ৰুবুল বৰুৱা । ডিঙিত ১২ টাকৈ চিলাই পৰে ৰুবুলৰ । ইয়াৰ পিছতে নিশাই বিশ্বজিৎ ভূঞাক বিচাৰি আৰক্ষীয়ে অভিযান চলাই যদিও বৰ্তমানেও পলাতক হৈ আছে বিশ্বজিৎ ভূঞা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
মুম্বাইত উদ্ভাসিত হ'ল সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি
উপ-ৰাষ্ট্ৰপতি কোন? আজি নির্বাচন, ৰাধাকৃষ্ণণ বনাম সুদর্শন ৰেড্ডী
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
দলগাঁৱত ড্ৰেগন খেতি কৰি স্বাৱলম্বী জৰীপ আলী
বিজুলি চমকে কিন্তু নপৰে বজ্ৰপাত,মেঘে গৰ্জে কিন্তু বৰষুণ নহয় !
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল