--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ কাশ্মীৰৰ বিধানসভা নিৰ্বাচনলৈ আৰু  বেছি দিন নাই, তাৰিখ ঘোষণা নহ'লেও ৰাজ্য খনত লোকসভা নিৰ্বাচনৰ পিছতে বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰিব লাগিব চৰকাৰে। এনেসময়তে প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে জম্মুৰ ধমপুৰত এক  ৰেলী সম্বোধন কৰি কয় যে কাশ্মীৰৰ বিধানসভা নিৰ্বাচনলৈ  বেছি দিন নাই । কাশ্মীৰে পুনৰ  ৰাজ্যৰ মৰ্যাদা ওভতাই পাব । 

কংগ্ৰেছক আক্ৰমণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে  কংগ্ৰেছে ক্ষমতাৰ লোভতে অনুচ্ছেদ ৩৭০ বাহাল ৰাখিছিল। মোদীৰ চৰকাৰে ৫ আগষ্ট, ২০১৯ ত  কাশ্মীৰৰ বিশেষ ৰাজ্যৰ  মৰ্যাদা প্ৰত্যাহাৰ কৰিছিল  আৰু উপত্যকাটোৰ  জম্মু আৰু কাশ্মীৰ আৰু লাডাখক দুটা কেন্দ্ৰীয় শাসিত অঞ্চলত বিভক্ত কৰা হৈছিল। পিছত উচ্চতম ন্যায়ালয়ে ৰায় দিছিল যে অনুচ্ছেদ ৩৭০ বাতিল কৰাটো এটা আইনী প্ৰক্ৰিয়া। অৱশ্যে, উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিছিল যে কাশ্মীৰক  তৎক্ষণাৎ পূৰ্ণ ৰাজ্যৰ মৰ্যাদা ঘূৰাই দিয়া  উচিত। 

আদালতে এই বছৰৰ ৩০ ছেপ্টেম্বৰৰ ভিতৰত ৰাজ্যখনত বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰিবলৈও নিৰ্দেশ দিছিল। বিশেষ সূত্ৰই প্ৰকাশ কৰা  অনুসৰি, লোকসভা নিৰ্বাচন ২০২৪ শেষ হোৱাৰ পিছতহে কাশ্মীৰত  নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হ'ব। বহুতে ধাৰণা কৰিছে  যে আজিৰ দিনটোত মোদীৰ ভাষণে ৰাজ্য খনত বিধানসভা নিৰ্বাচনৰ সম্ভাৱনা উজ্জ্বল কৰি তুলিছে। উধমপুৰত এক ৰেলীত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "মোদীয়ে দূৰ-দূৰলৈ চিন্তা কৰে। কাশ্মীৰৰ বিধানসভা নিৰ্বাচনলৈ আৰু  বেছি দূৰ নাই। নিৰ্বাচনৰ লগতে কাশ্মীৰে এখন ৰাজ্যৰ মৰ্যাদাও ঘূৰাই পাব। আপোনালোকে  আপোনালোকৰ মন্ত্ৰী আৰু বিধায়কসকলৰ সৈতে একেলগে সপোন দেখিব পাৰিব। " 

প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই অৱশ্যে মোদীক তীব্ৰ সমালোচনা কৰি কয়  "প্ৰধানমন্ত্ৰীয়ে নিজাববীয়াকৈ কাশ্মীৰত বিধানসভা নিৰ্বাচনৰ ব্যৱস্থা কৰিলে ভাল হ'লহেঁতেন। এতিয়া উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ আছে, সেয়েহে বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰিবই লাগিব।" অৱশ্যে, অৱগত মহলে  প্ৰশ্ন  কৰিছে যে নিৰ্ধাৰিত সময়ৰ ভিতৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'লেও, ৰাজ্যৰ স্থিতি ওভতাই  দিয়া নহ'বও পাৰে । মোদীয়ে লোকসভা নিৰ্বাচনৰ আগত ৰাজনৈতিক লাভ লাভ অৰ্জন  কৰিবলৈ ৰাজ্যৰ মৰ্যাদা পুনৰুদ্ধাৰ কৰাৰ কথা  কৈছে নেকি তাকেলৈ বহুতে প্ৰশ্ন উত্থাপন কৰিছে।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু