--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল  ডেস্কঃ ১৯৭২ চনত ভাৰতৰ আৰক্ষী বাহিনীত যোগদান কৰা কিৰণ বেদী হৈছে ভাৰতীয় আৰক্ষী সেৱাৰ প্ৰথমগৰাকী মহিলা বিষয়া। ভাৰতীয় আৰক্ষী অনুসন্ধান আৰু বিকাশ দপ্তৰৰ প্ৰধান আয়ুক্ত হিচাপে কাৰ্য্যনিৰ্বাহ কৰি থকা কালতে ২০০৭ চনত এখেতে ভাৰতীয় আৰক্ষী সেৱাৰ পৰা স্বেচ্ছাকৃতভাৱে অৱসৰ গ্ৰহণ কৰে।   

কিৰণ বেদীৰ বৰ্তমান বয়স ৭৪ বছৰ। তেওঁ নিজকে ফিট কৰি ৰাখিবলৈ জাংক ফুড নাখায়, যোগ আৰু ধ্যান-ধাৰণাৰ জৰিয়তে মনক শান্ত আৰু শৰীৰ সুস্থ কৰি ৰাখে।

কিৰণ বেদী ভাৰতৰ প্ৰথমগৰাকী মহিলা আই পি এছ বিষয়া, যাৰ বয়স ৭৪ বছৰ। এই বয়সত মানুহে প্ৰায়ে ডাঙৰ ডাঙৰ ৰোগত আক্ৰান্ত হৈ চিকিৎসালয়লৈ যায়, কিন্তু কিৰণ বেদীৰ মুখৰ জিলিকনি আৰু শৰীৰৰ শক্তি দেখি আপুনি স্তম্ভিত হ’ব যেন তেওঁ ১৬ বছৰীয়া কিশোৰীহে।

ধ্যান আৰু যোগাসনৰ জৰিয়তে নিজকে ফিট কৰি ৰাখে কিৰণ বেদীয়ে। কিৰণ বেদী নিজৰ খাদ্যাভ্যাসৰ ক্ষেত্ৰত অতি কঠোৰ। পাঞ্জাবী পৰিয়ালৰ হোৱা  স্বত্ত্বেও তেওঁ কেতিয়াও চিংৰা, কচৰী, পুৰী আৰু পকৰী নাখায়।

তেওঁ কয় যে যেতিয়া তেওঁৰ পানী পুৰী খাবলৈ মন যায় তেতিয়া তেওঁ ঘৰতে কাঞ্জি বনাই খায়, কিন্তু সেই অসাৰ বস্তুবোৰ কেতিয়াও নাখায়, যিবোৰ খোৱাৰ পিছত তেওঁ অনুশোচনা কৰিবলগীয়া হয়।

কিৰণ বেদীয়ে কয় যে তাই খোজ কাঢ়িবলৈ ভাল পায় আৰু তাৰ বাবে তেওঁ নিশ্চিতভাৱে সময় উলিয়ায়। যিদিনা তেওঁ খোজ কাঢ়িবলৈ  যাব নোৱাৰে, সেইবোৰ দিনত তেওঁ এটা সময়ৰ আহাৰ এৰি দিয়ে।

কিৰণ বেদীৰ মেজাজো সলনি হয়। এনে অৱস্থাত তেওঁ ফুৰিবলৈ যায় আৰু নিজৰ লগত কথা পাতে। তেওঁ কয়, কেতিয়াবা মোৰ মনটো অতীতৰ কথাবোৰত আৰু কেতিয়াবা ভৱিষ্যতৰ কথাবোৰত ডুব যাবলৈ আৰম্ভ কৰে, কিন্তু সেই সময়ত মই মোৰ মনোযোগ তাৰ পৰা আঁতৰাই বৰ্তমানলৈ আহোঁ।

৩০ আৰু ৪০ বছৰীয়া লোকক পৰামৰ্শ দি কিৰণ বেদীয়ে কয় যে  ৩০ বছৰ বয়সত শক্তি অপচয় নকৰিব আৰু জীৱনটো সঠিক পথত ৰাখক। যি মন যায় তাকেই কৰক। একে সময়তে তেওঁ ৪০ বছৰ বয়সৰ লোকসকলক কয় যে এইটোৱেই হৈছে জীৱনৰ সেই পৰ্যায় যেতিয়া তেওঁলোকে দায়িত্ব পালন কৰিব লাগে, গতিকে তেওঁলোকে সেইবোৰ ভালদৰে পালন কৰিব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী