--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  আমেঠি নহয়, এতিয়া ৰাহুল গান্ধীয়ে তেওঁৰ এখন নতুন 'ঘৰ' বিচাৰি পাইছে। সেয়া হৈছে কেৰালাৰ ৱায়ানাড। ৰাহুল গান্ধীয়ে  ২০১৯ চনত এই সমষ্টিৰ পৰাই লোকসভা নিৰ্বাচন জিকিছিল। কিন্তু সেইবেলি ৫৫ হাজাৰ ভোটত আমেঠিত পৰাজিত হৈছিল ৰাহুল৷  ২০২৪  চনত তেওঁ পুনৰ ৱায়ানাড সমষ্টিৰ পৰাই প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলাইছে ।

 ৰাহুল গান্ধীয়ে বুধবাৰে  ভগ্নী প্ৰিয়ংকা গান্ধী ভাদ্ৰাৰ সৈতে ৱায়ানাড সমষ্টিৰ বাবে  মনোনয়ন পত্ৰ দাখিল কৰে৷ মনোনয়ন দাখিল কৰাৰ পিছত ৰাহুলে কয়, "ৱায়ানাড মোৰ ঘৰ। আৰু ৱায়ানাডৰ সকলো  বাসিন্দা মোৰ পৰিয়াল। যোৱা পাঁচ বছৰত ইয়াৰ মানুহে মোক বহুত শিকাইছে। মোক গ্ৰহণ কৰিছে। প্ৰেম দিছে। এয়া  মোৰ বাবে গৌৰৱৰ বিষয় যে মই ২০২৪ চনত পুনৰ এই সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিছো। ৰাহুলে লগতে কয় "এইবাৰৰ যুঁজ হৈছে সংবিধান ৰক্ষা কৰা। ঘৃণাৰ বিৰুদ্ধে যুঁজ। 

" ৰাহুল গান্ধী ২০১৯ চনত আমেঠিৰ পৰা পৰাজিত হৈছিল, কিন্তু ৱায়ানাডৰ পৰা বিজয়ী হৈছিল। তেওঁ তেওঁৰ বাওঁদলৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীগৰাকীক  ৪ লাখতকৈও অধিক ভোটত পৰাজিত কৰিছিল। এইবাৰ   বিজেপিয়ে আমেঠিৰ দৰেই ৱায়ানাডতো ৰাহুলৰ বাবে যুঁজখন কঠিন কৰি তুলিবলৈ চেষ্টা কৰি আছে। বিজেপিয়ে  কেৰালাৰ ৰাজ্যিক সভাপতি কে সুৰেন্দ্ৰনক ৱায়ানাডৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।

 চিপিআইয়ে দলৰ সাধাৰণ সম্পাদক ডি ৰাজাৰ পত্নী এনি ৰাজাক উক্ত আসনৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। ৱায়ানাড কংগ্ৰেছৰ বাবে আটাইতকৈ সুৰক্ষিত আসন। সমষ্টিটোত ৩২ শতাংশ বাসিন্দা মুছলমান আৰু ১৩ শতাংশ খ্ৰীষ্টান। কংগ্ৰেছে আশা কৰিছে যে এই ভোট ৰাহুলৰ পক্ষতে  যাব।






FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ