--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  আমেঠি নহয়, এতিয়া ৰাহুল গান্ধীয়ে তেওঁৰ এখন নতুন 'ঘৰ' বিচাৰি পাইছে। সেয়া হৈছে কেৰালাৰ ৱায়ানাড। ৰাহুল গান্ধীয়ে  ২০১৯ চনত এই সমষ্টিৰ পৰাই লোকসভা নিৰ্বাচন জিকিছিল। কিন্তু সেইবেলি ৫৫ হাজাৰ ভোটত আমেঠিত পৰাজিত হৈছিল ৰাহুল৷  ২০২৪  চনত তেওঁ পুনৰ ৱায়ানাড সমষ্টিৰ পৰাই প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলাইছে ।

 ৰাহুল গান্ধীয়ে বুধবাৰে  ভগ্নী প্ৰিয়ংকা গান্ধী ভাদ্ৰাৰ সৈতে ৱায়ানাড সমষ্টিৰ বাবে  মনোনয়ন পত্ৰ দাখিল কৰে৷ মনোনয়ন দাখিল কৰাৰ পিছত ৰাহুলে কয়, "ৱায়ানাড মোৰ ঘৰ। আৰু ৱায়ানাডৰ সকলো  বাসিন্দা মোৰ পৰিয়াল। যোৱা পাঁচ বছৰত ইয়াৰ মানুহে মোক বহুত শিকাইছে। মোক গ্ৰহণ কৰিছে। প্ৰেম দিছে। এয়া  মোৰ বাবে গৌৰৱৰ বিষয় যে মই ২০২৪ চনত পুনৰ এই সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিছো। ৰাহুলে লগতে কয় "এইবাৰৰ যুঁজ হৈছে সংবিধান ৰক্ষা কৰা। ঘৃণাৰ বিৰুদ্ধে যুঁজ। 

" ৰাহুল গান্ধী ২০১৯ চনত আমেঠিৰ পৰা পৰাজিত হৈছিল, কিন্তু ৱায়ানাডৰ পৰা বিজয়ী হৈছিল। তেওঁ তেওঁৰ বাওঁদলৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীগৰাকীক  ৪ লাখতকৈও অধিক ভোটত পৰাজিত কৰিছিল। এইবাৰ   বিজেপিয়ে আমেঠিৰ দৰেই ৱায়ানাডতো ৰাহুলৰ বাবে যুঁজখন কঠিন কৰি তুলিবলৈ চেষ্টা কৰি আছে। বিজেপিয়ে  কেৰালাৰ ৰাজ্যিক সভাপতি কে সুৰেন্দ্ৰনক ৱায়ানাডৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।

 চিপিআইয়ে দলৰ সাধাৰণ সম্পাদক ডি ৰাজাৰ পত্নী এনি ৰাজাক উক্ত আসনৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। ৱায়ানাড কংগ্ৰেছৰ বাবে আটাইতকৈ সুৰক্ষিত আসন। সমষ্টিটোত ৩২ শতাংশ বাসিন্দা মুছলমান আৰু ১৩ শতাংশ খ্ৰীষ্টান। কংগ্ৰেছে আশা কৰিছে যে এই ভোট ৰাহুলৰ পক্ষতে  যাব।






FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে