--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজীৱ গান্ধী হত্যাকাণ্ডৰ সৈতে জড়িত তিনিজন অপৰাধীয়ে বুধবাৰে শ্ৰীলংকালৈ উভতি গ’ল । ৰাজীৱ গান্ধীৰ হত্যাৰ গোচৰৰ ছজন দোষীক ২০২২ চনত মুক্তি দিয়া হৈছিল। তেওঁলোকৰ তিনিজন, মুৰুগান ওৰফে শ্ৰীহৰণ, জয়কুমাৰ আৰু ৰবাৰ্ট পায়াছে শ্ৰীলংকালৈ উভতি গৈছে। তেওঁলোক শ্ৰীলংকাৰ বাসিন্দা আছিল। দুবছৰ পূৰ্বে কাৰাগাৰৰ পৰা মুক্তি পোৱাৰ পিছত  তেওঁলোকক তিৰুচিৰাপল্লীৰ এটা বিশেষ শিবিৰত ৰখা হৈছিল। তেওঁলোক অৱশেষত বুধবাৰে  কলম্বোলৈ ৰাওনা হয়। তামিলনাডু চৰকাৰে পূৰ্বে  মাদ্ৰাজ উচ্চ ন্যায়ালয়ক কৈছিল যে ৰাজীৱ হত্যাকাৰী কেইজনে  বিদেশী আঞ্চলিক পঞ্জীয়ন কাৰ্যালয়ৰ (এফআৰআৰও) পৰা নিৰ্বাসনৰ আদেশ লাভ কৰিলে  শ্ৰীলংকালৈ উভতি যাব পাৰিব। 

একে সময়তে শ্ৰীলংকাৰ উচ্চআয়োগে লোক  তিনিজনক নিজৰ দেশলৈ  উভতি যোৱাৰ  বাবে  প্ৰয়োজনীয় ভ্ৰমণ সম্পৰ্কীয়  নথিপত্ৰ প্ৰস্তুত কৰাৰ পিছতে তেওঁলোকৰ শ্ৰীলংকালৈ যাত্ৰা সম্ভৱ হৈ উঠে৷  উল্লেখ্য ৰাজীৱ গান্ধী হত্যাকাণ্ডত শ্ৰীলংকাৰ আন এজন দোষী  সান্হানৰ ইতিমধ্যে মৃত্যু ঘটিছে৷  ইয়াৰ উপৰি  ৰাজীৱ গান্ধী হত্যাকাণ্ডত মুক্তি পোৱা আন সকল  হৈছে পেৰাৰিভালন, ৰবিচন্দ্ৰন আৰু নলিনী। তেওঁলোক আটাইকেইজন ভাৰতীয় নাগৰিক।ৰাজীৱ গান্ধীক ১৯৯১ চনৰ ২১ মে'ত তামিলনাডুত এক নিৰ্বাচনী জনসভাৰ সময়তে আত্মঘাতী বিস্ফোৰণেৰে  হত্যা কৰা হৈছিল। তেওঁক এগৰাকী মহিলাই ফুলৰ মালা পিন্ধাইছিল আৰু তাৰ  পিছতেই বোমা  বিস্ফোৰণ সংঘটিত হৈছিল । 

এই বিস্ফোৰণত তদানীন্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীসহ  ১৮ জন লোকৰ মৃত্যু হৈছিল। ৰাজীৱ হত্যাৰ গোচৰটোত মুঠ ৪১ জন লোকক অভিযুক্ত কৰা হৈছিল। বিচাৰ চলি থকাৰ মাজতে ১২ জন লোকৰ মৃত্যু হৈছিল আৰু তিনিজনে পলাই গৈছিল। বাকী ২৬ জন ধৰা পৰিছিল। হত্যাকাৰীসকলৰ মাজত  শ্ৰীলংকা আৰু ভাৰতৰ  নাগৰিক আছিল। পলাতক অভিযুক্তসকল আছিল প্ৰভাকৰণ, পট্টু ওমন আৰু আকিলা। অভিযুক্তসকলৰ বিৰুদ্ধে  টাডা আইনৰ অধীনত বিচাৰ চলোৱা হৈছিল৷  সাত বছৰৰ আইনী প্ৰক্ৰিয়াৰ পিছত ১৯৯৮ চনৰ ২৮ জানুৱাৰীত  টাডা আদালতে এক হাজাৰ পৃষ্ঠাৰ ৰায় দিয়ে। প্ৰথমাৱস্থাত সকলো ২৬ জন অভিযুক্তক মৃত্যুদণ্ড দিয়া হৈছিল।

এই সিদ্ধান্তটো টাডা আদালতৰ আছিল, সেয়েহে ইয়াক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনোৱা হৈছিল। কাৰণ টাডা আদালতৰ সিদ্ধান্তক উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনাব নোৱাৰি। এবছৰ পিছত  উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠে এই সমগ্ৰ সিদ্ধান্তটো ওলোটাই দিয়ে। উচ্চতম ন্যায়ালয়ে ২৬ জন দোষীৰ ভিতৰত ১৯ জনক নিৰ্দোষী সাব্যস্ত কৰে। মাত্ৰ ৭ জন দোষীৰ মৃত্যুদণ্ড বাহাল  ৰখা হৈছিল। পিছত মৃত্যুদণ্ডৰ ৰায়ক  আজীৱন কাৰাবাসলৈ পৰিৱৰ্তন কৰা হৈছিল।  আজীৱন কাৰাদণ্ডৰে দণ্ডিতসকে  দীৰ্ঘদিন ধৰি তেওঁলোকৰ মুক্তিৰ বাবে আইনী যুঁজ দি আহিছিল।

২০১৮  চনত তামিলনাডু চৰকাৰৰ কেবিনেটে দোষীসকলক মুক্তি দিয়াৰ পৰামৰ্শ দিছিল৷ কেবিনেটে  যুক্তি দিছিল  যে তেওঁলোক সকলোৱে প্ৰায় তিনি দশক ধৰি কাৰাগাৰত আছিল।উচ্চতম ন্যায়ালয়ৰ দুই ন্যায়াধীশৰ বিচাৰপীঠে এক ৰায়ত উল্লেখ কৰে যে দোষীসকলে কাৰাগাৰত থকা সময়ছোৱাত অধ্যয়ন কৰিছিল আৰু ডিগ্ৰী লাভ কৰিছিল, তেওঁলোকৰ আচৰণো ভাল আছিল। শেষত ৰাজীৱ হত্যাকাৰীসকলক মুক্তি দিয়াৰ সিদ্ধান্ত লোৱা হৈছিল৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু