--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গছ-লতিকাৰ সঠিক ব্যৱহাৰে আমাক সুস্বাস্থ্য প্ৰদান কৰাৰ লগতে বহু ৰোগৰ পৰাও শৰীৰটোক বচাই ৰাখিব পাৰে। ভাৰতীয় আয়ুৰ্বেদক সেয়ে এতিয়া বিশ্বৰ বহু উন্নত দেশেও আদৰি লৈছে।
আমাৰ যকৃতই যেতিয়া  সঠিকভাৱে কাম নকৰে, ই তেজত বিলিৰুবিন নামৰ এক  পদাৰ্থ বেছিকৈ মিহলাই দিবলৈ আৰম্ভ কৰে।

 তেজত এই পদাৰ্থ বৃদ্ধি হোৱাৰ ফলত চকু আৰু নখ হালধীয়া হ'বলৈ আৰম্ভ কৰে। ৰোগীয়ে ভাগৰ, পেটৰ বিষ, ওজন হ্ৰাস, বমি আৰু জ্বৰৰ দৰে লক্ষণো দেখুৱাবলৈ আৰম্ভ কৰিছিল। জণ্ডিচৰ বাবে বহুপ্ৰকাৰৰ চিকিৎসা আছে, কিন্তু আপুনি কিছুমান ঘৰুৱা প্ৰতিকাৰৰ দ্বাৰাও ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰে।

 জণ্ডিচ হৈছে এক সাধাৰণ ৰোগ, আমাৰ দেশৰ বহুলোক প্ৰতি বছৰে  এই ৰোগত আক্ৰান্ত হয়। বিশেষজ্ঞসকলৰ মতে, শৰীৰৰ লোহিত ৰক্ত কণিকাবোৰ ভাঙি যায় আৰু বিলিৰুবিন সৃষ্টি হয়। আৰু এই বিলিৰুবিন দেখাত হালধীয়া ৰঙৰ। অৱশ্যে, তেজত যদি বিলিৰুবিনৰ পৰিমাণ অত্যধিক  বৃদ্ধি পাবলৈ আৰম্ভ কৰে, তেনেহ'লে  ডাঙৰ সমস্যা হ'ব পাৰে। 

এনে  অৱস্থাক সাধাৰণ অৰ্থত জণ্ডিচ বুলি আমি সকলোৱে জানো। যিকোনো  বয়সতে মানুহে এই সমস্যাৰ সন্মুখীন হ’ব পাৰে।

 এই ৰোগত, ছাল  আৰু চকুৰ বগা অংশবোৰ হালধীয়া ৰঙৰ হৈ পৰে। কেতিয়াবা শৰীৰৰ পৰা নিৰ্গত তৰলৰ ৰং হালধীয়াও হ'ব পাৰে, যেনে প্ৰস্ৰাৱ হালধীয়া হোৱা। জণ্ডিচ প্ৰায়ে যকৃত বা পিত্তনলীৰ সমস্যাৰ সৈতে সম্পৰ্কিত। যদিও ৰোগটো যিকোনো ব্যক্তিৰ ক্ষেত্ৰত হ'ব পাৰে, শিশু আৰু বৃদ্ধসকলৰ ক্ষেত্ৰত ই অধিক হোৱা দেখা যায়। জণ্ডিছৰ সাধাৰণ লক্ষণবোৰ হৈছে  ছাল, চকু আৰু নখ হালধীয়া হোৱা, প্ৰস্ৰাৱ হালধীয়া হোৱা আৰু খজুৱতি।

 ইয়াৰ উপৰিও ৰোগীয়ে ভাগৰ, পেটৰ বিষ, ওজন হ্ৰাস, বমি আৰু জ্বৰৰ দৰে লক্ষণত ভুগিব পাৰে। আধুনিক চিকিৎসা বিজ্ঞানত জণ্ডিচৰ বাবে বহুপ্ৰকাৰৰ চিকিৎসা আছে, কিন্তু আপুনি ঘৰুৱা প্ৰতিকাৰবোৰেৰেও ঘৰতে কিছু চিকিৎসা কৰিব পাৰে আৰু সেইবোৰ কাৰ্যকৰীও হ'ব পাৰে। ৰাষ্ট্ৰীয় স্বাস্থ্য পৰ্টেলে (এনএইচপি) এই ৰোগৰ চিকিৎসাৰ  বাবে বিভিন্ন ধৰণৰ পাতৰ কথা উল্লেখ কৰিছে। এনে পাতবোৰ ব্যৱহাৰ কৰি প্ৰয়োজনত  আপুনিও লাভান্বিত হ'ব পাৰে।

ৰহৰ দাইলৰ পাত

ৰহৰ দাইলৰ পাত  পিহি আৰু ইয়াৰ ৰস উলিয়াই আৰু প্ৰতিদিনে ৬০ মিলিলিটাৰ ৰস খালে জণ্ডিচ আৰোগ্য হয়।  নেমুও অতি পুষ্টিকৰ আৰু ইয়াক আহাৰত অন্তৰ্ভুক্ত কৰিব পাৰি।

কেৰেলাৰ পাত

 ৭-১০ টা কেৰেলাৰ  পাত লওঁক আৰু ইয়াক উতলাই পিছত ঠাণ্ডা হ'বলৈ দিয়ক। পাতবোৰ আধা লিটাৰ পানীত ১০-১৫ মিনিটৰ বাবে উতলাওক। এই চিকিৎসা জণ্ডিচৰ বাবে কাৰ্যকৰী। দিনত কমেও তিনিবাৰ পান কৰিব।

 মূলাৰ পাত 

মূলাৰ কেইটামান পাত লওক আৰু পিহি লৈ ইয়াৰ ৰস উলিয়াওক। প্ৰতিদিনে প্ৰায় আধা লিটাৰ ৰস বিভিন্ন সময়ত খাব, প্ৰায় দহ দিনৰ ভিতৰত ৰোগীয়ে ৰোগৰ পৰা পৰিত্ৰাণ পাব।

অমিতাৰ পাত 

নেচনেল হেল্থ পৰ্টেল (এনএইচপি)ৰ মতে, এক চামুচ অমিতা পাতৰ পেষ্টৰ সৈতে এক চামুচ মৌ মিহলি কৰক। ইয়াক প্ৰায় এসপ্তাহ বা দুই সপ্তাহৰ বাবে নিয়মীয়াকৈ খাব। এয়া জণ্ডিচৰ বাবে এটা অতি কাৰ্যকৰী ঘৰুৱা প্ৰতিকাৰ।

তুলসী পাত

প্ৰায় ১০-১৫ টা তুলসীৰ পাত লওঁক আৰু ইয়াক পেষ্ট কৰক। ইয়াত নতুনকৈ প্ৰস্তুত কৰা আধা গিলাচ মালবেৰী ৰস যোগ দিয়ক। উন্নত ফলাফলৰ বাবে ইয়াক প্ৰতিদিনে প্ৰায় দুইৰ পৰা তিনি সপ্তাহৰ বাবে পান কৰক।
এনেবোৰ পাত ব্যৱহাৰ কৰিও অৱস্থাৰ পৰিৱৰ্তন নহ’লে চিকিৎসৰ পৰামৰ্শ নোলোৱাকৈ নাথাকিব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement