--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমীয়া সমাজত তামোল-পাণৰ যথেষ্ট সমাদৰ আছে। অসমীয়া সংস্কৃতিত তামোল-পাণ এক অবিচ্ছেদ্য অংগ হিচাপে বিবেচিত হৈ আহিছে। মুখ শুদ্ধিৰ বাবে অসমীয়া মানুহৰ তামোল-পাণ নহ’লে নচলে। পাণৰ খেতি কৰিও বহু লোকে জীৱিকা নিৰ্বাহ কৰি আছে।পাণ এবিধ অৰ্থ উপাৰ্জনকাৰী ফচল। পাণৰ যথেষ্ট অৰ্থনৈতিক গুৰুত্ব আছে। পাণ এবিধ লতাজাতীয় ঔষধি গছ। সাধাৰণতে মুখ শুদ্ধি কৰিবলৈ তামোলৰ লগত নাইবা চুপাৰিৰ লগত পাণ খোৱা হয়। উদ্ভিদ বিজ্ঞানত পাণক piper betel নামেৰে জনা যায়। পাণত প্ৰটিন, চৰ্বী, খনিজ, কাৰ্বহাইড্ৰেট, থাইমিন, নাইচিম, ভিটামিন চি, কেলছিয়াম আদি থাকে। পাণৰ যথেষ্ট ঔষধি গুণো আছে।

পাণৰ ঔষধি গুণসমূহৰ বিষয়ে জানো আহক


১) জ্বৰ হ'লে শৰীৰ দুৰ্বল হয়। তেতিয়া নহৰু আদাৰ লগত পাণ দুখিলা থেতেলিয়াই ৰস উলিয়াই অকমাণ নিমখৰ লগত খালে দুৰ্বলতা কমে। 

২)দাঁতৰ যিকোনো ৰোগত ধঁপাতৰ লগত পাণ চোবালে ভাল পোৱা যায়।

৩)পাণে মুখৰ দুৰ্গন্ধ নাশ কৰে।

৪) মূৰৰ বিষ হ'লে পাণ থেতেলিয়াই লগালে আৰাম পোৱা যায়।   

৫)কেচুঁৱাৰ শৌচ নহলে পাণৰ ঠাৰিত মিঠাতেল সানি শৌচ দ্বাৰাৰে সুমুৱাই দিলে শৌচ হয়।

৬)পাণৰ শিপা খুন্দি ৰস খালে মহিলাৰ যৌনশক্তি বৃদ্ধি হয়।

৭) স্নায়ু সবল কৰিবলৈ প্ৰতিদিনে অলপমান পাণৰ ৰসৰ লগত এচামুচ মৌ খালে ভাল ফল পোৱা যায়। 

৮)মূৰত ওকণি হলে পাণৰ ৰস মূৰত ঘহিলে ওকণি কমে।

৯)কফ বহি উশাহ লোৱাত কষ্ট হলে, পাণত সৰিয়হ তেল লগাই জুইত সেকি বুকুত লগালে কফ ওলাই যায়  আৰু উশাহ লোৱাৰ কষ্ট দূৰ হয়। 

১০)কেতিয়াবা হাড়ৰ জোৰাবোৰ ওখহি বিষ হয়। তেতিয়া কেইখিলামান পাণ মিহিকৈ পিহি ৰস উলিয়াই আক্রান্ত অংশত লেপ দিলে আৰাম পোৱা যায়। 

১১)খাদ্য হজম নোহোৱা ৰোগত পাণ আৰু তুলসী পাতৰ ৰস একেলগে খালে খাদ্য হজম ভালকৈ হয়।

১২)ছৰ্দিত নাকেৰে তেজ ওলালে পাণৰ ৰস দুটোপাল নাকেৰে উজালে ভাল হয়।

১৩) পানৰ ৰস দুচামোচ আৰু মৌ মিলাই খালে শুকান কাহ ভাল হয়।

১৪)আঙুলি বিষালে আৰু ফুলিলে পাণ গৰম কৰি বান্ধি থ'ব লাগে। 

গতিকে আহক ঔষধি গুণযুক্ত পাণৰ সদ ব্যৱহাৰ কৰি আমি সু-স্বাস্থ্যৱান হৈ থাকো।



FOLLOW US F
POPULAR
FEATURE
TRENDY
উজনিত মানৱ সৰবৰাহৰ ভয়ংকৰ জাল! ৫০ হাজাৰৰ পৰা ডেৰ লাখ টকাৰ বিনিময়ত বিক্ৰী হয় কিশোৰী-যুৱতী
প্ৰাগজ্যোতি ITA চেণ্টাৰত ব্যতিক্ৰমৰ অনুষ্ঠান;'বিমূৰ্ত মোৰ নিশাটি'ৰে সুধাকণ্ঠলৈ বিশেষ শ্ৰদ্ধাঞ্জলি বি পাল্কীৰ
অসমৰ সাংস্কৃতিক জগত উকা কৰি বৈকুণ্ঠলৈ গমন কৰিলে নাগাৰা নামৰ সম্ৰাট ৰামচৰণ ভড়ালীয়ে
'পৰ্ণ' বজাৰত বিক্ৰী প্ৰসূতিৰ গোপন ছবি, দেশৰ জঘন্যতম চাইবাৰ অপৰাধ ফাদিল
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক