--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমীয়া সমাজত তামোল-পাণৰ যথেষ্ট সমাদৰ আছে। অসমীয়া সংস্কৃতিত তামোল-পাণ এক অবিচ্ছেদ্য অংগ হিচাপে বিবেচিত হৈ আহিছে। মুখ শুদ্ধিৰ বাবে অসমীয়া মানুহৰ তামোল-পাণ নহ’লে নচলে। পাণৰ খেতি কৰিও বহু লোকে জীৱিকা নিৰ্বাহ কৰি আছে।পাণ এবিধ অৰ্থ উপাৰ্জনকাৰী ফচল। পাণৰ যথেষ্ট অৰ্থনৈতিক গুৰুত্ব আছে। পাণ এবিধ লতাজাতীয় ঔষধি গছ। সাধাৰণতে মুখ শুদ্ধি কৰিবলৈ তামোলৰ লগত নাইবা চুপাৰিৰ লগত পাণ খোৱা হয়। উদ্ভিদ বিজ্ঞানত পাণক piper betel নামেৰে জনা যায়। পাণত প্ৰটিন, চৰ্বী, খনিজ, কাৰ্বহাইড্ৰেট, থাইমিন, নাইচিম, ভিটামিন চি, কেলছিয়াম আদি থাকে। পাণৰ যথেষ্ট ঔষধি গুণো আছে।

পাণৰ ঔষধি গুণসমূহৰ বিষয়ে জানো আহক


১) জ্বৰ হ'লে শৰীৰ দুৰ্বল হয়। তেতিয়া নহৰু আদাৰ লগত পাণ দুখিলা থেতেলিয়াই ৰস উলিয়াই অকমাণ নিমখৰ লগত খালে দুৰ্বলতা কমে। 

২)দাঁতৰ যিকোনো ৰোগত ধঁপাতৰ লগত পাণ চোবালে ভাল পোৱা যায়।

৩)পাণে মুখৰ দুৰ্গন্ধ নাশ কৰে।

৪) মূৰৰ বিষ হ'লে পাণ থেতেলিয়াই লগালে আৰাম পোৱা যায়।   

৫)কেচুঁৱাৰ শৌচ নহলে পাণৰ ঠাৰিত মিঠাতেল সানি শৌচ দ্বাৰাৰে সুমুৱাই দিলে শৌচ হয়।

৬)পাণৰ শিপা খুন্দি ৰস খালে মহিলাৰ যৌনশক্তি বৃদ্ধি হয়।

৭) স্নায়ু সবল কৰিবলৈ প্ৰতিদিনে অলপমান পাণৰ ৰসৰ লগত এচামুচ মৌ খালে ভাল ফল পোৱা যায়। 

৮)মূৰত ওকণি হলে পাণৰ ৰস মূৰত ঘহিলে ওকণি কমে।

৯)কফ বহি উশাহ লোৱাত কষ্ট হলে, পাণত সৰিয়হ তেল লগাই জুইত সেকি বুকুত লগালে কফ ওলাই যায়  আৰু উশাহ লোৱাৰ কষ্ট দূৰ হয়। 

১০)কেতিয়াবা হাড়ৰ জোৰাবোৰ ওখহি বিষ হয়। তেতিয়া কেইখিলামান পাণ মিহিকৈ পিহি ৰস উলিয়াই আক্রান্ত অংশত লেপ দিলে আৰাম পোৱা যায়। 

১১)খাদ্য হজম নোহোৱা ৰোগত পাণ আৰু তুলসী পাতৰ ৰস একেলগে খালে খাদ্য হজম ভালকৈ হয়।

১২)ছৰ্দিত নাকেৰে তেজ ওলালে পাণৰ ৰস দুটোপাল নাকেৰে উজালে ভাল হয়।

১৩) পানৰ ৰস দুচামোচ আৰু মৌ মিলাই খালে শুকান কাহ ভাল হয়।

১৪)আঙুলি বিষালে আৰু ফুলিলে পাণ গৰম কৰি বান্ধি থ'ব লাগে। 

গতিকে আহক ঔষধি গুণযুক্ত পাণৰ সদ ব্যৱহাৰ কৰি আমি সু-স্বাস্থ্যৱান হৈ থাকো।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ