--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গাখীৰ আৰু ঘিঁউ একেলগে সেৱন কৰিলে স্বাস্থ্যৰ বহু উপকাৰ হয়। গাখীৰ আৰু ঘিঁউ বহুতো পুষ্টিকৰ গুণেৰে ভৰপূৰ। কিন্তু গাখীৰত ঘিউ মিহলাই সেৱন কৰিলে ইয়াৰ উপকাৰ দুগুণ হয়। কাৰণ, প্ৰচুৰ পৰিমাণে ভিটামিন এ আৰু ভিটামিন কেৰ দৰে পুষ্টিকৰ উপাদান, প্ৰটিন আৰু এন্টিঅক্সিডেন্ট ঘিঁউত পোৱা যায়। আনহাতে গাখীৰত ভিটামিন ডি, প্ৰটিন, কেলচিয়াম প্ৰচুৰ পৰিমাণে থাকে। গাখীৰত ঘিউ মিহলাই খোৱাটো এটা যুগ যুগ ধৰি চলি অহা আয়ুৰ্বেদিক টিপছ্‌।

১)পাচনতন্ত্ৰৰ সমাধানঃ গাখীৰত ঘিঁউ মিলাই খালে শৰীৰৰ ভিতৰত থকা পাচন এনজাইমবোৰ উদ্দীপিত হৈ হজম শক্তি বৃদ্ধি কৰে। এই এনজাইমবোৰে জটিল খাদ্যবোৰক সৰল খাদ্যলৈ ভাঙি পেলায়, যাৰ ফলত শৰীৰত ভাল হজম হয়।

২)সুন্দৰ টোপনিঃ ঘিঁউৱে মানসিক চাপ কমাই মেজাজ সতেজ কৰে। একাপ গৰম গাখীৰত ঘিঁউ মিহলাই দিলে ই স্নায়ু শান্ত কৰে, যাৰ ফলত ইয়াক খোৱা ব্যক্তিজনে সুন্দৰকৈ টোপনি যায়।

৩)গাঁঠিৰ বিষঃ গাঁঠিৰ বিষত যদি সমস্যা হয়, তেন্তে নিয়মিতভাৱে গাখীৰ মিহলাই ঘিঁউ খাব লাগে। গাখীৰত কেলচিয়াম প্ৰচুৰ পৰিমাণে পোৱা যায় আৰু ঘিঁউত থকা ভিটামিন কে ২ৰ পৰিমাণ ভাল। হাড়ৰ বাবে এই ভিটামিনবোৰ অতি উপকাৰী। ঘিঁউ মিহলি গাখীৰ খালে গাঁঠিৰ বিষ উপকৃত হয়। 

৪)ছালৰ জিলিকনিঃ ঘিঁউ আৰু গাখীৰ দুয়োটা প্ৰাকৃতিক মইশ্ব’ৰাইজাৰ। ঘিঁউৱে ছালখন ভিতৰৰ পৰা বাহিৰলৈ উন্নত কৰে। প্ৰতিদিনে সন্ধিয়া গাখীৰ আৰু ঘিঁউ খালে ছালৰ জিলিকনি বৃদ্ধি পায়।

৫)বিপাকীয় ক্ৰিয়াঃ শোৱাৰ সময়ত গাখীৰ মিহলাই ঘিঁউ খালে বিপাকীয় ক্ৰিয়া উন্নত হয়। শৰীৰৰ ওজন কমোৱাতো সহায় কৰে। ইয়াৰ উপৰিও গাখীৰ আৰু ঘিঁউ একেলগে মিহলাই খালেও কোষ্ঠকাঠিন্য দূৰ হয় আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ