--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গাখীৰ আৰু ঘিঁউ একেলগে সেৱন কৰিলে স্বাস্থ্যৰ বহু উপকাৰ হয়। গাখীৰ আৰু ঘিঁউ বহুতো পুষ্টিকৰ গুণেৰে ভৰপূৰ। কিন্তু গাখীৰত ঘিউ মিহলাই সেৱন কৰিলে ইয়াৰ উপকাৰ দুগুণ হয়। কাৰণ, প্ৰচুৰ পৰিমাণে ভিটামিন এ আৰু ভিটামিন কেৰ দৰে পুষ্টিকৰ উপাদান, প্ৰটিন আৰু এন্টিঅক্সিডেন্ট ঘিঁউত পোৱা যায়। আনহাতে গাখীৰত ভিটামিন ডি, প্ৰটিন, কেলচিয়াম প্ৰচুৰ পৰিমাণে থাকে। গাখীৰত ঘিউ মিহলাই খোৱাটো এটা যুগ যুগ ধৰি চলি অহা আয়ুৰ্বেদিক টিপছ্‌।

১)পাচনতন্ত্ৰৰ সমাধানঃ গাখীৰত ঘিঁউ মিলাই খালে শৰীৰৰ ভিতৰত থকা পাচন এনজাইমবোৰ উদ্দীপিত হৈ হজম শক্তি বৃদ্ধি কৰে। এই এনজাইমবোৰে জটিল খাদ্যবোৰক সৰল খাদ্যলৈ ভাঙি পেলায়, যাৰ ফলত শৰীৰত ভাল হজম হয়।

২)সুন্দৰ টোপনিঃ ঘিঁউৱে মানসিক চাপ কমাই মেজাজ সতেজ কৰে। একাপ গৰম গাখীৰত ঘিঁউ মিহলাই দিলে ই স্নায়ু শান্ত কৰে, যাৰ ফলত ইয়াক খোৱা ব্যক্তিজনে সুন্দৰকৈ টোপনি যায়।

৩)গাঁঠিৰ বিষঃ গাঁঠিৰ বিষত যদি সমস্যা হয়, তেন্তে নিয়মিতভাৱে গাখীৰ মিহলাই ঘিঁউ খাব লাগে। গাখীৰত কেলচিয়াম প্ৰচুৰ পৰিমাণে পোৱা যায় আৰু ঘিঁউত থকা ভিটামিন কে ২ৰ পৰিমাণ ভাল। হাড়ৰ বাবে এই ভিটামিনবোৰ অতি উপকাৰী। ঘিঁউ মিহলি গাখীৰ খালে গাঁঠিৰ বিষ উপকৃত হয়। 

৪)ছালৰ জিলিকনিঃ ঘিঁউ আৰু গাখীৰ দুয়োটা প্ৰাকৃতিক মইশ্ব’ৰাইজাৰ। ঘিঁউৱে ছালখন ভিতৰৰ পৰা বাহিৰলৈ উন্নত কৰে। প্ৰতিদিনে সন্ধিয়া গাখীৰ আৰু ঘিঁউ খালে ছালৰ জিলিকনি বৃদ্ধি পায়।

৫)বিপাকীয় ক্ৰিয়াঃ শোৱাৰ সময়ত গাখীৰ মিহলাই ঘিঁউ খালে বিপাকীয় ক্ৰিয়া উন্নত হয়। শৰীৰৰ ওজন কমোৱাতো সহায় কৰে। ইয়াৰ উপৰিও গাখীৰ আৰু ঘিঁউ একেলগে মিহলাই খালেও কোষ্ঠকাঠিন্য দূৰ হয় আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু