--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰায় দুবছৰ সময় ধৰি চলি থকা বিশ্বব্যাপী ক’ৰোনা মহামাৰীয়ে জনসাধাৰণৰ স্বাস্থ্যত গুৰুতৰভাৱে প্ৰভাৱ পেলাইছে। বিশেষকৈ দ্বিতীয় ঢৌৰ সময়ত ডেল্টা ভেৰিয়েণ্টৰ সংক্ৰমণৰ বাবে সংক্ৰমিতসকলৰ ক্ষেত্ৰত বহুতো বিৰূপ লক্ষণ দেখা গৈছিল। ক’ভিডৰ দীঘলীয়া সমস্যাও এনে লোকৰ মাজত বেছিকৈ দেখা গৈছে। বৰ্তমান সংক্ৰমণৰ সৃষ্টি কৰা অমিক্ৰন ভেৰিয়েণ্টবোৰৰ সংক্ৰমণৰ মাত্ৰা মৃদু বুলি ভবা হৈছে যদিও কিছুমান মানুহৰ স্বাস্থ্যজনিত গুৰুতৰ জটিলতাও ই সৃষ্টি কৰা বুলি বিবেচিত হৈছে। কৰ’না সংক্ৰমণৰ ফলত মানুহৰ শৰীৰৰ হাওঁফাওঁ আৰু হৃদযন্ত্ৰ বেছিকৈ ক্ষতিগ্ৰস্ত হৈছে। গতিকে কৰ’ণা মহামাৰীয়ে হৃদৰোগৰ সংখ্যা বৃদ্ধি কৰিছে নেকি জানো আহক..

দেখা গৈছে যে যোৱা দুবছৰত দেশত হৃদৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। তথ্য অনুসৰি ২০২১ চনৰ জানুৱাৰী-জুনৰ ভিতৰত প্ৰতিমাহে হাৰ্ট এটেকৰ ফলত প্ৰায় ৩ হাজাৰ লোকৰ মৃত্যু হৈছিল, ২০২০ চনত প্ৰায় ৫০০ লোকৰ মৃত্যু হৈছিল। যোৱা বছৰৰ জুন মাহলৈকে মুম্বাইত মৃত্যু হোৱা মুঠ ৭৫,১৬৫ জনৰ ভিতৰত প্ৰায় ২৩.৮ শতাংশ (১৭,৮৮০) লোকৰ হাৰ্ট এটেকৰ ফলত মৃত্যু হৈছিল। স্বাস্থ্য বিশেষজ্ঞসকলেও কয় যে এই সংক্ৰমণে হৃদযন্ত্ৰৰ সমস্যা বৃদ্ধি কৰিছে, গতিকে সকলোৱে বিশেষ সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজন।

দিল্লীৰ জ্যেষ্ঠ হৃদৰোগ বিশেষজ্ঞ ডাঃ অমিত পেণ্ডাৰকাৰে কয় যে হাৰ্ট এটেকৰ সৈতে জড়িত মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱাৰ এটা প্ৰধান কাৰণ হিচাপে কৰ’না সংক্ৰমণক কব পাৰি। কৰ’না মহামাৰীৰ পিছত ইয়াৰ বৃদ্ধি পোৱা ৰোগীয়ে উদ্বেগ বৃদ্ধি কৰিছে যদিও বিগত সময়ছোৱাত হৃদৰোগ এটা ডাঙৰ সংকট হৈ আহিছে৷ বিশেষকৈ হৃদৰোগৰ গুৰুতৰ সমস্যা ধৰা পৰা যুৱক-যুৱতীসকল কৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ পূৰ্বে সম্পূৰ্ণ সুস্থ আছিল।

ক’ৰোনা সংক্ৰমণৰ ফলত হৃদযন্ত্ৰৰ ওপৰত হোৱা প্ৰভাৱৰ বিষয়ে জানিবলৈ কৰা এক অধ্যয়নত গৱেষকসকলে প্ৰকাশ কৰিছে যে এই সংক্ৰমণে কিছুমান পৰিস্থিতিত শিৰা আৰু ধমনীসমূহৰ ভিতৰৰ পৃষ্ঠতো প্ৰভাৱ পেলায়, যাৰ ফলত ৰক্তবাহী নলীৰ প্ৰদাহ হ’ব পাৰে। ইয়াৰ উপৰিও সংক্ৰমণ হ’লে সৰু সৰু নাড়ীবোৰৰ ক্ষতি আৰু তেজ জমা হোৱাৰ সমস্যাও দেখা গৈছে, এই সকলোবোৰ অৱস্থাই হৃদযন্ত্ৰ আৰু শৰীৰৰ অন্যান্য অংশলৈ তেজৰ সোঁতত প্ৰভাৱ পেলায়। হৃদযন্ত্ৰত তেজ চলাচলত ব্যাঘাত জন্মা বাবে মানুহৰ বিভিন্ন ধৰণৰ গুৰুতৰ স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হোৱাৰ আশংকা বৃদ্ধি পাইছে।

হৃদৰোগ বিশেষজ্ঞ ডাঃ আনোৱাৰ.এম খানে কৈছে, যোৱা দুবছৰৰ তথ্য চালে দেখা যায় যে যুৱচামৰ মাজত হৃদৰোগ আৰু হঠাৎ হৃদযন্ত্ৰৰ বিকল হোৱাৰ ঘটনা বৃদ্ধি পাইছে। এই সমস্যা কৰ’না আক্ৰান্ত যুৱক সকলৰ মাজত বেছিকৈ দেখা পাইছো। ক’ৰোনা সংক্ৰমিত হোৱা লোকৰ কাৰ্ডিয়াক এম আৰ আইত ট্ৰ’পনিন বৃদ্ধি হোৱা আৰু হৃদযন্ত্ৰৰ কাৰ্য্যক্ষমতা হ্ৰাস হোৱাও আমি দেখিবলৈ পাইছো। এইবোৰ গুৰুতৰ লক্ষণ। ই মৃত্যুৰ সম্ভাৱনাও বৃদ্ধি কৰে।

স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে, দেশত যিদৰে হৃদৰোগীৰ সংখ্যা বৃদ্ধি পাইছে এই বিপদৰ প্ৰতি লক্ষ্য ৰাখি সকলো মানুহে বিশেষ সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজন। যদি আপুনি সংক্ৰমণৰ পৰা সুস্থ হোৱাৰ পিছত কিছুদিনৰ পৰা হৃদযন্ত্ৰৰ সমস্যাৰ সন্মুখীন হৈ আহিছে, তেন্তে এই বিষয়ে নিশ্চিতভাৱে বিশেষজ্ঞৰ পৰামৰ্শ লওক। আনকি সুস্থ লোকসকলেও খাদ্যাভ্যাস আৰু নিয়মীয়া ব্যায়ামৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ