--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইটোৰ পিছত সিটোকৈ জাতীয় দলৰ ব্যৰ্থতাত ক্ষুব্ধ হৈ পৰিছে পাকিস্তান ক্ৰিকেট ব’ৰ্ড। পিচিবিয়ে বাবৰ আজমক নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে। আপাততঃ বিদেশত ক্ৰিকেটাৰক ফ্ৰেঞ্চাইজি লীগ খেলিবলৈ অনুমতি দিবলৈ পিচিবিয়ে অনিচ্ছুক।

কিছুদিন পূৰ্বে কেন্দ্ৰীয় চুক্তিৰ সময়সীমা এবছৰলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। প্ৰতি তিনিমাহৰ মূৰে মূৰে ক্ৰিকেটাৰসকলৰ ফিটনেছ টেষ্ট বাধ্যতামূলক কৰা হৈছে। এইবাৰ পিচিবিৰ বছসকলে বাবৰ আৰু শ্বাহীনক বিদেশী ফ্ৰেঞ্চাইজি লীগত খেলা বন্ধ কৰাৰ সিদ্ধান্ত লৈছে। পাকিস্তানৰ বাবৰৰ উপৰিও শ্বাহীন, ৰিজৱান, মহম্মদ আমিৰ, মহম্মদ নৱাজ আৰু ইফতিকাৰ আহমেদেও কানাডাৰ গ্ল’বেল টি-২০ লীগত খেলাৰ সম্ভাৱনা আছে। কিন্তু পিচিবিয়ে তেওঁলোকক ক্লিয়াৰেন্স টু প্লে (এন অ’ চি) দিবলৈ অনিচ্ছুক।

কানাডাৰ গ্ল’বেল টি-২০ লীগ ২৫ জুলাইৰ পৰা ১১ আগষ্টলৈ অনুষ্ঠিত হ’ব। এই সময়ত পাকিস্তানৰ কোনো আন্তঃৰাষ্ট্ৰীয় সূচী নাই। কিন্তু পাকিস্তান কৰ্তৃপক্ষই ক্ৰিকেটাৰসকলক তাত খেলিবলৈ দিবলৈ ইচ্ছুক নহয়। এই সন্দৰ্ভত পিচিবিৰ কোনো বিষয়াই মুখ মেলিবলৈ সন্মত হোৱা নাই। সূত্ৰ অনুসৰি পিচিবিৰ মনোভাৱৰ বিষয়ে ক্ৰিকেটাৰসকলক অৱগত কৰা হৈছে।

অৱশ্যে বিদেশী লীগত খেলাৰ আশা বাবৰৰ। পিচিবিৰ অধ্যক্ষ মহছিন নাকৱীয়ে কয় যে সংশ্লিষ্ট ক্ৰিকেটাৰগৰাকীয়ে ক্লিয়াৰেন্স পাবলৈ ফিটনেছ টেষ্ট কৰিব লাগিব। যদি তেওঁ উত্তীৰ্ণ হয় তেন্তে টি-২০ ক্ৰিকেটত তেওঁৰ প্ৰদৰ্শন পৰীক্ষা কৰা হ’ব। বিদেশী লীগত খেলাৰ অনুমতি মালিক সন্তুষ্ট হ’লেহে দিয়া হ’ব। বিশেষকৈ জাতীয় দলৰ নিয়মীয়া সদস্যৰ ক্ষেত্ৰত নকৱিৰাই কঠোৰ স্থিতি বজাই ৰাখিব বিচাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ