--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইটোৰ পিছত সিটোকৈ জাতীয় দলৰ ব্যৰ্থতাত ক্ষুব্ধ হৈ পৰিছে পাকিস্তান ক্ৰিকেট ব’ৰ্ড। পিচিবিয়ে বাবৰ আজমক নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে। আপাততঃ বিদেশত ক্ৰিকেটাৰক ফ্ৰেঞ্চাইজি লীগ খেলিবলৈ অনুমতি দিবলৈ পিচিবিয়ে অনিচ্ছুক।

কিছুদিন পূৰ্বে কেন্দ্ৰীয় চুক্তিৰ সময়সীমা এবছৰলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। প্ৰতি তিনিমাহৰ মূৰে মূৰে ক্ৰিকেটাৰসকলৰ ফিটনেছ টেষ্ট বাধ্যতামূলক কৰা হৈছে। এইবাৰ পিচিবিৰ বছসকলে বাবৰ আৰু শ্বাহীনক বিদেশী ফ্ৰেঞ্চাইজি লীগত খেলা বন্ধ কৰাৰ সিদ্ধান্ত লৈছে। পাকিস্তানৰ বাবৰৰ উপৰিও শ্বাহীন, ৰিজৱান, মহম্মদ আমিৰ, মহম্মদ নৱাজ আৰু ইফতিকাৰ আহমেদেও কানাডাৰ গ্ল’বেল টি-২০ লীগত খেলাৰ সম্ভাৱনা আছে। কিন্তু পিচিবিয়ে তেওঁলোকক ক্লিয়াৰেন্স টু প্লে (এন অ’ চি) দিবলৈ অনিচ্ছুক।

কানাডাৰ গ্ল’বেল টি-২০ লীগ ২৫ জুলাইৰ পৰা ১১ আগষ্টলৈ অনুষ্ঠিত হ’ব। এই সময়ত পাকিস্তানৰ কোনো আন্তঃৰাষ্ট্ৰীয় সূচী নাই। কিন্তু পাকিস্তান কৰ্তৃপক্ষই ক্ৰিকেটাৰসকলক তাত খেলিবলৈ দিবলৈ ইচ্ছুক নহয়। এই সন্দৰ্ভত পিচিবিৰ কোনো বিষয়াই মুখ মেলিবলৈ সন্মত হোৱা নাই। সূত্ৰ অনুসৰি পিচিবিৰ মনোভাৱৰ বিষয়ে ক্ৰিকেটাৰসকলক অৱগত কৰা হৈছে।

অৱশ্যে বিদেশী লীগত খেলাৰ আশা বাবৰৰ। পিচিবিৰ অধ্যক্ষ মহছিন নাকৱীয়ে কয় যে সংশ্লিষ্ট ক্ৰিকেটাৰগৰাকীয়ে ক্লিয়াৰেন্স পাবলৈ ফিটনেছ টেষ্ট কৰিব লাগিব। যদি তেওঁ উত্তীৰ্ণ হয় তেন্তে টি-২০ ক্ৰিকেটত তেওঁৰ প্ৰদৰ্শন পৰীক্ষা কৰা হ’ব। বিদেশী লীগত খেলাৰ অনুমতি মালিক সন্তুষ্ট হ’লেহে দিয়া হ’ব। বিশেষকৈ জাতীয় দলৰ নিয়মীয়া সদস্যৰ ক্ষেত্ৰত নকৱিৰাই কঠোৰ স্থিতি বজাই ৰাখিব বিচাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩খন কাকতৰ পৰীক্ষা অনুষ্ঠিত কৰি বাকী বিষয়সমূহ ডেৰ মাহৰ পাছত পতাৰ আজব সিদ্ধান্ত
গৰৈমাৰীৰ জোৰশিমুলীত আৰক্ষীৰ অভিযান; নগদ ধনসহ বৃহৎ পৰিমাণৰ হীৰা আৰু সোণৰ আ-অলংকাৰ জব্দ
উত্তৰ প্ৰদেশৰ বলৰামপুৰত ভয়ংকৰ দুৰ্ঘটনা; ট্ৰাকত খুন্দা মাৰি বাগৰিল যাত্ৰীবাহী বাছ
মানাহত অসম বিধানসভাৰ প্ৰতিনিধি দল ; পৰ্যটন ক্ষেত্ৰৰ বিকাশ পৰ্যবেক্ষণৰ বাবে আহিছে কেবাজনো বিধায়কৰ প্ৰতিনিধি দল
পুটিনৰ ভাৰত ভ্ৰমণে দেশলৈ কি কঢ়িয়াই আনিব?
ছোনিয়া, ৰাহুল গান্ধীৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগ, নেশ্যনেল হেল্ড গোচৰত নতুনকৈ এজাহাৰ
কৃষকৰ সপোন ছাৰখাৰ; মাজুলীৰ বৰুণচুক গাঁৱৰ ধাননি পথাৰত দপদপকৈ জ্বলি উঠিল জুই
জুৰীয়াত জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ