--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পেৰিছ অলিম্পিকত ভাৰতীয় খেলুৱৈসকলক সমৰ্থন আগবঢ়াবলৈ  ১১৭গৰাকী খেলুৱৈৰ সৈতে মুঠ  ১৪০ গৰাকী সহায়ক কৰ্মচাৰীক পেৰিছ অলিম্পিকলৈ প্ৰেৰণ কৰা হৈছে। পেৰিছ অলিম্পিক-২০২৪  ২৬ জুলাই, ২০২৪ত  আৰম্ভ হ'ব আৰু এই প্ৰতিযোগিতাত  ভাৰতৰ ১১৭গৰাকী  খেলুৱৈয়ে ১৬ টা ক্ৰীড়া শাখাত অংশগ্ৰহণ কৰিব। 

খেলুৱৈ-কেন্দ্ৰিক আৰু খেলুৱৈ-প্ৰথম পদ্ধতি গ্ৰহণ কৰি সহায়ক কৰ্মচাৰী বাছনি কৰা হৈছে আৰু  ক্ষেত্ৰত  এক বিস্তৃত তথা পদ্ধতিগত প্ৰণালী গ্ৰহণ কৰা হৈছে। খেলুৱৈসকলক সামগ্ৰিক সমৰ্থন আগবঢ়োৱাটো নিশ্চিত কৰিবলৈ এই সকল কৰ্মচাৰীক প্ৰেৰণ কৰা হৈছে। বাছনি কৰা অতিৰিক্ত সহায়ক কৰ্মচাৰীসকলক বিস্তৃত আলোচনাৰ অন্তত আৰু খেলুৱৈসকলৰ পৰামৰ্শ তথা প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি প্ৰেৰণ কৰা হৈছে। এইক্ষেত্ৰত  খেলুৱৈসকলৰ সিদ্ধান্ত লোৱাৰ অধিকাৰক মূল আধাৰস্তম্ভ হিচাবে বিবেচনা কৰা হৈছে। 

১৪০ গৰাকী  সহায়ক কৰ্মচাৰীৰ ভিতৰত ৬৭ গৰাকীয়ে গেমছ ভিলেজত খেলুৱৈসকলৰ সৈতে থাকিব আৰু ইয়াত প্ৰধানকৈ প্ৰশিক্ষক, দলৰ চিকিৎসক, আৰোগ্য বিশেষজ্ঞ, ক্ৰীড়া বিজ্ঞানী আৰু ফিজিঅ’থেৰাপিষ্ট আদি থাকিব। আন সদস্যসকলক গেমছ ভিলেজৰ বাহিৰত ৰখা হ’ব আৰু ইয়াত অতিৰিক্ত প্ৰশিক্ষক, ষ্ট্ৰেংথ আৰু কণ্ডিচনিং বিশেষজ্ঞ, ট্ৰেইনাৰ স্পাৰিংপাৰ্টনাৰ আৰু মেণ্টাল কণ্ডিচনিং প্ৰশিক্ষক আদি  থাকিব  যাতে খেলুৱৈসকলে তেওঁলোকৰ সৈতে সহজে যোগাযোগ ৰক্ষা কৰি চলিব পাৰে আৰু প্ৰয়োজনত সা-সুবিধা গ্ৰহণ কৰিব পাৰে। এইসকল সহায়ক কৰ্মচাৰীক গেমছ ভিলেজৰ বাহিৰত ৰখা হ’ব কাৰণ আই অ’ চিৰ নীতি অনুসৰি  ৩৩% সহায়ক কৰ্মচাৰীকহে  গেমছ ভিলেজত ৰাখিব পাৰি।

প্ৰশিক্ষক, চিকিৎসক, ফিজিঅ’থেৰাপিষ্ট আদিৰ উপৰি এইবেলি ভাৰতে খেলুৱৈসকলৰ সৈতে  পুষ্টিবিদ, নিদ্ৰা বিশেষজ্ঞ , স্পাৰিং পাৰ্টনাৰ আদিকো পঠিয়াইছে।  পেৰিছ অলিম্পিকলৈ  ভাৰতে খেলুৱৈসকলৰ বাবে  ৪৩ গৰাকী প্ৰশিক্ষক আৰু ব্যক্তিগত প্ৰশিক্ষক, ২৫ গৰাকী বিদেশী প্ৰশিক্ষক, ২৬ গৰাকী  ফিজিঅ’থেৰাপিষ্ট আৰু ৭ গৰাকী  মালিচ বিশেষজ্ঞ প্ৰেৰণ কৰিছে।

ভাৰত চৰকাৰে গেমছ ভিলেজৰ ওচৰৰ হোটেলৰ কোঠা বুকিং কৰি  অতিৰিক্ত সহায়ক কৰ্মচাৰীসকলক  ৰাখিব আৰু সেইসকল কৰ্মচাৰীক দৈনিক পাছ আবণ্টন দিয়াৰ প্ৰচেষ্টা অব্যাহত আছে , যাতে তেওঁলোকে খেলুৱৈসকলক প্ৰশিক্ষণৰ সময়ত সহজে লগ পাব পাৰে আৰু গুৰুত্বপূৰ্ণ খেলসমূহৰ বাবে তেওঁলোকক প্ৰস্তুত কৰি তুলিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ