--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পেৰিছ অলিম্পিকত ভাৰতীয় খেলুৱৈসকলক সমৰ্থন আগবঢ়াবলৈ  ১১৭গৰাকী খেলুৱৈৰ সৈতে মুঠ  ১৪০ গৰাকী সহায়ক কৰ্মচাৰীক পেৰিছ অলিম্পিকলৈ প্ৰেৰণ কৰা হৈছে। পেৰিছ অলিম্পিক-২০২৪  ২৬ জুলাই, ২০২৪ত  আৰম্ভ হ'ব আৰু এই প্ৰতিযোগিতাত  ভাৰতৰ ১১৭গৰাকী  খেলুৱৈয়ে ১৬ টা ক্ৰীড়া শাখাত অংশগ্ৰহণ কৰিব। 

খেলুৱৈ-কেন্দ্ৰিক আৰু খেলুৱৈ-প্ৰথম পদ্ধতি গ্ৰহণ কৰি সহায়ক কৰ্মচাৰী বাছনি কৰা হৈছে আৰু  ক্ষেত্ৰত  এক বিস্তৃত তথা পদ্ধতিগত প্ৰণালী গ্ৰহণ কৰা হৈছে। খেলুৱৈসকলক সামগ্ৰিক সমৰ্থন আগবঢ়োৱাটো নিশ্চিত কৰিবলৈ এই সকল কৰ্মচাৰীক প্ৰেৰণ কৰা হৈছে। বাছনি কৰা অতিৰিক্ত সহায়ক কৰ্মচাৰীসকলক বিস্তৃত আলোচনাৰ অন্তত আৰু খেলুৱৈসকলৰ পৰামৰ্শ তথা প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি প্ৰেৰণ কৰা হৈছে। এইক্ষেত্ৰত  খেলুৱৈসকলৰ সিদ্ধান্ত লোৱাৰ অধিকাৰক মূল আধাৰস্তম্ভ হিচাবে বিবেচনা কৰা হৈছে। 

১৪০ গৰাকী  সহায়ক কৰ্মচাৰীৰ ভিতৰত ৬৭ গৰাকীয়ে গেমছ ভিলেজত খেলুৱৈসকলৰ সৈতে থাকিব আৰু ইয়াত প্ৰধানকৈ প্ৰশিক্ষক, দলৰ চিকিৎসক, আৰোগ্য বিশেষজ্ঞ, ক্ৰীড়া বিজ্ঞানী আৰু ফিজিঅ’থেৰাপিষ্ট আদি থাকিব। আন সদস্যসকলক গেমছ ভিলেজৰ বাহিৰত ৰখা হ’ব আৰু ইয়াত অতিৰিক্ত প্ৰশিক্ষক, ষ্ট্ৰেংথ আৰু কণ্ডিচনিং বিশেষজ্ঞ, ট্ৰেইনাৰ স্পাৰিংপাৰ্টনাৰ আৰু মেণ্টাল কণ্ডিচনিং প্ৰশিক্ষক আদি  থাকিব  যাতে খেলুৱৈসকলে তেওঁলোকৰ সৈতে সহজে যোগাযোগ ৰক্ষা কৰি চলিব পাৰে আৰু প্ৰয়োজনত সা-সুবিধা গ্ৰহণ কৰিব পাৰে। এইসকল সহায়ক কৰ্মচাৰীক গেমছ ভিলেজৰ বাহিৰত ৰখা হ’ব কাৰণ আই অ’ চিৰ নীতি অনুসৰি  ৩৩% সহায়ক কৰ্মচাৰীকহে  গেমছ ভিলেজত ৰাখিব পাৰি।

প্ৰশিক্ষক, চিকিৎসক, ফিজিঅ’থেৰাপিষ্ট আদিৰ উপৰি এইবেলি ভাৰতে খেলুৱৈসকলৰ সৈতে  পুষ্টিবিদ, নিদ্ৰা বিশেষজ্ঞ , স্পাৰিং পাৰ্টনাৰ আদিকো পঠিয়াইছে।  পেৰিছ অলিম্পিকলৈ  ভাৰতে খেলুৱৈসকলৰ বাবে  ৪৩ গৰাকী প্ৰশিক্ষক আৰু ব্যক্তিগত প্ৰশিক্ষক, ২৫ গৰাকী বিদেশী প্ৰশিক্ষক, ২৬ গৰাকী  ফিজিঅ’থেৰাপিষ্ট আৰু ৭ গৰাকী  মালিচ বিশেষজ্ঞ প্ৰেৰণ কৰিছে।

ভাৰত চৰকাৰে গেমছ ভিলেজৰ ওচৰৰ হোটেলৰ কোঠা বুকিং কৰি  অতিৰিক্ত সহায়ক কৰ্মচাৰীসকলক  ৰাখিব আৰু সেইসকল কৰ্মচাৰীক দৈনিক পাছ আবণ্টন দিয়াৰ প্ৰচেষ্টা অব্যাহত আছে , যাতে তেওঁলোকে খেলুৱৈসকলক প্ৰশিক্ষণৰ সময়ত সহজে লগ পাব পাৰে আৰু গুৰুত্বপূৰ্ণ খেলসমূহৰ বাবে তেওঁলোকক প্ৰস্তুত কৰি তুলিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু