--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • সাধাৰণ ৰাইজৰ বাবে সহজলভ্য চকু চিকিৎসা সেৱা আগবঢ়োৱা আৰু চকুৰ সমস্যাসমূহ আগতীয়াকৈ চিনাক্ত কৰাই আছিল এই শিবিৰৰ মূল উদ্দেশ্য।

ডিজিটেল ডেস্ক: কাছাৰৰ বদৰপুৰঘাটৰ দেৱেন্দ্ৰনগৰস্থিত বিভিচিএল হেল্থ চেণ্টাৰত লায়ন্স বৰ্ষ ২০২৬ - ২৭ৰ চতুৰ্থটো চকু পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়। লায়ন্স ক্লাব অৱ বদৰপুৰ গ্ৰেটাৰ, শিলচৰ লায়ন্স আই হস্পিটেল আৰু ভেলী ষ্ট্ৰং চিমেণ্টৰ যৌথ উদ্যোগত আয়োজিত এই শিবিৰত মুঠ ৬২ জন লোকৰ চকু পৰীক্ষা কৰা হয়।


পৰীক্ষাত ১০ জন লোকৰ চকুত ছানি ধৰা পৰে। তেওঁলোকক উন্নত চিকিৎসা আৰু ছানি অস্ত্ৰোপচাৰৰ বাবে শিলচৰ লায়ন্স আই হস্পিটেললৈ প্ৰেৰণ কৰা হয়। ইয়াৰ উপৰি, প্ৰয়োজনীয় ৩৩ জন লোকৰ মাজত বিনামূলীয়াকৈ চশমা বিতৰণ কৰা হয়।


সাধাৰণ ৰাইজৰ বাবে সহজলভ্য চকু চিকিৎসা সেৱা আগবঢ়োৱা আৰু চকুৰ সমস্যাসমূহ আগতীয়াকৈ চিনাক্ত কৰাই আছিল এই শিবিৰৰ মূল উদ্দেশ্য। ভৱিষ্যতেও সাধাৰণ ৰাইজৰ বাবে এনেধৰণৰ স্বাস্থ্য আৰু চকু চিকিৎসা সেৱা অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে ভেলী ষ্ট্ৰং চিমেণ্টৰ চিইঅ’ তথা ক্লাবৰ আইপিপি মুকেশ আগৰৱালে।


এইদিনাৰ শিবিৰত উপস্থিত থাকে সভাপতি ডাঃ স্বপন কুমাৰ দাস, জ্যেষ্ঠ লায়ন্স বিষয়া প্ৰদীপ্ত কুমাৰ দে, সুজিত কৰ, সমৰজিৎ চক্ৰৱৰ্তী, শমীন্দ্ৰ পাল, স্বেচ্ছাসেৱী অধিবক্তা লক্ষ্মী দত্তগুপ্তৰ লগতে লায়ন্স আই হস্পিটেল আৰু ভেলী ষ্ট্ৰং চিমেণ্টৰ বিষয়ববীয়াসকল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰঘাটত বিভিচিএল হেল্থ চেণ্টাৰত লায়ন্স ক্লাবৰ চতুৰ্থটো চকু পৰীক্ষা শিবিৰ
স্মিত মচ্চাৰক ইজৰাইলৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রণ প্ৰধানমন্ত্ৰী নেটান্যাহুৰ
আৰক্ষীৰ তীব্ৰ অভিযানত হাটশিঙিমাৰীত গ্ৰেপ্তাৰ ১১ জনকৈ চোৰাং গৰু সৰবৰাহকাৰী
তিনিদিন ধৰি নিৰুদ্দেশ বৰপেটাৰ যুৱতী অনন্যা নাথ; কান্দোনত ভাঙি পৰিছে পৰিয়াল
ভাৰতৰ শান্তি প্রচেষ্টাক ইউক্রেইনৰ আদৰণি
‘গ্ল’বেল হেলথ এষ্টিমেট্‌ছ’ৰ প্রতিবেদনত প্ৰকাশ; ৭১ বছৰলৈ বৃদ্ধি ভাৰতীয়ৰ গড় আয়ুস
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল