--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বৰ্তমান সুখচৰ আৰক্ষী থানাত গ্ৰেপ্তাৰ হোৱা এই চোৰাং গৰু সৰবৰাহকাৰীসকলক তীক্ষ্ণ জেৰা অব্যাহত ৰখা হৈছে।

ডিজিটেল ডেস্ক: হাটশিঙিমাৰী জিলাৰ সুখচৰ আৰক্ষীয়ে চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে। বিগত কেইদিনমানৰ পৰা অঞ্চলটোত সক্ৰিয় হৈ উঠা চোৰাং গৰু সৰবৰাহৰ চক্ৰটোৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ অৱস্থান গ্ৰহণ কৰি একেৰাহে অভিযান চলাই যোৱা পৰিলক্ষিত হৈছে।


লাভ কৰা তথ্য অনুসৰি, সুখচৰ আৰক্ষীয়ে চলোৱা এই ধাৰাবাহিক অভিযানত মাত্ৰ দুটা দিনৰ ভিতৰতে মুঠ ১১ জনকৈ কুখ্যাত চোৰাং গৰু সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। সুখচৰ অঞ্চলৰ বিভিন্ন স্থান আৰু সম্ভাৱ্য ঘাটিত এই অভিযান চলাই সৰবৰাহকাৰী কেইজনক এক প্ৰকাৰ জালেৰে ঘেৰি ধৰে আৰক্ষীয়ে।


ইফালে, এই অভিযানৰ অংশ হিচাপে আজি সুখচৰ আৰক্ষীয়ে পুনৰ অভিযান চলাই আন দুজন চোৰাং গৰু সৰবৰাহকাৰীক হাতেলোটে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত লোক দুজন ক্ৰমে সুখচৰ থানা এলেকাৰ অন্তৰ্গত ছফিউৰ ৰহমান মণ্ডল আৰু মিনাৰুল মণ্ডল বুলি চিনাক্ত কৰা হৈছে।


বৰ্তমান সুখচৰ আৰক্ষী থানাত গ্ৰেপ্তাৰ হোৱা এই চোৰাং গৰু সৰবৰাহকাৰীসকলক তীক্ষ্ণ জেৰা অব্যাহত ৰখা হৈছে। আৰক্ষীৰ প্ৰাৰম্ভিক জেৰাত এই সৰবৰাহ চক্ৰটোৰ লগত আৰু কোন কোন ব্যক্তি বা বৃহৎ নেটৱৰ্ক জড়িত হৈ আছে, সেই বিষয়ে গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে। আৰক্ষীৰ এই কঠোৰ পদক্ষেপত অঞ্চলটোৰ সাধাৰণ ৰাইজে স্বস্তিৰ নিঃশ্বাস পেলাইছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
আৰক্ষীৰ তীব্ৰ অভিযানত হাটশিঙিমাৰীত গ্ৰেপ্তাৰ ১১ জনকৈ চোৰাং গৰু সৰবৰাহকাৰী
তিনিদিন ধৰি নিৰুদ্দেশ বৰপেটাৰ যুৱতী অনন্যা নাথ; কান্দোনত ভাঙি পৰিছে পৰিয়াল
ভাৰতৰ শান্তি প্রচেষ্টাক ইউক্রেইনৰ আদৰণি
‘গ্ল’বেল হেলথ এষ্টিমেট্‌ছ’ৰ প্রতিবেদনত প্ৰকাশ; ৭১ বছৰলৈ বৃদ্ধি ভাৰতীয়ৰ গড় আয়ুস
হোজাইৰ নভঙাত চাঞ্চল্যকৰ ঘটনা! পৰকীয়া প্ৰেমৰ বাবে এগৰাকী বোৱাৰীক হত্যা যুৱকৰ
কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূর্ণ পদক্ষেপ; চীন সীমান্তৰ নতুন মানচিত্ৰ ভাৰতৰ
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন