--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • দুৰ্ঘটনাটোৰ পিছতে স্থানীয় ৰাইজ আৰু ক্ষেত্ৰী আৰক্ষীৰ তৎপৰতাত তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযান চলোৱা হয়। সংকটজনক অৱস্থাত আহত তিনিগৰাকী যাত্ৰীক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

ডিজিটেল ডেস্ক: কামৰূপ জিলাৰ ক্ষেত্ৰীৰ নোৱাগাঁৱত ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি এক অতি ভয়ংকৰ তথা শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। এই মৰ্মান্তিক দুৰ্ঘটনাত এগৰাকী মহিলাসহ থিতাতে তিনিজন লোকৰ কৰুণ মৃত্যু হয় আৰু আন তিনিগৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হয়।


প্ৰাপ্ত তথ্য অনুসৰি, মহানগৰীৰ দিশৰ পৰা নগাঁও অভিমুখে তীব্ৰ বেগেৰে গৈ থকা এটা পৰিয়ালৰ 'হোণ্ডাই আই-টেন' (Hyundai i10, পঞ্জীয়ন নম্বৰ: AS 01 DX 5663) বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ সুৰক্ষা ৰেলিঙত প্ৰচণ্ড জোৰে খুন্দা মাৰে। তীব্ৰ বেগৰ বাবেই চালকে বাহনখন নিয়ন্ত্ৰণ কৰিব নোৱাৰি এই দুৰ্ঘটনাটো সংঘটিত কৰা বুলি প্ৰাথমিকভাৱে অনুমান কৰা হৈছে।


দুৰ্ঘটনাটোৰ পিছতে স্থানীয় ৰাইজ আৰু ক্ষেত্ৰী আৰক্ষীৰ তৎপৰতাত তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযান চলোৱা হয়। সংকটজনক অৱস্থাত আহত তিনিগৰাকী যাত্ৰীক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। এই শোকাৱহ ঘটনাই সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ক্ষেত্ৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেলিঙত বাহনৰ খুন্দা, মহিলাসহ তিনিজনৰ মৃত্যু
বদৰপুৰঘাটত বিভিচিএল হেল্থ চেণ্টাৰত লায়ন্স ক্লাবৰ চতুৰ্থটো চকু পৰীক্ষা শিবিৰ
স্মিত মচ্চাৰক ইজৰাইলৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রণ প্ৰধানমন্ত্ৰী নেটান্যাহুৰ
আৰক্ষীৰ তীব্ৰ অভিযানত হাটশিঙিমাৰীত গ্ৰেপ্তাৰ ১১ জনকৈ চোৰাং গৰু সৰবৰাহকাৰী
তিনিদিন ধৰি নিৰুদ্দেশ বৰপেটাৰ যুৱতী অনন্যা নাথ; কান্দোনত ভাঙি পৰিছে পৰিয়াল
ভাৰতৰ শান্তি প্রচেষ্টাক ইউক্রেইনৰ আদৰণি
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ