--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যদি আপুনি সুস্থ হৈ থাকিব বিচাৰে তেন্তে হজম শক্তিক ভাল অৱস্থাত ৰাখিব লাগিব। পেটৰ সমস্যাই আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে, যদি কাৰোবাৰ খাদ্য খোৱাৰ পাছত পেট ফুলাৰ সমস্যা হয়, তেন্তে তেওঁৰ বাবে দৈনন্দিন জীৱনৰ স্বাভাৱিক কাম-কাজ কৰাটো কঠিন হ’ব। সাধাৰণতে আমি যেতিয়া তেলীয়া আৰু জাংক ফুড খাওঁ তেতিয়া পাচনতন্ত্ৰ বিশৃংখল হৈ পৰিব পাৰে আৰু আপুনি পেট ফুলাৰ বলি হ’ব পাৰে। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ কিছুমান প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

পেট ফুলাৰ পৰা কেনেকৈ মুক্তি পাব পাৰি

১)দৈ খাব লাগে
দৈক অতি স্বাস্থ্যকৰ খাদ্য বুলি গণ্য কৰা হয়, ইয়াৰ পাচন গুণ আৰু ভাল বেক্টেৰিয়া থাকে যিয়ে খাদ্য হজমত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যদি পেট ফুলাৰ ফলত অসুবিধা হয়, তেন্তে দৈত জিৰা দি খাব।

২) আদা খাব
গেছৰ সমস্যাটো পেট ফুলাৰ এটা গুৰুত্বপূৰ্ণ কাৰণ হ’ব পাৰে, ইয়াৰ পৰা মুক্তি পাবলৈ আপুনি আদা খাব লাগে। ইয়াৰ বাবে কেঁচা আদা চোবাই খাব পাৰে। যদি এই পদ্ধতিটো ভাল নাপায় তেন্তে আদা কাটি এগিলাচ পানীৰে উতলাই পানী ফিল্টাৰ কৰি খালে পেট পৰিষ্কাৰ হৈ যাব।

৩) অমিতা খাব
অমিতা পেটৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়, ইয়াত পেপেইন নামৰ যৌগ এটা পোৱা যায়, যিয়ে হজম শক্তি উন্নত কৰে আৰু লগতে পেট ফুলাৰ সমস্যাও দূৰ কৰে। নিয়মিতভাৱে সেৱন কৰক।

৪) চফৰ পানী খাব লাগে
চফক সাধাৰণতে  মুখ সতেজ কৰি ৰাখিবলৈ  ব্যৱহাৰ কৰা হয় যদিও পেটৰ সমস্যাৰ বাবেও ই এক ঔষধ। ইয়াৰ বাবে চফ চোবাই খাব পাৰে, বা চফ এচামুচ এগিলাচ পানীত তিয়াই ৰাতিপুৱা ফিল্টাৰ কৰাৰ পাছত সেৱন কৰিব পাৰে। এনে কৰিলে পেট ফুলাৰ পৰা সকাহ পাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক