--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্লাড ছুগাৰ আৰু ব্লাড প্ৰেছাৰ নিয়ন্ত্ৰণ কৰাটো অতি জৰুৰী। ডায়েবেটিছ আৰু ৰক্তচাপ বা হাই ব্লাড প্ৰেছাৰে মানুহক লাহে-লাহে মৃত্যুৰ মুখলৈ ঠেলি দিয়ে। সকলো মানুহেই ব্লাড ছুগাৰ আৰু ৰক্তচাপ নিয়ন্ত্ৰণ কৰাটো উচিত। ব্লাড ছুগাৰ নিয়ন্ত্ৰণ নকৰিলে ডায়েবেটিছ ৰোগ হয়। আপুনিও যদি ডায়েবেটিছ আৰু হাই ব্লাড প্ৰেছাৰ নিয়ন্ত্ৰণ কৰিব বিচাৰে তেন্তে এই ৫টা উপাদান আপুনি আপোনাৰ খাদ্য তালিকাত যোগ কৰক।

কি এই ৫টা উপাদান?

১) তুলসীঃ তুলসীয়ে বিপাকীয় চাপ কমায় আৰু তেজৰ গ্লুক’জ, ৰক্তচাপ আৰু কলেষ্টেৰল কমায়। কেৱল সেয়াই নহয়, তুলসী খোৱাটোৱেও মানসিক চাপ কমায়। তুলসীত থকা ইউজেনলে ৰক্তচাপ কমোৱাত সহায় কৰে। কেইটামান তুলসীৰ পাত চোবাই খালে বা চাহত মিহলাই ৰক্তচাপ আৰু মধুমেহ ৰোগ কম কৰিব পাৰি।

২) নহৰুঃ নহৰুৱে খাদ্যৰ সোৱাদ বৃদ্ধি কৰাই নহয়, ইয়াৰ আন বহুতো উপকাৰো আছে। ই শৰীৰত নাইট্ৰিক অক্সাইডৰ মাত্ৰা বৃদ্ধি কৰি ৰক্তচাপ হ্ৰাস কৰিব পাৰে।

৩) ডালচেনিঃ ডালচেনি গৰম মছলা হিচাপে ব্যৱহাৰ কৰা হয়। ৰক্তচাপ কমোৱাত ডালচেনি অতি উপকাৰী। ডালচেনিত ভাইৰেল প্ৰতিৰোধী, বেক্টেৰিয়া প্ৰতিৰোধী আৰু ভেঁকুৰ প্ৰতিৰোধী গুণ আছে। ইয়াৰ এন্টিঅক্সিডেন্টৰ লগতে এন্টি-ইনফ্লেমেটৰী গুণ আছে। এই গুণৰ বাবে ডালচেনিয়ে টাইপ ২ ডায়েবেটিছৰ সম্ভাৱনা হ্ৰাস কৰাত সহায় কৰে।

৪) মেথিঃ ডায়েবেটিছৰ বাবে মেথি উপকাৰী। বহু অধ্যয়নে এই কথা প্ৰমাণ কৰিছে। ১০ গ্ৰাম তিয়াই থোৱা মেথিৰ গুটি খালে টাইপ ২ ডায়েবেটিছ নিয়ন্ত্ৰণত সহায়ক হয়।

৫) হালধিঃ Covid-19ৰ পিছত হালধিৰ জনপ্ৰিয়তা বহুগুণে বৃদ্ধি পাইছে। হালধিত কাৰকুমিন নামৰ ৰাসায়নিক পদাৰ্থ থাকে, ই শক্তিশালী এন্টিঅক্সিডেন্ট, যিয়ে ডায়েবেটিছৰ চিকিৎসাত সহায় কৰে। শাক-পাচলি আৰু দালিৰ পৰা আৰম্ভ কৰি গাখীৰত হালধি ব্যৱহাৰ কৰিলে বহু ৰোগ নিৰাময় হ’ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
প্রায় দুমাহে সমগ্র ইৰানত বন্ধ হৈ আছে শিক্ষা প্রতিষ্ঠানসমূহ; অন্ধকাৰত শিক্ষাৰ্থীৰ ভৱিষ্যৎ
অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশৰ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
গৰু বিহুৰ দিনা একাংশ মানুহে কিয় খায় আমৰলি পৰুৱাৰ টোপ? জানো আহক
পাৱাৰলুমৰ গামোচাৰে ভৰিছে ৰাজ্যৰ বজাৰ
আজি গৰু বিহু ; চৌদিশে হেঁপাহৰ ৰঙালীক আদৰাৰ প্ৰস্তুতি
ৰঙালীৰ আনন্দ উল্লাসৰ মাজতে জোনাইত অঘটন ; থিতাতে মৃত্যু এজনৰ