--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাটাৰ বিশ্বকাপৰ সামৰণি মঞ্চত উদ্দাম নৃত্য প্ৰদৰ্শন কৰিলে নোৰা ফাটেহিয়ে। সমগ্ৰ বিশ্ব মুগ্ধ হৈ পৰিল বলিউডৰ আইটেম গাৰ্লগৰাকীৰ নাচোনৰ তালত। ভাৰতৰ জাতীয় পতাকা লৈও তেওঁ বিশ্বকাপত নৃত্য প্ৰদৰ্শন কৰে। বিশ্বকাপৰ মঞ্চত ভাৰতৰ পতাকা উৰাটো অনেকে গৌৰৱৰ মুহূৰ্ত বুলি অভিহিত কৰিছে।

বিশ্বকাপত নৃত্য প্ৰদৰ্শন কৰাৰ পাছতে ইনষ্টাগ্ৰামযোগে নোৰাই এটা আৱেগিক প’ষ্ট শ্বেয়াৰ কৰিছে। তাত তেওঁ নিজৰ সংগ্ৰামৰ বিষয়ে অনুৰাগীসকলৰ  আগত ব্যক্ত কৰিছে। এয়া তেওঁৰ কেৰিয়াৰৰ 'মহাকাব্যিক মুহূৰ্ত’ বুলি অভিহিত কৰিছে নোৰাই।

নোৰাই বলিউডত সফলতা লাভ কৰিলেও তেওঁৰ জন্ম কানাডাৰ এটা মৰক্কান পৰিয়ালত। ১৯৯২ চনত জন্মগ্ৰহণ কৰা নোৰাই নিজকে 'হৃদয়ৰ পৰা ভাৰতীয়’ বুলি অভিহিত কৰি আহিছে।

সৰুৰে পৰাই নৃত্যকলাৰ প্ৰতি আগ্ৰহী আছিল নোৰা। কিন্তু পৰিয়ালৰ পৰা কোনো সহযোগ লাভ কৰা নাছিল। স্কুলতো নাচ-গানৰ কোনো পৰিৱেশ নাছিল। কিন্তু তাৰ পাছতো বিভিন্ন মঞ্চত নৃত্য প্ৰদৰ্শন কৰি যায় নোৰাই।

১৬ বছৰ বয়সৰ পৰা নোৰাই জীৱন জীৱিকাৰ সংগ্ৰামত জড়িত হৈ পৰে। ৰেষ্টুৰেণ্টৰ ৱেইটাৰৰ পৰা বাৰগাৰ্ললৈকে সকলো বৃত্তিত সোমাই পৰে নোৰা।

কলেজ শেষ নকৰাকৈয়েই তেওঁ বলিউডলৈ আহে। নৃত্যকলাত থকা দক্ষতাৰ বাবে বলিউড আৰু দক্ষিণ ভাৰতৰ কেইবাখনো চিনেমাৰ আইটেম চঙত সুযোগ পাই নোৰাই। ২০১৪ চনত 'ৰোৰঃ দ্যা টাইগাৰ্ছ অৱ সুন্দৰবন্ছ’ নামৰ ছৱিখনত তেওঁ প্ৰথমবাৰৰ বাবে অভিনয় কৰে।

২০১৮ চনত মুক্তি লাভ কৰে 'সত্যমেৱ জয়তে’ ছৱিখনে মুক্তিলাব কৰে। তাত  'দিলবৰ’ গানটোত উদ্দাম নৃত্য প্ৰদৰ্শন কৰে নোৰাই। সুস্মিতা সেনে নৃত্য কৰা নবৈ দশকৰ গানটো নোৰাৰ নাচোনত নতুন ৰূপ লাভ কৰে। 'দিলবৰ’ৰ জৰিয়তে তাৰকাৰ শাৰীলৈ যায় নোৰা ফাটেহি।

'দিলবৰ’ৰ পাছতে বলিউডৰ নতুন আইটেম গাৰ্ল হিচাপে পৰিচিত হৈ পৰে নোৰা। কেইবাধৰণৰো নৃত্যশৈলীত দক্ষতা থকা নোৰাই আন্তৰ্জাতিক খ্যাতিও  লাভ কৰে। শেহতীয়াকৈ কেইবাটাও বিতৰ্কতো সাঙোৰ খাই পৰিছে নোৰা।

পৰিয়ালৰ অমান্তি সত্বেও নৃত্যৰ জগতত প্ৰৱেশৰ পৰা বলিউডৰ তাৰকা হোৱালৈকে, বাৰগাৰ্ল-ৱেইটাৰৰ বৃত্তিৰ পৰা ফিফা বিশ্বকাপত নৃত্য প্ৰদৰ্শনলৈকে নোৰা ফাটেহিৰ এই যাত্ৰা নিঃসন্দেহে সংগ্ৰামৰ মাজেৰে পাৰ হৈ আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু