--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাটাৰ বিশ্বকাপৰ সামৰণি মঞ্চত উদ্দাম নৃত্য প্ৰদৰ্শন কৰিলে নোৰা ফাটেহিয়ে। সমগ্ৰ বিশ্ব মুগ্ধ হৈ পৰিল বলিউডৰ আইটেম গাৰ্লগৰাকীৰ নাচোনৰ তালত। ভাৰতৰ জাতীয় পতাকা লৈও তেওঁ বিশ্বকাপত নৃত্য প্ৰদৰ্শন কৰে। বিশ্বকাপৰ মঞ্চত ভাৰতৰ পতাকা উৰাটো অনেকে গৌৰৱৰ মুহূৰ্ত বুলি অভিহিত কৰিছে।

বিশ্বকাপত নৃত্য প্ৰদৰ্শন কৰাৰ পাছতে ইনষ্টাগ্ৰামযোগে নোৰাই এটা আৱেগিক প’ষ্ট শ্বেয়াৰ কৰিছে। তাত তেওঁ নিজৰ সংগ্ৰামৰ বিষয়ে অনুৰাগীসকলৰ  আগত ব্যক্ত কৰিছে। এয়া তেওঁৰ কেৰিয়াৰৰ 'মহাকাব্যিক মুহূৰ্ত’ বুলি অভিহিত কৰিছে নোৰাই।

নোৰাই বলিউডত সফলতা লাভ কৰিলেও তেওঁৰ জন্ম কানাডাৰ এটা মৰক্কান পৰিয়ালত। ১৯৯২ চনত জন্মগ্ৰহণ কৰা নোৰাই নিজকে 'হৃদয়ৰ পৰা ভাৰতীয়’ বুলি অভিহিত কৰি আহিছে।

সৰুৰে পৰাই নৃত্যকলাৰ প্ৰতি আগ্ৰহী আছিল নোৰা। কিন্তু পৰিয়ালৰ পৰা কোনো সহযোগ লাভ কৰা নাছিল। স্কুলতো নাচ-গানৰ কোনো পৰিৱেশ নাছিল। কিন্তু তাৰ পাছতো বিভিন্ন মঞ্চত নৃত্য প্ৰদৰ্শন কৰি যায় নোৰাই।

১৬ বছৰ বয়সৰ পৰা নোৰাই জীৱন জীৱিকাৰ সংগ্ৰামত জড়িত হৈ পৰে। ৰেষ্টুৰেণ্টৰ ৱেইটাৰৰ পৰা বাৰগাৰ্ললৈকে সকলো বৃত্তিত সোমাই পৰে নোৰা।

কলেজ শেষ নকৰাকৈয়েই তেওঁ বলিউডলৈ আহে। নৃত্যকলাত থকা দক্ষতাৰ বাবে বলিউড আৰু দক্ষিণ ভাৰতৰ কেইবাখনো চিনেমাৰ আইটেম চঙত সুযোগ পাই নোৰাই। ২০১৪ চনত 'ৰোৰঃ দ্যা টাইগাৰ্ছ অৱ সুন্দৰবন্ছ’ নামৰ ছৱিখনত তেওঁ প্ৰথমবাৰৰ বাবে অভিনয় কৰে।

২০১৮ চনত মুক্তি লাভ কৰে 'সত্যমেৱ জয়তে’ ছৱিখনে মুক্তিলাব কৰে। তাত  'দিলবৰ’ গানটোত উদ্দাম নৃত্য প্ৰদৰ্শন কৰে নোৰাই। সুস্মিতা সেনে নৃত্য কৰা নবৈ দশকৰ গানটো নোৰাৰ নাচোনত নতুন ৰূপ লাভ কৰে। 'দিলবৰ’ৰ জৰিয়তে তাৰকাৰ শাৰীলৈ যায় নোৰা ফাটেহি।

'দিলবৰ’ৰ পাছতে বলিউডৰ নতুন আইটেম গাৰ্ল হিচাপে পৰিচিত হৈ পৰে নোৰা। কেইবাধৰণৰো নৃত্যশৈলীত দক্ষতা থকা নোৰাই আন্তৰ্জাতিক খ্যাতিও  লাভ কৰে। শেহতীয়াকৈ কেইবাটাও বিতৰ্কতো সাঙোৰ খাই পৰিছে নোৰা।

পৰিয়ালৰ অমান্তি সত্বেও নৃত্যৰ জগতত প্ৰৱেশৰ পৰা বলিউডৰ তাৰকা হোৱালৈকে, বাৰগাৰ্ল-ৱেইটাৰৰ বৃত্তিৰ পৰা ফিফা বিশ্বকাপত নৃত্য প্ৰদৰ্শনলৈকে নোৰা ফাটেহিৰ এই যাত্ৰা নিঃসন্দেহে সংগ্ৰামৰ মাজেৰে পাৰ হৈ আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement