--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমাৰ দেশ ভাৰতত কেইবাখনো ৰাজ্যৰ লোকে  ৰুটিক প্ৰধান আহাৰ হিচাবে গ্ৰহণ কৰে৷ আন সকলো ৰাজ্যৰ লোকেই কম-বেছি পৰিমাণে ৰুটি খায়৷  বহুতে আকৌ এবেলা ভাত খাই আনবেলা ৰুটি খায়৷ বিশেষকৈ উচ্চ ৰক্তচাপ থকা লোকসকলৰ বহুতেই নিশাৰ আহাৰ হিচাবে ৰুটি গ্ৰহণ কৰে৷  বহুতৰে ঘৰত নিশা খোৱাৰ পিছতো কেতিয়া ৰুটি ৰৈ যায়৷ পুৱালৈ বাহি হৈ পৰা ৰুটি খিনি পবহুতে পেলায়ো দিয়ে৷ বহুতে ভাবে যে বাহি ৰুটি খালে শৰীৰৰ অপকাৰ হ’ব৷ কিন্তু কথাষাৰ দৰাচলতে তেনে নহয়৷ 


বাহি ৰুটিয়ে শৰীৰৰ অপকাৰ সাধন কৰাৰ সলনি বহু উপকাৰহে সাধে৷ ৰুটি বাহি কৰি খালে বহু ৰোগৰ পৰা সকাহ পাব পাৰি৷এক কথাত  বাহি ৰুটি  অতি স্বাস্থ্যকৰ।খাদ্য বাহি হোৱাৰ সময়তে খাদ্যৰ উপাদানৰো পৰিৱৰ্তন ঘটে৷ বাহি ৰুটিত হোৱা এনে  পৰিৱৰ্তন স্বাস্থ্যৰ বাবে উপকাৰী৷ বাহি খাদ্য খোৱাৰ ফলত গেছ-বুকু জ্বলন আদি হয় যদিও বাহি ৰুটিৰ  ক্ষেত্ৰত তেনে প্ৰায়ে  নহয়। জানো আহক বাহি ৰুটিৰ  লাভালাভৰ কথা-

১) উচ্চ ৰক্তচাপৰ সমস্যাতএতিয়া বহুতৰে ক্ষেত্ৰত দেখা দিয়া এটা ডাঙৰ সমস্যা। ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিবলৈ দৈনন্দিন জীৱনত বহুতো নিয়ম  অনুসৰণ কৰিব লাগে। চিকিৎসকৰ পৰামৰ্শ অনুসৰি ঔষধ গ্ৰহণ কৰিব লাগে। অৱশ্যে ঘৰুৱা উপায়েৰে ৰক্তচাপ হ্ৰাস কৰিবলৈ আপুনি গাখীৰৰ সৈতে বাহি  ৰুটি  খাব পাৰে। বাহি ৰুটি এনেদৰে খালে শৰীৰত নিমখৰ পৰিমাণ নিয়ন্ত্ৰণত থাকে বুলি স্বাস্থ্য বিজ্ঞানীসকলে কৈ আহিছে৷

২) বাহি পিঠাত যথেষ্ট আঁহ থাকে। ফাইবাৰে দীঘলীয়া সময়ৰ বাবে পেট ভৰ্তি ৰখাত সহায় কৰে। ফলস্বৰূপে ভোক কম হয়। বাৰে বাৰে খাদ্য খোৱাৰ প্ৰৱণতাও হ্ৰাস পায়।

৩) বাহি  ৰিটিত থকা মেগনেছিয়াম আৰু ভিটামিনে  হাপানীৰ সমস্যাৰ পৰা সকাহ দিয়াত সহায় কৰে। 

৪) বাহি ৰুটি  খালে কেৱল উচ্চ ৰক্তচাপৰ সমস্যা হ্ৰাস হোৱাই নহয়, ষ্ট্ৰোকৰ বিপদাশংকা হ্ৰাস পায় । বাহি ৰুটিয়ে শৰীৰৰ উষ্ণতা সন্তুলিত কৰাত সহায় কৰে।

৫) ওজন হ্ৰাস কৰিবলৈ কঠোৰ শাৰীৰিক পৰিশ্ৰমৰ কৰিব লাগে । বাহি ৰুটি  খালে সোনকালে ওজন হ্ৰাস হয়। গতিকে বাহি ৰুটি পেলাই নিদিব৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু