--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমাৰ দেশ ভাৰতত কেইবাখনো ৰাজ্যৰ লোকে  ৰুটিক প্ৰধান আহাৰ হিচাবে গ্ৰহণ কৰে৷ আন সকলো ৰাজ্যৰ লোকেই কম-বেছি পৰিমাণে ৰুটি খায়৷  বহুতে আকৌ এবেলা ভাত খাই আনবেলা ৰুটি খায়৷ বিশেষকৈ উচ্চ ৰক্তচাপ থকা লোকসকলৰ বহুতেই নিশাৰ আহাৰ হিচাবে ৰুটি গ্ৰহণ কৰে৷  বহুতৰে ঘৰত নিশা খোৱাৰ পিছতো কেতিয়া ৰুটি ৰৈ যায়৷ পুৱালৈ বাহি হৈ পৰা ৰুটি খিনি পবহুতে পেলায়ো দিয়ে৷ বহুতে ভাবে যে বাহি ৰুটি খালে শৰীৰৰ অপকাৰ হ’ব৷ কিন্তু কথাষাৰ দৰাচলতে তেনে নহয়৷ 


বাহি ৰুটিয়ে শৰীৰৰ অপকাৰ সাধন কৰাৰ সলনি বহু উপকাৰহে সাধে৷ ৰুটি বাহি কৰি খালে বহু ৰোগৰ পৰা সকাহ পাব পাৰি৷এক কথাত  বাহি ৰুটি  অতি স্বাস্থ্যকৰ।খাদ্য বাহি হোৱাৰ সময়তে খাদ্যৰ উপাদানৰো পৰিৱৰ্তন ঘটে৷ বাহি ৰুটিত হোৱা এনে  পৰিৱৰ্তন স্বাস্থ্যৰ বাবে উপকাৰী৷ বাহি খাদ্য খোৱাৰ ফলত গেছ-বুকু জ্বলন আদি হয় যদিও বাহি ৰুটিৰ  ক্ষেত্ৰত তেনে প্ৰায়ে  নহয়। জানো আহক বাহি ৰুটিৰ  লাভালাভৰ কথা-

১) উচ্চ ৰক্তচাপৰ সমস্যাতএতিয়া বহুতৰে ক্ষেত্ৰত দেখা দিয়া এটা ডাঙৰ সমস্যা। ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিবলৈ দৈনন্দিন জীৱনত বহুতো নিয়ম  অনুসৰণ কৰিব লাগে। চিকিৎসকৰ পৰামৰ্শ অনুসৰি ঔষধ গ্ৰহণ কৰিব লাগে। অৱশ্যে ঘৰুৱা উপায়েৰে ৰক্তচাপ হ্ৰাস কৰিবলৈ আপুনি গাখীৰৰ সৈতে বাহি  ৰুটি  খাব পাৰে। বাহি ৰুটি এনেদৰে খালে শৰীৰত নিমখৰ পৰিমাণ নিয়ন্ত্ৰণত থাকে বুলি স্বাস্থ্য বিজ্ঞানীসকলে কৈ আহিছে৷

২) বাহি পিঠাত যথেষ্ট আঁহ থাকে। ফাইবাৰে দীঘলীয়া সময়ৰ বাবে পেট ভৰ্তি ৰখাত সহায় কৰে। ফলস্বৰূপে ভোক কম হয়। বাৰে বাৰে খাদ্য খোৱাৰ প্ৰৱণতাও হ্ৰাস পায়।

৩) বাহি  ৰিটিত থকা মেগনেছিয়াম আৰু ভিটামিনে  হাপানীৰ সমস্যাৰ পৰা সকাহ দিয়াত সহায় কৰে। 

৪) বাহি ৰুটি  খালে কেৱল উচ্চ ৰক্তচাপৰ সমস্যা হ্ৰাস হোৱাই নহয়, ষ্ট্ৰোকৰ বিপদাশংকা হ্ৰাস পায় । বাহি ৰুটিয়ে শৰীৰৰ উষ্ণতা সন্তুলিত কৰাত সহায় কৰে।

৫) ওজন হ্ৰাস কৰিবলৈ কঠোৰ শাৰীৰিক পৰিশ্ৰমৰ কৰিব লাগে । বাহি ৰুটি  খালে সোনকালে ওজন হ্ৰাস হয়। গতিকে বাহি ৰুটি পেলাই নিদিব৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
সৰ্থেবাৰী আৰক্ষীৰ বৃহৎ সফলতা; জালত পৰিল গভাইত চোৰৰ চক্ৰ, বুজন পৰিমাণৰ কাঁহৰ বাচন-বৰ্তন উদ্ধাৰ
কোনে তুলি ল’ব এইবাৰৰ বিশ্বকাপ? বিশ্বজুৰি অন্তহীন জল্পনা-কল্পনা
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement