--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰায় প্ৰতিজন ব্যক্তিয়েই জানে যে আলমণ্ড স্বাস্থ্যৰ বাবে অতি উপকাৰী। কিন্তু খোৱাৰ কথা আহিলে মানুহে গুগলত চাৰ্চ কৰি খোৱাৰ সঠিক উপায় বিচাৰি ফুৰে। ইয়াৰ দ্বাৰা আলমণ্ড খোৱাৰ সঠিক উপায় পোৱা যায়। কিন্তু ইমানেই কথা লিখা থাকে যে কাক অনুসৰণ কৰিব লাগে বুলি মানুহ বিবুধিত পৰে।

এনে পৰিস্থিতিত ঈশা ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক সদগুৰুৱে কোৱা আলমণ্ড খোৱাৰ ধৰণটো আপোনাৰ বাবে ভাল বুলি প্ৰমাণিত হ’ব পাৰে। তেওঁৰ মতে, আলমণ্ড ৰাতি তিয়াই ৰাতিপুৱা বাকলি গুচাই খাব লাগে। এই পদ্ধতিয়ে আলমণ্ডৰ পুষ্টিকৰ উপাদান ভালদৰে শোষণ কৰাত সহায় কৰে। সাধগুৰুৰ এই ভিডিঅ'টো ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ ৰাইজে লাইক কৰিছে।

আলমণ্ড খোৱাৰ শুদ্ধ উপায় হ’ল ইয়াক ৰাতি তিয়াই থব লাগে আৰু পুৱা বাকলি আঁতৰাই খাব লাগে। কাৰণ এই ধৰণৰ বাদামৰ নিজৰ সুৰক্ষাৰ বাবে নিজস্ব ব্যৱস্থা থাকে। যেতিয়া আপুনি ইহঁতক তিয়াই থয় তেতিয়া ইহঁতে সেই বিষাক্ত উপাদানবোৰ এৰি দিয়ে যিবোৰ ইহঁতে পোক-পৰুৱাৰ পৰা নিজকে ৰক্ষা কৰিবলৈ ব্যৱহাৰ কৰে।

আলমণ্ডত এক প্ৰকাৰৰ কাৰ্চিনোজেনিক ৰাসায়নিক পদাৰ্থ থাকে যিটো বাকলিৰ ঠিক তলত থাকে, যাৰ বাবে পোকে ইয়াক আক্ৰমণ নকৰে। এনে পৰিস্থিতিত বাকলি নুগুচুৱাকৈ খালে স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে। 

আলমণ্ড হৈছে পুষ্টিকৰ উপাদানৰ এক ভঁৰাল। দৈনিক এমুঠিমান তিয়াই থোৱা আলমণ্ড খালে হৃদযন্ত্ৰ সুস্থ হৈ থাকে আৰু কলেষ্টেৰল, ডায়েবেটিছৰ দৰে ৰোগ নিয়ন্ত্ৰণত থাকে। ইয়াৰ উপৰিও ইয়াত থকা ভিটামিন ইয়ে ছালখন উজ্জ্বল কৰাৰ লগতে চুলিকো শক্তিশালী কৰে। ইয়াৰ উপৰিও ইয়াৰ সেৱনে স্মৃতিশক্তি বৃদ্ধি কৰে, হাড় শক্তিশালী কৰে আৰু ওজন নিয়ন্ত্ৰণত ৰাখে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ