--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্বাভাৱিক ৰূপ যেতিয়া অস্বাভাৱিক হয় তেতিয়া ই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে আৰু চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰে। এটা ছাগলী পোৱালি জন্মৰ পাছতেই চেলিব্ৰিটি হৈ পৰিছে কিয়নো ছাগলী পোৱালিটোৰ কাণ দুখন অস্বাভাৱিকভাৱে দীঘল। ছাগলীটোক চাবলৈ সকলোৱে বৰ হেঁপাহ কৰে। ইয়াৰ ফটোবোৰেও ছ'চিয়েল মিডিয়াত লাভ কৰে ব্যাপক সমাদৰ।
 পাকিস্তানৰ সিন্ধ প্ৰদেশৰ মালিক মহম্মদ হাছান নাৰাঞ্জোৰ ঘৰত ৫ জুনত জন্মগ্ৰহণ কৰা এই ছাগলীটোৰ নাম চিম্বা। ই নুবিয়ান জাতৰ। এই জাতৰ ছাগলীবোৰ অস্বাভাৱিকভাৱে দীঘল কাণৰ বাবে জনাজাত। নুবিয়ান জাতৰ ছাগলীৰ কাণ মুখৰ পৰা প্ৰায় ২.৫৪ চেণ্টিমিটাৰ তললৈ পৰি থাকে কিন্তু চিম্বাৰ কাণ দুখনৰ দৈৰ্ঘ্য প্ৰায় ৪৬ চেণ্টিমিটাৰ, যিটো অভাৱনীয়ভাৱে দীঘল। যাৰ বাবে চিম্বাই বিশ্ব অভিলেখ গঢ়াৰ যোগ্যতা অৰ্জন কৰিছে।
 
চিম্বাৰ ব্যতিক্ৰমীভাৱে দীঘল কাণৰ দৈৰ্ঘ্যই সকলোকে বৰ আকৰ্ষণ কৰে। স্থানীয় লোকে কয় যে যেতিয়াই ছাগলীটোৱে খোজ কাঢ়ি যায় তেতিয়াই ছাগলীটোৰ কাণ দুখনে মজিয়াত স্পৰ্শ কৰি যায়। যদি বেছি বতাহ বলি থাকে তেন্তে কাণ দুখন বতাহত লৰচৰ কৰি তাৰ মুখৰ কাষত ওলমি থাকে। বিশেষজ্ঞসকলৰ মতে, চিম্বাৰ অস্বাভাৱিকভাৱে দীঘল কাণ দুখন জিনীয় মিউটেচনৰ ফল হ’ব পাৰে।

চিম্বাৰ মালিকে অৱশ্যে কয় যে কাণৰ বাহিৰেও তেওঁ ছাগলী পোৱালিটোৰ কোনো অস্বাভাৱিক কথা লক্ষ্য কৰা নাই। ছ’চিয়েল মিডিয়াত প্ৰায়ে ভাইৰেল হৈ থাকে ব্যতিক্ৰমী ছাগলীটোৰ ফটো। চিম্বাক মালিকে বহুত মৰম কৰাৰ লগতে বিশেষভাৱে ৰক্ষণাবেক্ষণ দি ৰাখে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি