--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্বাভাৱিক ৰূপ যেতিয়া অস্বাভাৱিক হয় তেতিয়া ই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে আৰু চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰে। এটা ছাগলী পোৱালি জন্মৰ পাছতেই চেলিব্ৰিটি হৈ পৰিছে কিয়নো ছাগলী পোৱালিটোৰ কাণ দুখন অস্বাভাৱিকভাৱে দীঘল। ছাগলীটোক চাবলৈ সকলোৱে বৰ হেঁপাহ কৰে। ইয়াৰ ফটোবোৰেও ছ'চিয়েল মিডিয়াত লাভ কৰে ব্যাপক সমাদৰ।
 পাকিস্তানৰ সিন্ধ প্ৰদেশৰ মালিক মহম্মদ হাছান নাৰাঞ্জোৰ ঘৰত ৫ জুনত জন্মগ্ৰহণ কৰা এই ছাগলীটোৰ নাম চিম্বা। ই নুবিয়ান জাতৰ। এই জাতৰ ছাগলীবোৰ অস্বাভাৱিকভাৱে দীঘল কাণৰ বাবে জনাজাত। নুবিয়ান জাতৰ ছাগলীৰ কাণ মুখৰ পৰা প্ৰায় ২.৫৪ চেণ্টিমিটাৰ তললৈ পৰি থাকে কিন্তু চিম্বাৰ কাণ দুখনৰ দৈৰ্ঘ্য প্ৰায় ৪৬ চেণ্টিমিটাৰ, যিটো অভাৱনীয়ভাৱে দীঘল। যাৰ বাবে চিম্বাই বিশ্ব অভিলেখ গঢ়াৰ যোগ্যতা অৰ্জন কৰিছে।
 
চিম্বাৰ ব্যতিক্ৰমীভাৱে দীঘল কাণৰ দৈৰ্ঘ্যই সকলোকে বৰ আকৰ্ষণ কৰে। স্থানীয় লোকে কয় যে যেতিয়াই ছাগলীটোৱে খোজ কাঢ়ি যায় তেতিয়াই ছাগলীটোৰ কাণ দুখনে মজিয়াত স্পৰ্শ কৰি যায়। যদি বেছি বতাহ বলি থাকে তেন্তে কাণ দুখন বতাহত লৰচৰ কৰি তাৰ মুখৰ কাষত ওলমি থাকে। বিশেষজ্ঞসকলৰ মতে, চিম্বাৰ অস্বাভাৱিকভাৱে দীঘল কাণ দুখন জিনীয় মিউটেচনৰ ফল হ’ব পাৰে।

চিম্বাৰ মালিকে অৱশ্যে কয় যে কাণৰ বাহিৰেও তেওঁ ছাগলী পোৱালিটোৰ কোনো অস্বাভাৱিক কথা লক্ষ্য কৰা নাই। ছ’চিয়েল মিডিয়াত প্ৰায়ে ভাইৰেল হৈ থাকে ব্যতিক্ৰমী ছাগলীটোৰ ফটো। চিম্বাক মালিকে বহুত মৰম কৰাৰ লগতে বিশেষভাৱে ৰক্ষণাবেক্ষণ দি ৰাখে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও

বাস্তু অনুসৰি ঘৰত এই সৰু সৰু পৰিৱৰ্তনবোৰ কৰক, টকাৰ অপচয় বন্ধ হৈ যাব
ঘগ্ৰাপাৰত বাছৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ! আটক অৰূপ ডেকা