--°C
Loading...
Listen to Article
2 min read
80%

পূব গোদাবৰী : ক’ভিড মহামাৰীৰ সংক্ৰমণৰ লগতে মহামাৰী সম্পৰ্কে থকা ভ্ৰান্ত ধাৰণায়ো সাধাৰণ মানুহক নানা ক্ষতি কৰা দেখিবলৈ পোৱা গৈছে। শেহতীয়াকৈ এনে এটা চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। কৰ’না সংক্ৰমণৰ ভয়ত এটা পৰিয়ালে ১৫ মাহে নিজকে আবদ্ধ কৰি ৰাখিছিল ঘৰৰ ভিতৰত। এই ঘটনা পোহৰলৈ অহাৰ পাছতে আৰক্ষী আৰু প্ৰশাসনৰ লোকে পৰিয়ালটোক শোচনীয় অৱস্থাৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

অন্ধ্ৰ প্ৰদেশৰ কদলী গাঁৱত এই ঘটনা সংঘটিত হৈছে। কদলী গাঁৱৰ চৰপঞ্চ চোপ্পালা গুৰুনাথে প্ৰকাশ কৰা মতে গাঁওখনৰ ৰুথাম্মা (৫০), কন্থামণি (৩২), আৰু ৰাণী (৩০)আৰু তেওঁলোকৰ আন একাধিক সদস্যই আজিৰ পৰা ১৫মাহ আগেয়ে নিজকে ঘৰৰ ভিতৰতে আবদ্ধ কৰে। তেওঁলোকৰ চুবুৰীয়া এজন লোকৰ কোভিডত মৃত্যু হোৱাৰ পাছত ক’ভিড সংক্ৰমণৰ ভয়তে এই কাৰ্য সংঘটিত কৰে পৰিয়ালটোৱে।

শেহতীয়াকৈ এজন চৰকাৰী কৰ্মচাৰীয়ে কোনো আঁচনিৰ সুবিধা দিবলৈ পৰিয়ালটোৰ কাষলৈ অহাৰ সময়তে এই চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহে। তাৰ পাছতে তৎপৰতাৰে তেওঁলোকক উদ্ধাৰ কৰা হয়। ক’ভিডৰ এনে ভ্ৰান্ত ভীতিৰ বাবেই নিজৰ জীৱনক বিপন্ন কৰি তোলা পৰিয়ালটোৰ এনে কাৰ্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে। তেওঁলোকৰ স্বাস্থ্যৰ অৱস্থা অতি শোচনীয় হৈ পৰিছিল আৰু দুই এদিন তেনেকৈ থকা হ’লে তেওঁলোকৰ মৃত্যু হ’লহেঁতেন বুলি চৰপঞ্চে প্ৰকাশ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ