--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ মঙলবাৰে নিশা ৰাজধানী দিল্লীত সংঘটিত হয় এক জঘন্য ঘটনা৷ উত্তৰ-পূবৰ যুৱতীক কেইজনমান পাষণ্ডই চলোৱা শাৰীৰিক আক্ৰমণ তথা বৰ্ণবৈষম্যৰ ঘটনাই পুনৰ জোকাৰি গৈছে সমগ্ৰ দেশ। দিল্লীৰ 'হজ কাচ ভিলেইজ'ৰ এখন বাৰ-ৰেষ্টুৰাৰ সন্মুখত সংঘটিত হৈছিল ঘটনাটো৷ উত্তৰ-পূৰ্বৰ যুৱতীক আক্ৰমণৰ এটা ভিডিঅ' ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছত ঘটনাটো পোহৰলৈ আহিছিল। দাৰ্জিলিঙৰ ৩গৰাকী যুৱতীক অশ্লীল মন্তব্য কৰিছিল এটা যুৱকৰ দলে৷

ভুক্তভোগীসকলে ভিডিঅ'টোত অভিযোগ কৰিছিল যে এদল পুৰুষে উত্তৰ-পূবৰ যুৱতীকেইগৰাকীক এটা নিশাৰ বাবে তেওঁলোকৰ মূল্য কিমান সুধিছিল। উল্লেখ্য যে, যুৱতীকেইগৰাকী কৰ্মস্থলীৰপৰা ওলাই বন্ধুবৰ্গৰ সৈতে বাৰত গৈ ওলায় অহাৰ সময়ত এই ঘটনা সংঘটিত হৈছিল৷

আনহাতে ভিডিঅ'টোত আৰক্ষীৰ বিৰুদ্ধেও গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে৷ ভিডিঅ'টোত আৰক্ষীক যুৱতীসকলে সহায় বিচাৰিবলৈ যাওঁতে তেওঁলোক বাৰত নৃত্য পৰিৱেশন কৰে নেকি বুলি কটাক্ষ কৰিছিল৷ এই সমগ্ৰ ঘটনাৰ পাছতেই এই ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰিছে৷ আই পি চি 609 U/S ধাৰাত DCP SOUTH WEST দিল্লী আৰক্ষীত ৰুজু কৰা হৈছে গোচৰ৷ ডাৰ্জিলিঙৰ ৩ গৰাকী যুৱতীৰ লগত সংঘটিত হৈছিল নিৰ্যাটনৰ ঘটনাটো৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ