--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই : মুম্বাই আৰক্ষী চকীত বৃহস্পতিবাৰে এগৰাকী বিল্ডাৰে প্ৰাক্তন আৰক্ষী আয়ুক্ত পৰম বীৰ সিঙৰ বিৰুদ্ধে ধনদাবী, প্ৰৱঞ্চনা, জালিয়াতি আৰু অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগ দিছে। অভিযোগকাৰীজনৰ মতে, প্ৰাক্তন আৰক্ষী আয়ুক্তগৰাকীয়ে এজন ডিচিপি আৰু আন চাৰিজন আৰক্ষীৰ লোকৰ সহযোগত তেওঁৰ পৰা ১৫ কোটি টকা দাবী কৰিছিল। সম্প্ৰতি গোচৰটো ‘মেৰিন ড্ৰাইভ আৰক্ষী’য়ে পঞ্জীয়ন কৰিছে। জানিব পৰা মতে, মুম্বাই আৰক্ষীৰ এজাহাৰত ৬জন আৰক্ষী বিষয়াসহ ৮জন লোকৰ নাম উল্লেখ আছে। ঘটনাটোৰ সৈতে জড়িত দুজন লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে মুম্বাই আৰক্ষীয়ে। উল্লেখ্য যে, চলিত বছৰৰ এপ্ৰিল মাহত আকোলাত কৰ্মৰত এগৰাকী আৰক্ষী পৰিদৰ্শকৰ অভিযোগত অধীনত মুম্বাইৰ প্ৰাক্তন আৰক্ষী আয়ুক্ত পৰম বীৰ সিঙৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল।


মহাৰাষ্ট্ৰৰ প্ৰাক্তন গৃহমন্ত্ৰী তথা নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ (এনচিপি) নেতা অনিল দেশমুখৰ বিৰুদ্ধে মুম্বাইৰ হোটেল, বাৰ আৰু অন্যান্য প্ৰতিষ্ঠানৰ পৰা প্ৰতিমাহে ১০০ কোটি টকা আদায় কৰিবলৈ প্ৰাক্তন আৰক্ষী বিষয়া শচীন ৱাজেক নিৰ্দেশ দিয়াৰ অভিযোগ উত্থাপন কৰিছিল এইজন পৰম বীৰ সিঙে। গোচৰৰ পৰৱৰ্তী সময়ত, অনিল দেশমুখে সকলো অভিযোগ অস্বীকাৰ কৰিছিল। কিন্তু এপ্ৰিল মাহত বোম্বাই উচ্চ ন্যায়ালয়ে চিবিআই-ক প্ৰাথমিক তদন্তৰ বাবে নিৰ্দেশ দিয়ে। চিবিআই-ৰ তত্প ৰতাৰ পাছত পদত্যাগ কৰিছিল এনচিপিৰ নেতাগৰাকীয়ে। প্ৰৱৰ্তন সঞ্চালকালয়ে বহু কোটি টকাৰ উৎকোচ তথা ধন দাবীৰ সৈতে সম্পৰ্কিত ধনৰ অবৈধ লেনদেনৰ গোচৰৰ তদন্ত চলাই আছে। কেন্দ্ৰীয় সংস্থাটোৱে শেহতীয়াকৈ দেশমুখৰ ব্যক্তিগত সচিব সঞ্জীৱ পালাণ্ডে আৰু ব্যক্তিগত সহায়ক কুন্দন ছিন্দেক মুম্বাই আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ