--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ''ব্ৰাহ্মণসকল ৰাছিয়াৰ পৰা আহিছিল। গতিকে তেওঁলোকক দেশৰ পৰা বাহিৰ কৰি দিব লাগে।’’- বিহাৰৰ আৰজেডি নেতা যদুবংশকুমাৰ যাদৱে এনে দাবী কৰে। ২৯ এপ্ৰিলত বিহাৰৰ চুপৌলত এখন ৰাজহুৱা সভাত তেওঁ এই নতুন তত্ত্ব দাঙি ধৰে। এই কথা মঙলবাৰে প্ৰকাশ কৰিছে এক সংবাদ সংস্থাই। ইয়াৰ পিছতে আৰম্ভ হৈছে তীব্ৰ বিতৰ্কৰ।

শনিবাৰে বৈঠকত যদুবংশে কয় যে, “যাদৱ সম্প্ৰদায় এই দেশৰ আদি বাসিন্দা। আজিৰ বিজ্ঞান ভিত্তিক পৃথিৱীত ডি এন এ টেষ্ট কৰা হয়। ডি এন এ টেষ্টত দেখা গ’ল যে ব্ৰাহ্মণসকলৰ কোনো এজনো এই দেশৰ আদিবাসী নহয়, তেওঁলোক ৰাছিয়া আৰু ইউৰোপৰ অন্যান্য দেশৰ পৰা আহিছিল। ব্ৰাহ্মণে আমাক বিভাজিত কৰি শাসন কৰিবলৈ চেষ্টা কৰিছে। তেওঁলোকক খেদি পঠিওৱা উচিত।”

যদুবংশৰ এই মন্তব্যৰ লগে লগে বিহাৰত আৰম্ভ হৈছে এক নতুন ৰাজনৈতিক চৰ্চা। কেৱল বিজেপিয়েই নহয়, বিহাৰত তেওঁলোকৰ মিত্ৰ জেডিইওয়েও আৰজেডি নেতাগৰাকীক সমালোচনা কৰিছে। জেডিইউৰ মুখপাত্ৰ অভিষেক ঝাই কয়, ‘পৰশুৰাম ৰাছিয়াৰ পৰা আহিছিল নে আন কোনো দেশৰ পৰা? এই নেতাসকলৰ বিৰুদ্ধে RJD-এ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এই সকলোবোৰ আজে বাজে মন্তব্য কৰি মহাগঠবন্ধনৰ ভাবমূৰ্তি কলংকিত কৰিছে আৰজেডিৰ নেতাসকলে।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত