--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত ক্ষমা বিচাৰিলে ইউক্ৰেইনে। ইউক্ৰেইনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এক টুইটে দেওবাৰৰ পৰা ছ’চিয়েল মিডিয়াত বিতৰ্কৰ ধুমুহাৰ সৃষ্টি কৰিছিল। ঘটনাৰ দুদিন পিছত ৰাষ্ট্ৰপতি ভল’ডিমাইৰ জেলেনস্কিৰ চৰকাৰে হিন্দুসকলৰ ধৰ্মীয় আৱেগক আঘাত দিয়াৰ বাবে ক্ষমা বিচাৰিলে।

ইউক্ৰেইনৰ উপ-বিদেশ মন্ত্ৰী ইমিন জাপাৰোভাই মঙলবাৰে এই ঘটনাৰ বাবে ক্ষমা বিচাৰি কয় যে, “আমাৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে দেৱী কালিৰ বিকৃত ছবিখন ছ’চিয়েল মিডিয়াত পোষ্ট কৰাৰ বাবে দুখ প্ৰকাশ কৰিছে। ইউৰোপীয় দেশ হিচাপে আমি ভাৰতৰ অনন্য সাংস্কৃতিক ঐতিহ্যক সন্মান কৰো। ভাৰতৰ সহযোগিতাৰ শলাগ লওঁ। ইতিমধ্যে এই পোষ্টটো আঁতৰাই দিয়া হৈছে।''

ইয়াৰ উপৰিও শেহতীয়াকৈ ভাৰত ভ্ৰমণ কৰা ইমিনে টুইটাৰত লিখিছে, 'আমি ভাৰতৰ সৈতে সন্মান আৰু সহযোগিতাৰ পৰিৱেশ আৰু অধিক বৃদ্ধি কৰিবলৈ বদ্ধপৰিকৰ।'

প্ৰসংগক্ৰমে যোৱা দেওবাৰে ইউক্ৰেইনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ টুইটাৰ হেণ্ডেলত দেখা গৈছিল কালীৰ ফটো। অৱশ্যে পোষ্টটোত ‘দেৱী কালী’ শব্দৰ কথা উল্লেখ কৰা হোৱা নাছিল। প্ৰয়াত হলিউডৰ অভিনেত্ৰী মেৰিলিন মনৰোৰ দৰেই ডিঙিত নৰমুণ্ডাৰ নেকেলেচ আৰু ওলাই থকা জিভাখন লৈ বৈ যোৱা স্কাৰ্টৰ ভংগীমাত থিয় হৈ থকা এগৰাকী মহিলাও কালিৰ সৈতে মিল থকা দেখা গৈছে। তাৰ পিছত ছচিয়েল মিডিয়াত বিতৰ্ক বিয়পি পৰে।












FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল