--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত ক্ষমা বিচাৰিলে ইউক্ৰেইনে। ইউক্ৰেইনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এক টুইটে দেওবাৰৰ পৰা ছ’চিয়েল মিডিয়াত বিতৰ্কৰ ধুমুহাৰ সৃষ্টি কৰিছিল। ঘটনাৰ দুদিন পিছত ৰাষ্ট্ৰপতি ভল’ডিমাইৰ জেলেনস্কিৰ চৰকাৰে হিন্দুসকলৰ ধৰ্মীয় আৱেগক আঘাত দিয়াৰ বাবে ক্ষমা বিচাৰিলে।

ইউক্ৰেইনৰ উপ-বিদেশ মন্ত্ৰী ইমিন জাপাৰোভাই মঙলবাৰে এই ঘটনাৰ বাবে ক্ষমা বিচাৰি কয় যে, “আমাৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে দেৱী কালিৰ বিকৃত ছবিখন ছ’চিয়েল মিডিয়াত পোষ্ট কৰাৰ বাবে দুখ প্ৰকাশ কৰিছে। ইউৰোপীয় দেশ হিচাপে আমি ভাৰতৰ অনন্য সাংস্কৃতিক ঐতিহ্যক সন্মান কৰো। ভাৰতৰ সহযোগিতাৰ শলাগ লওঁ। ইতিমধ্যে এই পোষ্টটো আঁতৰাই দিয়া হৈছে।''

ইয়াৰ উপৰিও শেহতীয়াকৈ ভাৰত ভ্ৰমণ কৰা ইমিনে টুইটাৰত লিখিছে, 'আমি ভাৰতৰ সৈতে সন্মান আৰু সহযোগিতাৰ পৰিৱেশ আৰু অধিক বৃদ্ধি কৰিবলৈ বদ্ধপৰিকৰ।'

প্ৰসংগক্ৰমে যোৱা দেওবাৰে ইউক্ৰেইনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ টুইটাৰ হেণ্ডেলত দেখা গৈছিল কালীৰ ফটো। অৱশ্যে পোষ্টটোত ‘দেৱী কালী’ শব্দৰ কথা উল্লেখ কৰা হোৱা নাছিল। প্ৰয়াত হলিউডৰ অভিনেত্ৰী মেৰিলিন মনৰোৰ দৰেই ডিঙিত নৰমুণ্ডাৰ নেকেলেচ আৰু ওলাই থকা জিভাখন লৈ বৈ যোৱা স্কাৰ্টৰ ভংগীমাত থিয় হৈ থকা এগৰাকী মহিলাও কালিৰ সৈতে মিল থকা দেখা গৈছে। তাৰ পিছত ছচিয়েল মিডিয়াত বিতৰ্ক বিয়পি পৰে।












FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে