--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এভেঞ্জাৰ ২২০ ষ্ট্ৰীট - ২০২০ চনত এই বাইকখনৰ বিক্ৰী বন্ধ কৰি দিছিল বাজাজে। কিন্তু ৩ বছৰৰ পিছত পুনৰ এভেঞ্জাৰ ২২০ ষ্ট্ৰীট বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছে। আজি  বজাৰত মটৰ চাইকেলখন মুকলি কৰি দিলে বাজাজে।

জানিব পৰা মতে, ইঞ্জিন আৰু অন্যান্য ফিচাৰ্ছ প্ৰায় একে আছে যদিও ৰূপ সলনি হৈছে। বাজাজ এভেঞ্জাৰ ২২০ ষ্ট্ৰীটে ক্ৰুজাৰ ষ্টাইলত শ্ব’ৰুমত দেখা দিছে।

বৰ্তমান দেশৰ ভিতৰতে সস্তা ক্ৰুজাৰ বাইক হৈছে বাজাজ এভেঞ্জাৰ। বাইকখন ২টা ভেৰিয়েন্টত উপলব্ধ হ’ব – ক্ৰুজ আৰু ষ্ট্ৰীট।

ইতিমধ্যে কোম্পানীটোৰ লাইনআপত আছে বাজাজ এভেঞ্জাৰ ২২০ ক্ৰুজ আৰু বাজাজ এভেঞ্জাৰ ১৬০ ষ্ট্ৰীট। এইবাৰ তালিকাত নতুনকৈ সংযোজন হৈছে এভেঞ্জাৰছ ষ্ট্ৰীট ২২০।

বাইকখনৰ ইঞ্জিনত কোনো সালসলনি কৰা হোৱা নাই। যি আছিল সেয়াই আছে। যেনেকৈ ২২০ চিচি এয়াৰ/অইল কুল্ড্ ছিংগল চিলিণ্ডাৰ ইঞ্জিন যিয়ে সৰ্বোচ্চ শক্তি ১৯.০৩ পিএছ আৰু ১৭.৫৫ এনএম টৰ্ক উৎপন্ন কৰে। লগতে আছে ৫ স্পীড গিয়াৰ। এই ইঞ্জিনটো BS6 আৰু E20 যুক্ত।

অৱশ্যে বাইকখনত কেইবাটাও নতুন ফিচাৰ সংযোজন কৰা হৈছে। যেনে হেডলাইট, এলয় হুইল, ছাচপেনচন, হেণ্ডেলবাৰ আৰু গ্ৰেব ৰেল। এইবোৰত পৰিৱৰ্তন আহিছে। বাজাজে ১৬০ ষ্ট্ৰীট মডেলৰ পৰা সকলো লৈছে। বাইকখনত আছে টিভিএছ ইউৰো গ্ৰীপ, সম্পূৰ্ণ ডিজিটেল কনছ’ল আৰু এম্বাৰ বেকলাইট।

ব্ৰেকিঙৰ ক্ষেত্ৰত আগৰ চকাত ডিস্ক ব্ৰেক আৰু পিছৰ চকাত ড্ৰাম ব্ৰেক আছে। যদি এই বাইকখন এভেঞ্জাৰ ২২০ ক্ৰুজৰ সৈতে তুলনা কৰা হয় তেন্তে কেইবাটাও পাৰ্থক্য চকুত পৰিব। উদাহৰণস্বৰূপে ২২০ ষ্ট্ৰীটত বেকৰেষ্ট আৰু ডাঙৰ উইণ্ডস্ক্ৰীণ নাই। এই বাইকখন ষ্টাইল আৰু ফিচাৰ সকলো দিশতে ১৬০ ষ্ট্ৰীটৰ কপি।

একাধিক অটো ৰিপৰ্ট অনুসৰি এই বাইকখনৰ মূল্য ১,৪২,০২৯ টকা (এক্স শ্ব’ৰুম)ত মুকলি কৰা হৈছে। বজাৰত এই মূল্যত ক্ৰুজাৰ বাইক পোৱা নাযায়। ইয়াৰ পিছতে আছে Keyway K Lite 250V যাৰ মূল্য ২.৮৯ লাখ টকা (এক্স-শ্ব’ৰুম)।

উল্লেখ্য, বাজাজ অট’ই বিগত কেইমাহমানৰ ভিতৰত দ্বিতীয়খন মটৰ চাইকেল পুনৰ মুকলি কৰিছে। কিছুদিন পূৰ্বে বন্ধ কৰি দিয়া বাজাজ পালছাৰ ২২০এফ বাইকখনো পুনৰ মুকলি কৰা হৈছে। এইবাৰ মুকলি হ’ল ২০২০ চনত বন্ধ হোৱা বাজাজ এভেঞ্জাৰ ২২০ ষ্ট্ৰীট।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু