--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এভেঞ্জাৰ ২২০ ষ্ট্ৰীট - ২০২০ চনত এই বাইকখনৰ বিক্ৰী বন্ধ কৰি দিছিল বাজাজে। কিন্তু ৩ বছৰৰ পিছত পুনৰ এভেঞ্জাৰ ২২০ ষ্ট্ৰীট বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছে। আজি  বজাৰত মটৰ চাইকেলখন মুকলি কৰি দিলে বাজাজে।

জানিব পৰা মতে, ইঞ্জিন আৰু অন্যান্য ফিচাৰ্ছ প্ৰায় একে আছে যদিও ৰূপ সলনি হৈছে। বাজাজ এভেঞ্জাৰ ২২০ ষ্ট্ৰীটে ক্ৰুজাৰ ষ্টাইলত শ্ব’ৰুমত দেখা দিছে।

বৰ্তমান দেশৰ ভিতৰতে সস্তা ক্ৰুজাৰ বাইক হৈছে বাজাজ এভেঞ্জাৰ। বাইকখন ২টা ভেৰিয়েন্টত উপলব্ধ হ’ব – ক্ৰুজ আৰু ষ্ট্ৰীট।

ইতিমধ্যে কোম্পানীটোৰ লাইনআপত আছে বাজাজ এভেঞ্জাৰ ২২০ ক্ৰুজ আৰু বাজাজ এভেঞ্জাৰ ১৬০ ষ্ট্ৰীট। এইবাৰ তালিকাত নতুনকৈ সংযোজন হৈছে এভেঞ্জাৰছ ষ্ট্ৰীট ২২০।

বাইকখনৰ ইঞ্জিনত কোনো সালসলনি কৰা হোৱা নাই। যি আছিল সেয়াই আছে। যেনেকৈ ২২০ চিচি এয়াৰ/অইল কুল্ড্ ছিংগল চিলিণ্ডাৰ ইঞ্জিন যিয়ে সৰ্বোচ্চ শক্তি ১৯.০৩ পিএছ আৰু ১৭.৫৫ এনএম টৰ্ক উৎপন্ন কৰে। লগতে আছে ৫ স্পীড গিয়াৰ। এই ইঞ্জিনটো BS6 আৰু E20 যুক্ত।

অৱশ্যে বাইকখনত কেইবাটাও নতুন ফিচাৰ সংযোজন কৰা হৈছে। যেনে হেডলাইট, এলয় হুইল, ছাচপেনচন, হেণ্ডেলবাৰ আৰু গ্ৰেব ৰেল। এইবোৰত পৰিৱৰ্তন আহিছে। বাজাজে ১৬০ ষ্ট্ৰীট মডেলৰ পৰা সকলো লৈছে। বাইকখনত আছে টিভিএছ ইউৰো গ্ৰীপ, সম্পূৰ্ণ ডিজিটেল কনছ’ল আৰু এম্বাৰ বেকলাইট।

ব্ৰেকিঙৰ ক্ষেত্ৰত আগৰ চকাত ডিস্ক ব্ৰেক আৰু পিছৰ চকাত ড্ৰাম ব্ৰেক আছে। যদি এই বাইকখন এভেঞ্জাৰ ২২০ ক্ৰুজৰ সৈতে তুলনা কৰা হয় তেন্তে কেইবাটাও পাৰ্থক্য চকুত পৰিব। উদাহৰণস্বৰূপে ২২০ ষ্ট্ৰীটত বেকৰেষ্ট আৰু ডাঙৰ উইণ্ডস্ক্ৰীণ নাই। এই বাইকখন ষ্টাইল আৰু ফিচাৰ সকলো দিশতে ১৬০ ষ্ট্ৰীটৰ কপি।

একাধিক অটো ৰিপৰ্ট অনুসৰি এই বাইকখনৰ মূল্য ১,৪২,০২৯ টকা (এক্স শ্ব’ৰুম)ত মুকলি কৰা হৈছে। বজাৰত এই মূল্যত ক্ৰুজাৰ বাইক পোৱা নাযায়। ইয়াৰ পিছতে আছে Keyway K Lite 250V যাৰ মূল্য ২.৮৯ লাখ টকা (এক্স-শ্ব’ৰুম)।

উল্লেখ্য, বাজাজ অট’ই বিগত কেইমাহমানৰ ভিতৰত দ্বিতীয়খন মটৰ চাইকেল পুনৰ মুকলি কৰিছে। কিছুদিন পূৰ্বে বন্ধ কৰি দিয়া বাজাজ পালছাৰ ২২০এফ বাইকখনো পুনৰ মুকলি কৰা হৈছে। এইবাৰ মুকলি হ’ল ২০২০ চনত বন্ধ হোৱা বাজাজ এভেঞ্জাৰ ২২০ ষ্ট্ৰীট।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক