--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জিঅ’ই পুনৰ মুকলি কৰিছে এটা আকৰ্ষণীয় নতুন প্ৰডাক্ট। নাম দিয়া হৈছে ভাৰ্চুৱেল ৰিয়েলিটি হেডছেট অৰ্থাৎ ভি আৰ হেডছেট। ইয়াৰ বাবে এটা নতুন ডিভাইচৰো নাম দিয়া হৈছে। এই ডিভাইচটোকটোক JioDive নামেৰে জনা গৈছে।

কেৱল Jio ব্যৱহাৰকাৰীৰ বাবেহে মুকলি কৰা হৈছে। জিঅ’ই ই পি এলৰ প্ৰতি লক্ষ্য ৰাখি  এই প্ৰডাক্টটো মুকলি কৰিছে।  জিঅ’চিনেমা এপত আইপিএলৰ মেচ চোৱাসকলে এই ভিআৰ হেডছেট ব্যৱহাৰ কৰি ক্ৰিকেট মেচ উপভোগ কৰিব পাৰিব। 

এই ডিভাইচত ১০০ ইঞ্চি ভাৰ্চুৱেল পৰ্দা আৰু ৩৬০ ডিগ্ৰী দৃশ্যৰ বিকল্প আছে। এই ভি আৰ হেডছেটৰ দাম মাত্ৰ ১২৯৯ টকা। গ্ৰাহকসকলে জিঅ’মাৰ্টৰ অফিচিয়েল ৱেবছাইটৰ পৰা কিনিব পাৰিব এই ডিভাইছটো। জিঅ’মাৰ্টত উপলব্ধ এই হেডছেটো ক্ৰয় কৰিলে জিঅ’ই ৫০০ টকাৰ কেছবেক প্ৰদান কৰিব। পেটিএম ৱালেটৰ জৰিয়তে ধন পৰিশোধ কৰিলে এই কেছবেক উপলব্ধ হ’ব।

গ্ৰাহকে এই ডিভাইচটো ৪.৭ ইঞ্চিৰ পৰা ৬.৭ ইঞ্চিৰ পৰ্দাত ব্যৱহাৰ কৰিব পাৰে। ইয়াত Gyroscope আৰু Accelerometer আছে। এই দুই সুবিধাই ডিভাইছটো অধিক উপভোগ্য কৰি তোলে।

ইতিমধ্যে কোম্পানীয়ে জনাইছে যে এই প্ৰডাক্টটো নন-ৰিফাণ্ডেবল। JioDive এ Android 9+ আৰু iOS 15+ ত কাম কৰিব। ইয়াক ব্যৱহাৰ কৰিবলৈ আপুনি JioImmerse app নামৰ এপ্লিকেশ্যনটো ইনষ্টল কৰিব লাগিব। তাৰ পিছত সকলো অনুমতি দিয়াৰ পিছত আপুনি JioDive নিৰ্বাচন কৰিব লাগিব আৰু তাৰ পিছত JioDive ত Watch ত টেপ কৰিব লাগিব।

তাৰ পিছত আপুনি ফোনটো ভি আৰ মোডত ছেট কৰিব পাৰিব। এই ক্ষেত্ৰত হেডছেট পিন্ধিব লাগিব। ইয়াৰ উপৰিও ইয়াৰ ওপৰত থকা চেণ্টাৰ আৰু কাষৰ চকা ব্যৱহাৰ কৰি ছবিৰ মানদণ্ডও নিজৰ মতে মিলাই ল’ব পাৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক