--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বৰষুণ মানে শাওণ মাহ ভোলেনাথৰ প্ৰিয় মাহ বুলি গণ্য কৰা হয়। এই মাহটো জ্যোতিষশাস্ত্ৰত অতি শুভ বুলি কোৱা হয়। এই সময়ছোৱাত যদি কিছু ব্যৱস্থা কৰা হয়, তেতিয়া ঘৰত সুখ-সমৃদ্ধিৰ লগতে টকাৰ অভাৱ দূৰ হয়। এই সন্দৰ্ভত বাস্তুশাস্ত্ৰত বহু প্ৰতিকাৰ দিয়া হৈছে, গতিকে সেই ব্যৱস্থাসমূহৰ বিষয়ে জানো আহক।

 ১. ঋণৰ পৰা মুক্তি-

বাস্তুশাস্ত্ৰৰ মতে যদি আপুনি ঋণত ডুব গৈ আছে, তেন্তে বৰষুণৰ পানীৰে কিছু হ’লেও দূৰ কৰিব পাৰি বুলি বিশ্বাস কৰা হয়। এটা বাল্টিনত জমা কৰা বৰষুণৰ পানীত এগিলাচ গাখীৰ মিহলাই স্নান কৰিলে সোনকালে ঋণৰ পৰা মুক্তি পোৱা যায়।

 ২. অৰ্থ লাভ-

জনশ্ৰুতি অনুসৰি শুকুৰবাৰৰ দিনা এটা তামৰ পাত্ৰত বৰষুণৰ পানী লৈ দেৱী লক্ষ্মীক জলাভিষেক কৰিলে শুভ বুলি গণ্য কৰা হয়। ইয়াৰ সমান্তৰালকৈ অৰ্থ লাভ কৰে বুলিও বিশ্বাস কৰা হয়। লগতে মা লক্ষ্মীক পদুম ফুল আগবঢ়োটো অত্যন্ত শুভ বুলি গণ্য কৰা হয়।

 ৩. আৰ্থিক সংকট দূৰ হয়-

দৰাচলতে প্ৰায়সংখ্যক লোকে আৰ্থিক সংকটৰ মাজেৰে কটাবলগীয়া হয়। এনে সময়ত ঘৰৰ উত্তৰ দিশত এটা মাটিৰ পাত্ৰত বৰষুণৰ পানী জমা কৰি থৈ দিব লাগে। এনে কৰিলে আৰ্থিক সংকট দূৰ হয় বুলি বিশ্বাস কৰা হয়।

 ৪. সম্পৰ্কত মধুৰতা আহিব-

বিয়াৰ পাছত বহু লোকৰ জীৱনলৈ প্ৰায়ে অশান্তি নামি আহে। এনে অৱস্থাত সম্পৰ্কত মধুৰতা বৃদ্ধি কৰিবলৈ কাঁচৰ বটলত বৰষুণৰ পানী ভৰাই বটলটো শোৱনি কোঠাত ৰাখিব লাগে। এনে কৰিলে লাহে লাহে সম্পৰ্কটো উন্নত হ’বলৈ ধৰে বুলি কোৱা হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু