--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাতি সোনকালে শুই পুৱা সোনকালে উঠি অহাটো সদায় এটা ভাল অভ্যাস। বহুতে ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে গৰম পানী খায়, বহুতে মেডিটেচন কৰে, কিছু ব্যায়াম কৰে আৰু বহুতে মৰ্নিং ৱাক প্ৰগ্ৰেম কৰে। এই অভ্যাসবোৰে আমাক সুস্থ কৰি ৰাখে। কিন্তু কিছুমান মানুহৰ কিছুমান অভ্যাস থাকে যিবোৰে তেওঁলোকৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলায়।

ৰাতিপুৱা সুখী হলে গোটেই দিনটো সুখী হৈ থাকিব। গতিকে ৰাতিপুৱা এনেকুৱা কাম নকৰিব যিয়ে আপোনাৰ দিনটো বিৰক্তিকৰ কৰি তুলিব। ইয়াৰ উপৰিও শৰীৰত যথেষ্ট প্ৰভাৱ পেলায়।

১) সাৰ পোৱাৰ পাছতো শুই থকাৰ অভ্যাস এৰি দিয়ক - সাৰ পোৱাৰ পাছতো ইফালে সিফালে শুই থকা বহুতৰে এটা অভ্যাস থাকে ৰাতিপুৱা উঠাৰ পিছত বিচনাত বা ইফালে সিফালে শুই থকাৰ অভ্যাস। ইয়াৰ ফলত শৰীৰত অধিক এলেহুৱা প্ৰৱণতা সৃষ্টি হয়।

২)কাজিয়া নকৰিব - ৰাতিপুৱাৰ পৰিবেশ সদায় সুখদায়ক হ’ব লাগে। গতিকে সাৰ পোৱাৰ পিছত কাৰো লগত তৰ্ক নকৰিব। ই আপোনাৰ গোটেই দিনটো ধ্বংস কৰি পেলাব

৩) টেঙা খাদ্য গ্ৰহণ নকৰিব- ব্ৰেকফাষ্ট কৰাৰ সময়ত টেঙা খাদ্য পৰিহাৰ কৰক। লঘু আৰু পুষ্টিকৰ খাদ্য খোৱাটো প্ৰয়োজনীয়।

৪) কফি খোৱাৰ অভ্যাস ত্যাগ কৰক- বহুতৰে ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে কফি খোৱাৰ অভ্যাস আছে। কিন্তু বিশেষজ্ঞসকলৰ মতে, ৰাতিপুৱা কফি খালে কৰ্টিছল হৰম’নৰ মাত্ৰা বৃদ্ধি পায়।

৫) ধূমপান কৰা- যদিও অভ্যাস অনুসৰি কিছু লোকে যিকোনো সময়তে ধূমপান কৰে, তথাপিও ই ক্ষতিকাৰক, কিন্তু ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে চিগাৰেট সেৱন কৰাটো অতি বিপদজনক হ’ব পাৰে। ইয়াৰ ফলত কেন্সাৰ হোৱাৰ সম্ভাৱনা বহু পৰিমাণে বৃদ্ধি পায়।

৬) মদ্যপান কৰা- সুৰাপান কৰি ৰাতিপুৱাৰ আৰম্ভণি কৰে বহু লোকে। ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে সুৰাপান কৰাটো আপোনাৰ স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু