--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : যুগ যুগ ধৰি আয়ুৰ্বেদত নিম ব্যৱহাৰ হৈ আহিছে। নিম ছালৰ বাবে অতি উপকাৰী। নিমপাত, বাকলি, ফল আৰু ফুল আদি কোনোবা নহয় কোনোবা ৰূপত ব্যৱহাৰ কৰা হয়। ছালৰ যত্নৰ বাবেও নিম ব্যৱহাৰ কৰা হয়। বজাৰত নিম তেল, ফেচৱাছ, নিম চাবোন, নিম চেম্পু আৰু নিমৰ পৰা তৈয়াৰী বিভিন্ন সামগ্ৰী পোৱা যায়। ব্ৰণৰ সমস্যা দূৰ কৰিবলৈও নিম ব্যৱহাৰ কৰা হয়। বাৰিষা দিনত নিশ্চয় নিম ফেচপেক বা ফেচমাস্ক ব্যৱহাৰ কৰিব লাগে। আজি আমি আপোনালোকক নিমৰ ৩টা ফেচমাস্কৰ কথা ক’ম। ইয়াৰ ফলত আপোনাৰ ছালখন সুস্থ হৈ থাকিব আৰু ব্ৰণৰ সমস্যা নোহোৱা হৈ যাব।

 বাৰিষাত ব্যৱহাৰ কৰক ৩টা নিম ফেচমাস্ক

১. নিম, মৌ আৰু গাখীৰঃ-শুকান ছাল আৰোগ্য কৰিবলৈ নিমৰ পৰা তৈয়াৰী ফেচমাস্ক ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ বাবে ২ চামুচ নিমপাতৰ পেষ্ট বনাই এচামুচ মৌ আৰু ১ ১/২ চামুচ গাখীৰ মিহলাই ল’ব লাগে। তাৰ পৰা এটা মসৃণ পেষ্ট বনাই লওক। এতিয়া মুখত লগাই কুমলীয়া পানীৰে ধুই পেলাব লাগে। নিম ফেচমাস্কে ছালখন পৰিষ্কাৰ আৰু সুন্দৰ কৰি তুলিব।

 ২. নিম, মুলতানি মিট্টি আৰু দৈঃ-যদি আপোনাৰ ছালখন তেলীয়া হয় আৰু ব্ৰণৰ সমস্যা আছে তেন্তে আপুনি এই ফেচমাস্ক ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ বাবে ২ চামুচ নিমপাতৰ পেষ্টৰ লগত এচামুচ দৈ আৰু ৩⁄৪ চামুচ মুলতানি মিট্টি পাউদাৰ দিব। তাত গোলাপ জল দি পেষ্ট প্ৰস্তুত কৰক। এই পেষ্টটো ১০ মিনিটমান লগাই তাৰ পাছত ঠাণ্ডা পানীৰে ধুই পেলাব লাগে।

 ৩. নিম, হালধি আৰু চাহ গছৰ তেলঃ-যদি বহুত পিম্পলছৰ সমস্যা আছে তেন্তে নিম আৰু চাহ গছৰ তেল ব্যৱহাৰ কৰিব লাগে। এই মাস্ক বনাবলৈ ২ চামুচ নিমপাতৰ পেষ্ট, ১ টোপাল চাহ গছৰ তেল আৰু ১ চামুচ হালধি মিহলাই এটা ডাঠ পেষ্ট বনাব লাগে। এতিয়া মুখত লগাই ১০ মিনিটৰ পাছত পানীৰে ধুব পেলাব লাগে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
জন্মদিনৰ দিনাই দেশবাসীলৈ সোণালী উপহাৰ;এছিয়ান গেমছত স্বৰ্ণজয় লাভলীনা বৰগোহাঁইৰ
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে