--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বাৰিষাৰ সময়ত চুলিবোৰ আঠাযুক্ত আৰু তেলীয়া হৈ পৰে, যাৰ বাবে উফিৰ প্ৰধান কাৰণ হৈ পৰে। উফি এনেকুৱা এটা সমস্যা যিয়ে চুলিক দুৰ্বল কৰি তোলে। আনহাতে যদি চুলিত উফি অধিক হয়, তেন্তে ইয়াৰ ফলত মূৰৰ ছালত সংক্ৰমণ বা ঘাঁ হোৱাৰ সমস্যাও হয়। সেয়েহে যদি আৰম্ভণিতে চুলিৰ যত্ন লোৱা হয়, তেনেহ’লে ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰি, গতিকে আহক আমি উফিৰ পৰা পৰিত্ৰাণ পাবলৈ ঘৰুৱা উপায়বোৰ জানি লওঁ।

উফি ঘৰুৱা প্ৰতিকাৰ-

১. এপল চাইডাৰ ভিনেগাৰঃ-ইয়াৰ বাবে সমান পৰিমাণৰ পানী আৰু আপেল চাইডাৰ ভিনেগাৰ মিহলাই লওক। তাৰ পাছত আপুনি প্ৰথমে চেম্পুৰে চুলিখিনি ভালদৰে ধুব। তাৰ পাছত এই মিশ্ৰণটো আপোনাৰ চুলিত দি কেইমিনিটমান ৰাখি চুলিখিনি ধুই পেলাব। ইয়াৰ ফলত আপোনাৰ মূৰৰ ছালৰ পি এইচ লেভেল অটুট থকাৰ লগতে উফিৰ সমস্যাৰ পৰিত্ৰাণ পাব।

২. নেমুৰ ৰসঃ-ইয়াৰ বাবে সতেজ নেমুৰ ৰস উলিয়াই মূৰৰ ছালত ভালদৰে লগাব লাগে। তাৰ পাছত আপুনি ৫-১০ মিনিটমান হাতেৰে মালিচ কৰিব। ইয়াৰ ফলত আপোনাৰ মূৰৰ ছালৰ পি এইচ লেভেল উন্নত হ’ব আৰু যিয়ে আপোনাৰ উফি হ্ৰাস কৰাত সহায় কৰিব।

৩. চাহ গছৰ তেলঃ-ইয়াৰ বাবে চাহ গছৰ তেল কেইটোপালমান নাৰিকল তেল আৰু অলিভ অইলৰ লগত মিহলাই লওক। তাৰ পাছত চুলিৰ গুৰিত লগাই ভালদৰে মালিচ কৰিব। চাহ গছৰ তেলত এন্টিফাংগেল গুণ থাকে যিয়ে চুলিৰ পৰা উফি নাইকিয়া কৰে।

৪. এলোভেৰাঃ-সতেজ এলোভেৰা জেল মূৰৰ ছালত লগাই প্ৰায় ৩০ মিনিটমান ৰাখিব। ইয়াৰ পিছত নিয়মীয়া শ্বেম্পুৰে ধুই পৰিষ্কাৰ কৰক। এলোভেৰাৰ মইশ্ব’ৰাইজিং গুণ আছে যিয়ে মূৰৰ ছালৰ শুকানতা আৰু উফি আঁতৰোৱাত সহায় কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ