--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বাৰিষাৰ সময়ত চুলিবোৰ আঠাযুক্ত আৰু তেলীয়া হৈ পৰে, যাৰ বাবে উফিৰ প্ৰধান কাৰণ হৈ পৰে। উফি এনেকুৱা এটা সমস্যা যিয়ে চুলিক দুৰ্বল কৰি তোলে। আনহাতে যদি চুলিত উফি অধিক হয়, তেন্তে ইয়াৰ ফলত মূৰৰ ছালত সংক্ৰমণ বা ঘাঁ হোৱাৰ সমস্যাও হয়। সেয়েহে যদি আৰম্ভণিতে চুলিৰ যত্ন লোৱা হয়, তেনেহ’লে ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰি, গতিকে আহক আমি উফিৰ পৰা পৰিত্ৰাণ পাবলৈ ঘৰুৱা উপায়বোৰ জানি লওঁ।

উফি ঘৰুৱা প্ৰতিকাৰ-

১. এপল চাইডাৰ ভিনেগাৰঃ-ইয়াৰ বাবে সমান পৰিমাণৰ পানী আৰু আপেল চাইডাৰ ভিনেগাৰ মিহলাই লওক। তাৰ পাছত আপুনি প্ৰথমে চেম্পুৰে চুলিখিনি ভালদৰে ধুব। তাৰ পাছত এই মিশ্ৰণটো আপোনাৰ চুলিত দি কেইমিনিটমান ৰাখি চুলিখিনি ধুই পেলাব। ইয়াৰ ফলত আপোনাৰ মূৰৰ ছালৰ পি এইচ লেভেল অটুট থকাৰ লগতে উফিৰ সমস্যাৰ পৰিত্ৰাণ পাব।

২. নেমুৰ ৰসঃ-ইয়াৰ বাবে সতেজ নেমুৰ ৰস উলিয়াই মূৰৰ ছালত ভালদৰে লগাব লাগে। তাৰ পাছত আপুনি ৫-১০ মিনিটমান হাতেৰে মালিচ কৰিব। ইয়াৰ ফলত আপোনাৰ মূৰৰ ছালৰ পি এইচ লেভেল উন্নত হ’ব আৰু যিয়ে আপোনাৰ উফি হ্ৰাস কৰাত সহায় কৰিব।

৩. চাহ গছৰ তেলঃ-ইয়াৰ বাবে চাহ গছৰ তেল কেইটোপালমান নাৰিকল তেল আৰু অলিভ অইলৰ লগত মিহলাই লওক। তাৰ পাছত চুলিৰ গুৰিত লগাই ভালদৰে মালিচ কৰিব। চাহ গছৰ তেলত এন্টিফাংগেল গুণ থাকে যিয়ে চুলিৰ পৰা উফি নাইকিয়া কৰে।

৪. এলোভেৰাঃ-সতেজ এলোভেৰা জেল মূৰৰ ছালত লগাই প্ৰায় ৩০ মিনিটমান ৰাখিব। ইয়াৰ পিছত নিয়মীয়া শ্বেম্পুৰে ধুই পৰিষ্কাৰ কৰক। এলোভেৰাৰ মইশ্ব’ৰাইজিং গুণ আছে যিয়ে মূৰৰ ছালৰ শুকানতা আৰু উফি আঁতৰোৱাত সহায় কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন