--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভূমি এডোখৰৰ মধ্যস্থানক ব্ৰহ্মস্থান বুলি কোৱা হয়। এই ব্ৰহ্মস্থান অতি উত্তম স্থান। এই ব্ৰহ্মস্থান বাস্তু পুৰুষৰ নাভিস্থলৰ চাৰিওদিশে অৱস্থান কৰে। এই ব্ৰহ্মস্থান সেয়ে চিহ্নিত কৰি লোৱাটো উচিত। 

ব্ৰহ্মস্থান যাতে কোনো পৰিস্থিতিতে ক্ষতিগ্রস্ত নহয়, সেই কথাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে । চিত্ৰত ভূমি এডোখৰৰ ব্ৰহ্মস্থানৰ অৱস্থান চিহ্নিত কৰা হৈছে। কাৰ্যালয় আদিত ব্ৰহ্মা স্থানত সৰু মন্দিৰ স্থাপন কৰিব পাৰি। ব্ৰহ্মস্থান সদায় পৰিষ্কাৰে ৰখাৰ লগতে ফুল, গছ আদিৰে সজাই ৰাখিব পাৰিলে ভাল।

 ব্ৰহ্মস্থানৰ সুন্দৰ পৰিচৰ্যাৰ জৰিয়তে সুখ-শান্তি তথ্য সম্পদ বৃদ্ধি পায়। ব্ৰহ্মস্থানত কোনোধৰণৰ গাঁত আদি খান্দিব নালাগে অথবা তেনে স্থানত মলিয়ন বস্তু, জোতা- চেণ্ডেল আদি ৰাখিব নালাগে । ঘৰ সাজোতে ব্ৰহ্মস্থান সদায় চিহ্নিত কৰি ল'ব লাগে আৰু সেই মতে ব্রহ্মস্থান নিকা কৰি ৰাখিব লাগে । 

ব্ৰহ্মস্থান ঢাকি ৰখাৰ সলনি মুকলিকৈ ৰাখিব পাৰিলে ভাল ৷ব্ৰহ্মস্থান এনেভাৱে মুকলি কৰি ৰাখিব লাগে যাতে প্রয়োজন অনুসৰি সেই স্থানত বিভিন্ন পূজা-পার্বণ, উৎসৱ আদি পাতিব পাৰি। ব্ৰহ্মস্থানত জাবৰ পেলোৱা, কুঁৱা, স্তম্ভ, পিলাৰ আদি নিৰ্মাণ কৰা অনুচিত । সৰু ঘৰৰ ক্ষেত্ৰত ব্ৰহ্মস্থান মুকলিকৈ নাৰাখিলেও কোনো কথা নাই। সৰু ঘৰৰ ক্ষেত্ৰত ব্ৰহ্মস্থানত শোৱনি কোঠা স্থাপন কৰিব পাৰি। 

অৱশ্যে কোঠাৰ মাজ অংশত কোনোধৰণৰ বস্তু ৰাখিব নালাগে ৷ ডাঙৰ ফ্লেট আদিত ব্ৰহ্মস্থান মুকলিকৈ ৰাখিব লাগে। কল-কাৰখানা আদিৰ ক্ষেত্ৰত ব্ৰহ্মস্থানত কোনোধৰণৰ অত্যধিক ওজনৰ বস্তু ৰাখিব নালাগে। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ