--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এএম টেলিভিছনৰ বিশাল আয়োজন। প্ৰতিটো বৰ্ষৰ দৰে এই বৰ্ষতো অনুষ্ঠিত কৰা হ’ব ‘প্ৰাগ চিনে এৱাৰ্ডছ’। বৰাক-ব্ৰহ্মপুত্ৰৰ মাজত সমন্বয় গঢ়াৰ হেতুকে এই বৰ্ষত বৰাকভেলীত আয়োজন কৰা হৈছে এই অনুষ্ঠানৰ। এই সন্দৰ্ভত আজি ‘প্ৰাগ টাৱাৰ’ত এক সংবাদমেলৰ আয়োজন কৰা হয়। সংবাদমেলখনত ‘প্ৰাগ নিউজ’ৰ মুখ্য পৰিচালন সঞ্চালক ড০ সঞ্জীৱ নাৰায়ণ, অধ্যক্ষ ডাঃ অক্ষতা নাৰায়ণ, ‘প্ৰাগ নিউজ’ৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰু, ‘প্ৰাগ ডিজিটেল’ৰ সম্পাদক জিতুমণি বৰা, ‘প্ৰাগ চিনে এৱাৰ্ডছ’ৰ জন্মদাতা কৌশিক নাথ, জ্যেষ্ঠ অভিনেতা নিপন গোস্বামী, বিশিষ্ট ছবি পৰিচালক তথা ‘প্ৰাগ চিনে এৱাৰ্ডছ’ৰ সভাপতি সঞ্জীৱ হাজৰিকা, পৰিচালক নয়ন প্ৰসাদ প্ৰমুখ্যে বহুতো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বৰাক-ব্ৰহ্মপুত্ৰৰ মাজত সমন্বয় গঢ়াৰ হেতুকে এএম টেলিভিছনৰ এই বিশাল আয়োজন। ২০২২ বৰ্ষত ‘প্ৰাগ চিনে এৱাৰ্ডছ’ অনুষ্ঠিত কৰা হ'ব শিলচৰত। ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এদিনীয়াকৈ অৰ্থাৎ ২৬ মাৰ্চত অনুষ্ঠিত কৰা হ’ব ‘প্ৰাগ চিনে এৱাৰ্ডছ’। জীৱনজোৰা সাধনা বঁটা আগবঢ়োৱা হ’ব খ্যাতনামা অভিনেত্ৰী মলয়া গোস্বামীলৈ। বঙালী চিনেমাৰ আগশাৰীৰ প্ৰথিতযশা অভিনেতা প্ৰসেনজিৎলৈ ‘পূৰ্বোত্তৰ চলচ্চিত্ৰ বঁটা’ আগবঢ়োৱা হ’ব। ‘গ্লোবেল আইকন এৱাৰ্ডছ’ বলীউডৰ অভিনেত্ৰী, অসম সন্তান সীমা বিশ্বাসলৈ। বলীউডৰ লগতে বেংগলৰ বহু শিল্পীয়ে পৰিৱেশন কৰিব বৰ্ণাঢ্য অনুষ্ঠান। ২০২১-২০২২ বৰ্ষত মুক্তি পোৱা ৩৯খন অসমীয়া ছবিয়ে বিভিন্ন শিতানত লাভ কৰিছে মনোনয়নৰ, লগতে-উত্তৰ পূবৰ বিভিন্ন ভাষাৰ ছবিয়েও শ্ৰেষ্ঠতাৰ ভিত্তিত লাভ কৰিব বঁটা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক