--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এএম টেলিভিছনৰ বিশাল আয়োজন। প্ৰতিটো বৰ্ষৰ দৰে এই বৰ্ষতো অনুষ্ঠিত কৰা হ’ব ‘প্ৰাগ চিনে এৱাৰ্ডছ’। বৰাক-ব্ৰহ্মপুত্ৰৰ মাজত সমন্বয় গঢ়াৰ হেতুকে এই বৰ্ষত বৰাকভেলীত আয়োজন কৰা হৈছে এই অনুষ্ঠানৰ। এই সন্দৰ্ভত আজি ‘প্ৰাগ টাৱাৰ’ত এক সংবাদমেলৰ আয়োজন কৰা হয়। সংবাদমেলখনত ‘প্ৰাগ নিউজ’ৰ মুখ্য পৰিচালন সঞ্চালক ড০ সঞ্জীৱ নাৰায়ণ, অধ্যক্ষ ডাঃ অক্ষতা নাৰায়ণ, ‘প্ৰাগ নিউজ’ৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰু, ‘প্ৰাগ ডিজিটেল’ৰ সম্পাদক জিতুমণি বৰা, ‘প্ৰাগ চিনে এৱাৰ্ডছ’ৰ জন্মদাতা কৌশিক নাথ, জ্যেষ্ঠ অভিনেতা নিপন গোস্বামী, বিশিষ্ট ছবি পৰিচালক তথা ‘প্ৰাগ চিনে এৱাৰ্ডছ’ৰ সভাপতি সঞ্জীৱ হাজৰিকা, পৰিচালক নয়ন প্ৰসাদ প্ৰমুখ্যে বহুতো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বৰাক-ব্ৰহ্মপুত্ৰৰ মাজত সমন্বয় গঢ়াৰ হেতুকে এএম টেলিভিছনৰ এই বিশাল আয়োজন। ২০২২ বৰ্ষত ‘প্ৰাগ চিনে এৱাৰ্ডছ’ অনুষ্ঠিত কৰা হ'ব শিলচৰত। ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এদিনীয়াকৈ অৰ্থাৎ ২৬ মাৰ্চত অনুষ্ঠিত কৰা হ’ব ‘প্ৰাগ চিনে এৱাৰ্ডছ’। জীৱনজোৰা সাধনা বঁটা আগবঢ়োৱা হ’ব খ্যাতনামা অভিনেত্ৰী মলয়া গোস্বামীলৈ। বঙালী চিনেমাৰ আগশাৰীৰ প্ৰথিতযশা অভিনেতা প্ৰসেনজিৎলৈ ‘পূৰ্বোত্তৰ চলচ্চিত্ৰ বঁটা’ আগবঢ়োৱা হ’ব। ‘গ্লোবেল আইকন এৱাৰ্ডছ’ বলীউডৰ অভিনেত্ৰী, অসম সন্তান সীমা বিশ্বাসলৈ। বলীউডৰ লগতে বেংগলৰ বহু শিল্পীয়ে পৰিৱেশন কৰিব বৰ্ণাঢ্য অনুষ্ঠান। ২০২১-২০২২ বৰ্ষত মুক্তি পোৱা ৩৯খন অসমীয়া ছবিয়ে বিভিন্ন শিতানত লাভ কৰিছে মনোনয়নৰ, লগতে-উত্তৰ পূবৰ বিভিন্ন ভাষাৰ ছবিয়েও শ্ৰেষ্ঠতাৰ ভিত্তিত লাভ কৰিব বঁটা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য