--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ‘কাচা বাদাম’খ্যাত ভুবন বাদ্যকাৰৰ বিষয়ে আপুনি নিশ্চয় অৱগত৷ সম্ভৱতঃ ভুবন বাদ্যকাৰৰ বিখ্যাত ‘কাচা বাদাম’ শীৰ্ষক গীতটোও আপুনি ইতিমধ্যে শুনিছে৷ পিছে, এতিয়া আহিছে এটি নতুন খবৰ৷ ভুবন বাদ্যকাৰৰ কোনো নতুন গান অথবা ভিডিঅ’ৰ বিষয়ে নহয় এই খবৰ৷ যেতিয়া এগৰাকী ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীয়ে বাদ্যকাৰৰ গানৰ ভিডিঅ’ ৰেকৰ্ডিং কৰি তেওঁৰ একাউণ্টত পোষ্ট কৰিছিল। ভিডিঅ’টো প্ৰথমে ছ'চিয়েল মিডিয়াত জনপ্ৰিয় হৈছিল, কিন্তু যেতিয়া বাদ্যকাৰে দুগৰাকী বঙালী ৰেপাৰৰ সৈতে লগ লাগি ইউটিউবত মিলিয়ন ‘ভিউজ’ লাভ কৰা এটা অফিচিয়েল ভিডিঅ’ নিৰ্মাণ কৰে, তেতিয়াই চৰ্চালৈ আহে ভুবন বাদ্যকাৰ আৰু তেওঁৰ বিখ্যাত ‘কাচা বাদাম’৷ ইতিমধ্যে, এইগৰাকী ভুবন বাদ্যকাৰ এতিয়া ৫টা ষ্টাৰ কেফে আৰু বহুতো অনুষ্ঠানৰ সৈতে এগৰাকী চেলিব্ৰিটীৰ শাৰীলৈ উন্নীত হৈছে। তেওঁৰ দুৰ্ঘটনাৰ খবৰেই হওক বা আৰু বাদাম বিক্ৰী নকৰাৰ বিবৃতিয়ে হওক, মুঠতে ভুবন বাদ্যকাৰৰ শেহতীয়া প্ৰতিটো ঘটনাই লাভ কৰি আহিছে ব্যাপক চৰ্চা৷ অলপতে ভুবন বাদ্যকাৰে নিজকে এগৰাকী চেলিব্ৰেটী বুলি দাবী কৰি আৰু বাদাম বিক্ৰী কৰাৰ কোনো প্ৰয়োজন নাই মন্তব্য কৰিছিল৷ উল্লেখ কৰিছিল। পশ্চিম বংগস্থিত গায়কগৰাকীৰ এই মন্তব্যই আনকি প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছিল৷ খবৰ অনুসৰি, ভুবন বাদ্যকাৰে এতিয়া তেওঁৰ ‘চেলিব্ৰিটী’ মন্তব্যৰ বাবে ক্ষমা বিচাৰিছে আৰু প্ৰয়োজন হ’লে পুনৰ বাদাম বিক্ৰী কৰিব বুলি কৈ তেওঁ পুনৰ পূৰ্বৰ স্থিতিলৈ ঘূৰি যাবলৈ বিচাৰিছে৷ চেলিব্ৰিটী বুলি আখ্যা দিয়াত ভুবন বাদ্যকাৰে লজ্জা অনুভৱ কৰি পুনৰ বাদাম ব্যৱসায়লৈ ঘূৰি যাবলৈ মন মেলিছে বুলি জানিব পৰা গৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু