--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ‘কাচা বাদাম’খ্যাত ভুবন বাদ্যকাৰৰ বিষয়ে আপুনি নিশ্চয় অৱগত৷ সম্ভৱতঃ ভুবন বাদ্যকাৰৰ বিখ্যাত ‘কাচা বাদাম’ শীৰ্ষক গীতটোও আপুনি ইতিমধ্যে শুনিছে৷ পিছে, এতিয়া আহিছে এটি নতুন খবৰ৷ ভুবন বাদ্যকাৰৰ কোনো নতুন গান অথবা ভিডিঅ’ৰ বিষয়ে নহয় এই খবৰ৷ যেতিয়া এগৰাকী ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীয়ে বাদ্যকাৰৰ গানৰ ভিডিঅ’ ৰেকৰ্ডিং কৰি তেওঁৰ একাউণ্টত পোষ্ট কৰিছিল। ভিডিঅ’টো প্ৰথমে ছ'চিয়েল মিডিয়াত জনপ্ৰিয় হৈছিল, কিন্তু যেতিয়া বাদ্যকাৰে দুগৰাকী বঙালী ৰেপাৰৰ সৈতে লগ লাগি ইউটিউবত মিলিয়ন ‘ভিউজ’ লাভ কৰা এটা অফিচিয়েল ভিডিঅ’ নিৰ্মাণ কৰে, তেতিয়াই চৰ্চালৈ আহে ভুবন বাদ্যকাৰ আৰু তেওঁৰ বিখ্যাত ‘কাচা বাদাম’৷ ইতিমধ্যে, এইগৰাকী ভুবন বাদ্যকাৰ এতিয়া ৫টা ষ্টাৰ কেফে আৰু বহুতো অনুষ্ঠানৰ সৈতে এগৰাকী চেলিব্ৰিটীৰ শাৰীলৈ উন্নীত হৈছে। তেওঁৰ দুৰ্ঘটনাৰ খবৰেই হওক বা আৰু বাদাম বিক্ৰী নকৰাৰ বিবৃতিয়ে হওক, মুঠতে ভুবন বাদ্যকাৰৰ শেহতীয়া প্ৰতিটো ঘটনাই লাভ কৰি আহিছে ব্যাপক চৰ্চা৷ অলপতে ভুবন বাদ্যকাৰে নিজকে এগৰাকী চেলিব্ৰেটী বুলি দাবী কৰি আৰু বাদাম বিক্ৰী কৰাৰ কোনো প্ৰয়োজন নাই মন্তব্য কৰিছিল৷ উল্লেখ কৰিছিল। পশ্চিম বংগস্থিত গায়কগৰাকীৰ এই মন্তব্যই আনকি প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছিল৷ খবৰ অনুসৰি, ভুবন বাদ্যকাৰে এতিয়া তেওঁৰ ‘চেলিব্ৰিটী’ মন্তব্যৰ বাবে ক্ষমা বিচাৰিছে আৰু প্ৰয়োজন হ’লে পুনৰ বাদাম বিক্ৰী কৰিব বুলি কৈ তেওঁ পুনৰ পূৰ্বৰ স্থিতিলৈ ঘূৰি যাবলৈ বিচাৰিছে৷ চেলিব্ৰিটী বুলি আখ্যা দিয়াত ভুবন বাদ্যকাৰে লজ্জা অনুভৱ কৰি পুনৰ বাদাম ব্যৱসায়লৈ ঘূৰি যাবলৈ মন মেলিছে বুলি জানিব পৰা গৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক